ইলাচীৰ আছে বহু ঔষধি গুণ ! ওজন হ্ৰাস কৰাত সহায় কৰে ই

Jyoti Borah September 06, 2023

ডিজিটেল ডেস্কঃ ইলাচী ভাৰতৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে পাকঘৰত থাকে৷ সাধাৰণতে খাদ্য সামগ্ৰী সুস্বাদু কৰিবলৈ আৰু সুগন্ধি বৃদ্ধি কৰিবলৈ ইলাচী ব্যৱহাৰ কৰা হয়৷ ভালেমান লোকে মুখৰ দুৰ্গন্ধ আঁতৰাবলৈও ইলাচী ব্যৱহাৰ কৰে৷ কিন্তু ইলাচী যে স্বাস্থ্যৰ বাবেও উপকাৰী সেই কথা বহুতে নাজানে৷ 

ইলাচীৰ ভালেমান ঔষধি গুণ আছে, যি ভালেমান ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে৷ ইলাচীত থকা কেলচিয়াম, ফাইবাৰ, পটাছিয়াম, মেগনেচিয়াম আৰু এণ্টিঅক্সিডেণ্টে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ নিতৌ এটাকৈ ইলাচী খালে ওজন হ্ৰাস কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ ইলাচীয়ে ভোক কমায়৷ ইয়াৰ ফলত অতিৰিক্ত খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰি৷ নিতৌ এটাকৈ ইলাচী খালে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিও লাহে লাহে কমিবলৈ ধৰে৷ ইলাচীয়ে শৰীৰৰ ৰক্ত প্ৰৱাহ উন্নত কৰাত সহায় কৰে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত থকা বিষাক্ত পদাৰ্থসমূহ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে৷ ইয়াৰ লগতে শক্তি বৃদ্ধিও কৰে৷৷ ইলাচীয়ে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে পেটৰ ৰোগ নিৰাময়তো সহায় কৰে৷ 

আনহাতে ইয়াত থকা পটাচিয়াম আৰু মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ নিয়মীয়াকৈ ইলাচী খালে হৃদৰোগৰ আশংকাও হ্ৰাস পায়৷ আনহাতে কাহ-পানী লগা হৈ থকাৰ সময়ত গৰম পানীৰ সৈতে ইলাচী খাব লাগে৷  ইয়াৰ ফলত হাওঁফাওঁৰ ৰক্ত সঞ্চালনৰ গতি সঠিক অৱস্থাত থাকে৷ ই কফ বাহিৰ কৰাতো সহায় কৰে আৰু কণ্ঠপ্ৰদাহৰ পৰা সকাহ দিয়ে৷
 

Share This