গেলেকীত বাঢ়িছে কেঞ্চাৰ ৰোগী

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : গেলেকী বুলিলেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে চিনাকি নাম গেলেকী তৈলক্ষেত্র হিচাপে। ১৯৬৮ চনৰেপৰা তেল আৰু প্রাকৃতিক গেছ নিগমে অন্বেষণ, খনন আৰু উৎপাদন সাধন কৰি খাৰুৱা তেলৰ এক বহুল উৎপাদন অ'এন জি চিৰ অসম সম্পদৰ হৈ আহৰণ কৰি আহিছে গেলেকীৰপৰা। 

সম্প্রতি শিৱসাগৰ জিলাৰ এক অদ্বিতীয় অঞ্চল হিচাপে অ' এন জি চিক লৈ গৌৰৱ কৰি অহা অঞ্চলটোৰ জনজীৱনলৈকে খোদ অ'এন জি চিয়ে নমাই আনিছে কাল অমানিশাৰ আতংক। সত্তৰৰ দশকৰপৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উৎকৃষ্ট প্রয়োগ আৰু নৈগমিক নাগৰিকতাক সু-উচ্চ আৰু প্রশংসিত স্তৰলৈ উন্নীত কৰাৰ প্ৰয়াসত অগ্ৰসৰ হোৱা বুলি চিনাকি দিয়া অ'এন জি চিৰ উৎকৰ্ষৰ গৰিমা কালি নাগৰিকে দেখা নোপোৱাটো পৰিতাপৰ বিষয় হৈ পৰিছে। 

কালি পর্যন্ত যোৱা নটাকৈ দিন ধৰি ভূগৰ্ভৰপৰা তৈল গোন্ধযুক্ত গেছ নির্গমন ঘটি থকা অৱস্থাত অ' এন জি চিয়ে কাষৰীয়া এলেকাত বিষ্ণুপুৰ আদৰ্শ গাঁৱৰ ৰাইজক ঘৰৰ ভিতৰত জুই ধৰা বা খাদ্য ৰান্ধি খোৱা কামৰ পৰা বিৰত ৰাখিছে। বিশিষ্ট চাহ খেতিয়ক তথা 'গ্রীন টী' উৎপাদনৰ উদ্যোগ পৰিচালনাৰে অগ্ৰসৰ হোৱা ব্যৱসায়ী বসন্ত দুৱৰাৰ ব্ৰয়লাৰ ফাৰ্মত ভূমিৰপৰা প্রথমে চকুত লগাকৈ গেছৰ বুদ্বুদ বাহিৰ হোৱা ঘটনাৰ পাছতেই বিষয়টো অ'এন জি চিৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰা হয়। অ' এন জি চিয়ে বিভাগীয়ভাৱে নির্মাণ আৰু তত্ত্বাৱধান বিভাগৰ (CNM) পৰা গেছ ওলোৱা স্থানত পর্যবেক্ষণ আৰু নিয়ন্ত্ৰণৰ প্রচেষ্টা চলায় যদিও 'দৈনিক জনমভূমি'ৰ হৈ আজি দুপৰীয়া সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ কোনো নিয়ন্ত্রণ হোৱা দেখা পোৱা নগ'ল। 

ইফালে বিষ্ণুপুৰ, কলীয়াপানী, গোবিন্দপুৰ নামঘৰ, স্থানীয় শ্রীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দমকল আদিত গেছৰ প্ৰাদুৰ্ভাৱ ঘটাৰ লগতে একেদৰেই ভূগৰ্ভৰপৰা গেছৰ নিৰ্গমন আৰম্ভ হৈছে। স্থানীয় গাঁওবাসী ৰাইজে 'দৈনিক জনমভূমি'ক জনোৱা মতে, তেওঁলোকে শৰীৰত খজুৱতী আৰু পোৰণি অনুভৱ কৰিবলৈ ধৰিছে। চকুত জ্বলন-পোৰণো ৰাইজে অনুভৱ কৰাৰ বিপৰীতে অ'এন জি চিৰ এই ক্ষেত্ৰত জনসাধাৰণৰ প্ৰতি কোনো স্বাস্থ্যসন্মত তৎপৰতা পৰিলক্ষিত হোৱা নাই। গাঁৱৰ ৰাইজে ক্ষোভেৰে আঙুলিয়াই দিব বিচাৰে যে বিগত ৫৮ টা বছৰে গেলেকীৰ থলুৱা ৰাইজৰ কৃষিভূমি আৰু আবাসভূমিত শ শ তৈলকূপ প্রতিষ্ঠা কৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে গেলেকীৰপৰা খাৰুৱা তেল আহৰণ কৰি ঠিকেই নিলে। কিন্তু তেল খননৰ প্ৰভাৱত পৰিৱেশৰপৰা কৃষিজাত সম্পদ, আপুৰুগীয়া মুগা পালন, পোহনীয়া জীৱ-জন্তুৰ বিস্তৰ ক্ষতি কিম্বা বিলুপ্ত কৰিও থলুৱা লোকৰ দুৱাৰমুখত হোৱা তেল নিৰ্গমনৰ ঘটনাৰ সময়ত উপযুক্ত চিকিৎসাৰ বাবেও কোনোধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰাত হেমাহি প্ৰদৰ্শন কৰিছে অ' এন জি চিয়ে। স্থানীয় আবাসী ভৱেন ৰয়, মাণিক দুৱৰা, নীলকান্ত চুতীয়া আদিয়ে দিন হাজিৰা কৰিবলৈ ঘৰৰপৰা ওলাই যাব নোৱাৰাত পৰিয়ালৰ বাবে জীৱিকা উপার্জন স্থবিৰ হৈ পৰা বুলি প্ৰকাশ কৰিছে। হঠাৎ অগ্নিকাণ্ড হোৱাৰ আশংকাত জনসাধাৰণক কোনো জুই ধৰাৰ পৰা বিৰত ৰাখিছে। খাদ্য ৰন্ধনৰপৰা বিৰত থকা স্থানীয় আবাসীসকলৰ বাবে অ' এন জি চিৰ কৰ্তৃপক্ষই খাদ্যৰ টোপোলা কঢ়িয়াই আনিছে যদিও স্থানীয় জনসাধাৰণৰ সংখ্যাৰ তুলনাত সেয়া যথেষ্ট কম বুলি অভিযোগ উঠিছে। 

'দৈনিক জনমভূমি'ৰ হৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বেলিকা বসন্ত দুৱৰাৰ ব্ৰয়লাৰ ফাৰ্মখনৰ স্থানৰ লগতে কাষৰ পুৰণি তৈলকূপৰ স্থানডোখৰত অ' এন জি চিৰ দ্বাৰা ভগা ইটাৰে যান-বাহন আহ-যাহৰ ব্যৱস্থা কৰা আৰু অ' এন জি চিৰ ৰসায়ন বিভাগৰ বিষয়াই নমুনা সংগ্ৰহ কৰাৰ কৰ্তব্যত নিয়োজিত হৈ থকা দেখা পোৱা গ'ল। ভূগৰ্ভৰপৰা পৰা সশব্দে বাহিৰ হৈ ৰোৱা গেছ আৰু বোকাময় ঘেল জাতীয় পদাৰ্থৰ এই নমুনা সংগ্ৰহ কৰি বিভাগীয় পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰি আহিছে ৰসায়ন বিভাগৰ বিষয়া সকলে। সংবাদ মাধ্যমৰ হৈ কম সময়ৰ বাবে হোৱা কথা-বাৰ্তাত ৰসায়ন বিভাগৰ বিষয়া শ্রী সন্তোষে এই পর্যন্ত সকলোবোৰ নমুনা পৰ্যবেক্ষণৰ প্ৰক্ৰিয়াৰ ভিতৰুৱা হৈ ৰোৱা বুলি কয়। সেয়েহে এই পর্যন্ত পোহৰলৈ অহা নাই প্রকৃততে এই তৈল গোন্ধযুক্ত গেছৰ উৎস কি আৰু বোকাময় ঘেল বাহিৰ হোৱা অৱস্থাত সেয়া স্বতঃস্ফূৰ্ত প্ৰকৃতিৰ বুকুৰ পৰা উদগিৰণ হোৱা নে অ'এন জি চিৰ অনেক তেল আৰু গেছৰ পাইপ লাইন ভূ-গৰ্ভত ধ্বংস হৈ বাহিৰলৈ উচ্চ চাপত ওলাই আহিব খোজা ঘটনাৰ পৰিণতি? জনসাধাৰণৰ সমুখত 'মেকিং টুমৰ' ব্রাইটাৰ' থীম লৈ দেশৰ শক্তি উৎপাদনৰ বাটকটীয়া হিচাপে থকা অ' এন জি চিৰ সম্প্ৰতি ইয়াৰ প্ৰশাসনকে ধৰি ব্যৱস্থাপনা দুৰ্বল হৈ পৰাটো স্বাভাৱিক ঘটনা হৈ পৰিছে। এনে অৱস্থাৰ মাজেৰেই আগবঢ়া বিপজ্জনক গেছ নির্গমন ৰোধৰ প্ৰয়াসত কোনো বলিষ্ঠ কাৰিকৰী পদক্ষেপ পৰিলক্ষিত হোৱা নাই। আনহাতে, এই ভূ-গৰ্ভৰ পৰা জনসাধাৰণে আহৰণ কৰা খোৱা পানীৰ ওপৰত সচেতন নাগৰিক সকলে প্রশ্ন তুলিছে। বিপজ্জনক গেছ নির্গমন ঘটাৰ অৱস্থাত মানুহ আৰু জীৱকুলৰ বাবে কিমান দূৰ সুৰক্ষিত হৈ আছে গেলেকীৰ ভূ-গৰ্ভৰ পানী। 

জনসাধাৰণে জানিবলৈ দিয়া মতে, সমগ্র গেলেকী এলেকাত অধিক হাৰত বৃদ্ধি হৈছে কেঞ্চাৰ ৰোগীৰ সংখ্যা। সক্ৰিয় আৰু নিষ্ক্রিয় শ শ তৈলকূপেৰে ভৰি ৰোৱা আৰু মাটিৰ তলেৰে তেল আৰু গেছৰ প্ৰৱাহ ঘটাই থকা অসংখ্য পাইপলাইনৰ ওচৰে-পাঁজৰে ৰাইজে অভিযোগ কৰা মতে, তীব্র গোন্ধ বতাহত এৰি দিয়াৰ লগতে গেলেকীৰ আঠখেলকে ধৰি বিস্তৃত এলেকাত বহুজন লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে নহ'লে আক্রান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছে। সচেতন নাগৰিকে এই ক্ষেত্রত সক্রিয় হৈ উঠিবলৈ অ' এন জি চি আৰু শিৱসাগৰ জিলা প্রশাসনক দাবী জনাইছে।

Share This