৬ বন্যাৰ্তৰ সলিল সমাধি, সেনাৰ উদ্ধাৰ অভিযান নিষ্ফল, ৩ জিলাত মহাপ্রলয়

dainik janambhumi July 21, 2026

ডিজিটেল ডেস্ক: কোনোদিনেই কল্পনা কৰিব নোৱাৰা বা বয়সৰ লেখেৰে ইতিমধ্যে ষাঠি-সত্তৰ বছৰ গৰকাজনেও জীৱনৰ বিগত সময়ছোৱাত সন্মুখীন হোৱা নাছিল এনে বর্ণনাতীত সাম্প্রতিক বানৰ সংহাৰী অৱস্থাৰ। বিগত দুদিন ধৰি উজনিত হোৱা মুষলধাৰ বৰষুণৰ লগতে চৰাইদেউ জিলাৰ সমীপতে থকা নগালেণ্ডৰ মন জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ সমান্তৰালভাৱে জাঁজী, দিখৌ, ভোগদৈ, কাকজান, টীয়ক, পুঠি আদি নৈত অহা প্রবল বানে নিমিষতে মথাউৰি ছিঙি নিয়াৰ ফলত স্বাভাৱিক জীৱন যাপন কৰি থকা শ শ গাঁৱৰ হাজাৰ হাজাৰ পৰিয়ালক অভাৱনীয় দুর্যোগে আৱৰি ধৰিছে।

বিশেষকৈ চৰাইদেউ জিলাৰ সোণাৰি নগৰকে ধৰি গৰিষ্ঠসংখ্যক গাঁৱতেই ঘৰৰ মূধচলৈকে পানী উঠাত পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে। কোনোদিনেই বানপানীৰ কথা মনলৈ নহা সোণাৰি নগৰৰ লগতে সমগ্র নাজিৰা নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰো বাসিন্দাসকলে সন্মুখীন হোৱা পৰিস্থিতি বৰ্ণনাতীত হৈ পৰিছে। শিৱসাগৰ জিলাৰ কেইবা ঠাইতো ৰে'লপথ খহাই নিছে। তেনেদৰে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ, আমগুৰি, নামতি, জাঁজী, জামুগুৰি, ফুলপানীছিগা, চাৰিং, কালুগাঁও, শলগুৰি আদি গ্রামাঞ্চলত বান বিভীষিকাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সাম্প্ৰতিক বানত নামতিত এজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। শিৱসাগৰ জিলাত সেনা বাহিনীয়ে বানাক্ৰান্তক উদ্ধাৰৰ বাবে কালি যি পদক্ষেপ গ্রহণ কৰিছিল, সেনাৰ সেই পদক্ষেপ তথা অভিযান ব্যর্থ হৈছে বুলি জানিব পৰা গৈছে। 

ইফালে অভাৱনীয় বানত যোৰহাট জিলাৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ তথা ফ'ৰলেনৰ ওপৰেদি টীয়ক, মুদৈজান, কাকজান আদিত ভয়ানক গতিত পানী বাগৰি যোৱাত যিকোনো সময়তে উজনি-নামনিৰ পথ যোগাযোগ বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। যোৰহাটৰ মাজেৰে যোৱা ভোগদৈ নৈয়ে কেইবা ঠাইতো মথাউৰি ছিঙি নিয়াত পৰিস্থিতি অতি গুৰুতৰ হৈ পৰিছে। ইফালে কোনোদিনেই বানপানীৰ কল্পনা কৰিব নোৱাৰা তিতাবৰ, বৰহোলাৰ দৰে যথেষ্ট ওখ স্থানতো সাম্প্ৰতিক বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তিতাবৰত দুগৰাকী কিশোৰীৰ সলিল সমাধিৰ কৰুণ ঘটনাও সংঘটিত হৈছে। অকল্পনীয় বানত দিশহাৰা হৈ পৰা যোৰহাট জিলাৰ বৰহোলাত ২৩০ জন লোক আশ্রয় শিবিৰত সোমাব লগীয়া হৈছে। 

অন্যহাতে, কৃত্রিম বান নিৰাময় কৰাৰ নামত অপৰিকল্পিত ব্যৱস্থাৰে নগৰবাসীক অন্ধকাৰত ৰাখি একাংশ ঠিকাদাৰৰূপী পৌৰ সদস্য আৰু একাংশ ঠিকাদাৰৰ জৰিয়তে লুণ্ঠনৰ স্বাৰ্থতেই যোৰহাট পৌৰসভাই কোটি কোটি টকাৰ ব্যয়েৰে নলা-নর্দমা নির্মাণ কৰি আহিছে। তৎসত্ত্বেও কৃত্রিম বানৰ পৰা যোৰহাটবাসীক সকাহ দিয়াত চৰম ব্যর্থ হোৱাত যোৰহাট পৌৰ এলেকাৰ ১৯টা ৱাৰ্ডৰ একাংশ বাসিন্দাৰ বাসগৃহৰ লগতে চৌহদ বুৰ গৈ থকাৰ পৰাই পৌৰসভাখনৰ নাগৰিকৰ প্রতি দায়িত্বহীনতাৰো নির্লজ্জ প্রতিফলন ঘটিছে।

Share This