নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে দাখিল কৰা ২৪৩ আৱেদন একত্ৰ কৰি উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ, আকৌ বিচাৰৰ কাঠগড়াত 'কা'

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক: দীর্ঘদিনৰ বিৰতিৰ অন্তত কালি উচ্চতম ন্যায়ালয়ে বহু বিতর্কিত নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ (কা)ৰ শুনানি গ্রহণ কৰে। বিশেষভাৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা আইনখনৰ সন্দৰ্ভত দাখিল হোৱা ২৪৩খন আৱেদনৰ শুনানি একত্রিতভাৱে গ্ৰহণ কৰি কালি আদালতে অসম আৰু ত্ৰিপুৰাৰ বাবে পৰৱৰ্তী শুনানিত সুকীয়া সময় ধাৰ্য কৰাৰ লগতে অহা ৫ মে'ৰ পৰা ধাৰাবাহিক শুনানি গ্রহণ কৰা হ'ব বুলি ঘোষণা কৰে। 

উল্লেখযোগ্য যে সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলীৰ আদালতে নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ (কা)ৰ সাংবিধানিক বৈধতাক প্রত্যাহান জনোৱা আৱেদনৰ শুনানি গ্রহণ কৰি বিষয়টোৰ শুনানিৰ সময় দুটা ভাগত বিভক্ত কৰা হ'ব বুলি উল্লেখ কৰে। যিহেতু অসম আৰু ত্ৰিপুৰাৰ বিষয়বোৰৰ আন ৰাজ্যতকৈ সুকীয়া সেয়েহে এই দুখন ৰাজ্যৰ বাবে শুনানি কালত সুকীয়া সময় ধার্য কৰা হ'ব বুলি ন্যায়ালয়ে প্রকাশ কৰে। 

কালি আদালতে শুনানিৰ বাবে এক নির্দিষ্ট সময়সূচীও প্রস্তুত কৰে। সেই অনুসৰি আৱেদনকাৰীসকলৰ যুক্তি প্ৰদৰ্শনৰ বাবে ৫ আৰু ৬ মে'ৰ দিনটো ধাৰ্য কৰা হৈছে। ইয়াৰ পাছত ৭ মে'ত উত্তৰদাতা পক্ষই নিজৰ যুক্তি প্রদর্শন কৰিব আৰু ১২ মে'ত সমগ্র বিষয়টোৰ ওপৰত উত্তৰ দাখিল কৰ হ'ব। ইতিমধ্যে নিযুক্তি দিয়া ন'ডেল কাউঞ্চেলসকলক আৱেদনসমূহ সঠিকভাৱে তালিকাভুক্ত কৰিবলৈ দুসপ্তাহ সময় দি আদালতে অহা ৫ মে'ৰ পৰা ধাৰাবাহিকভাৱে গোচৰৰ শুনানি আৰম্ভ হ'ব বুলি স্পষ্ট কৰি দিয়ে। 

উল্লেখযোগ্য যে কালিৰ শুনানিকালত আছু আৰু নেছ'ৰ অধিবক্তাগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত ইনাৰ লাইন পার্মিট থকা অঞ্চল আৰু ষষ্ঠ অনুসূচীৰ এলেকাধীন অঞ্চলসমূহক ইতিমধ্যে 'কা'ৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। আনহাতে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে অসমৰ বাবে নাগৰিকত্ব আইনৰ ৬ (ক) ধাৰা বাহাল ৰাখিছে। গতিকে অসমৰ প্রেক্ষাপট সুকীয়া। 

শুনানিৰ সময়ত আদালতৰ কক্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু আছু-নেছ'ৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যও উপস্থিত আছিল। পাছত সাংবাদিকৰ আগত ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে 'কা' জাপি দি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি চূড়ান্ত অন্যায় কৰা হৈছে। ইনাৰ লাইন পার্মিট থকা অঞ্চল আৰু ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত অঞ্চলৰ বাবে যদি 'কা' বেয়া তেন্তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন অঞ্চলৰ বাবেও 'কা' বেয়া। 

অসমৰ ৩৫খন জিলাৰ ভিতৰত ৮খন জিলাক 'কা'ৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে, বাকী ২৭খন জিলাত 'কা' প্রযোজ্য হৈ আছে। সমগ্র অসমক 'কা'ৰ আওতাৰ পৰা বাহিৰত ৰাখিবই লাগিব। উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক ন্যায় প্রদান কৰিব বুলি ছাত্ৰ সন্থাৰ নেতৃত্বই আশা প্রকাশ কৰিছে। ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয় যে অহা পাঁচ আৰু ছয় মে'ত গুচৰীয়া পক্ষৰ যুক্তি আদালতে শুনিব। এই দুটা দিন আমাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। 

আদালতে অসমৰ আৱেদনসমূহক সুকীয়া দৃষ্টিৰে চাইছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমৰ লগতে ত্ৰিপুৰাৰ পৰিস্থিতি যিহেতু সুকীয়া গতিকে ৰাজ্য দুখনে ন্যায় লাভ কৰিব বুলি আমি আশা প্রকাশ কৰিছোঁ। অসম চুক্তি আৰু এন আৰ চিৰ বাবেই আদালতে অসমক গুৰুত্ব দিছে বুলিও কয় চাংমায়ে। 

প্রণিধানযোগ্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত কা গৃহীত হোৱাৰ পাছতে দেশজুৰি প্রতিবাদৰ সৃষ্টি হৈছিল। এই আইনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ অহা অ-মুছলমান শৰণাৰ্থীসকলক নাগৰিকত্ব প্রদানৰ সুবিধা দিয়ে। ২০১৯ চনতে এই আইন গৃহীত কৰিলেও কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ মাৰ্চ মাহতহে ইয়াৰ নিয়মাৱলী ঘোষণা কৰে। ইফালে এই আইনৰ বিৰোধিতাতে দুই শতাধিক আৱেদন দাখিল হ'লেও আদালতে কিন্তু আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ অন্তৰ্ৱর্তীকালীন স্থগিতাদেশ প্রদান কৰা নাছিল। যাৰ বাবে এই আইনৰ অধীনত বিগত সময়ত বহুসংখ্যক লোকে নাগৰিকত্বও লাভ কৰিছে। এনে পৰিস্থিতিত এতিয়া অহা মে' মাহত হ'বলগীয়া শুনানিত আদলতে কি ৰায় প্ৰদান কৰে সেয়াহে হ'ব লক্ষণীয়।

Share This