অহা সপ্তাহত চি বি এছ ইৰ পৰীক্ষাৰ ফল ঘোষণাৰ সম্ভাৱনা

dainik janambhumi May 11, 2025

ডিজিটেল ডেস্ক : কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছই)য়ে অনুষ্ঠিত কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফল অহা সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্রই এই কথা কয়। যোৱা বৰ্ষৰ ১৩ মে'ত দশম আৰু দ্বাদশ শ্রেণীৰ ফল চি বি এছ ইয়ে ঘোষণা কৰিছিল। 

ফল ঘোষণাৰ অন্তত, মাৰ্কশ্বিতট্ট আৰু মাইগ্রেশ্যন প্রমাণ-পত্র শিক্ষার্থীয়ে ডিজিলকাৰ এপৰ জৰিয়তে লাভ কৰিব। বিদ্যালয়সমূহে প্রদান কৰা ৬ ডিজিটৰ কোডৰ সহায়ত শিক্ষার্থীসকলে তেওঁলোকৰ ডিজিলকাৰ একাউণ্টত প্ৰৱেশ কৰিব পাৰিব। 

এই বৰ্ষৰ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ দুয়োটা পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। ভাৰত আৰু অন্য ২৬খন দেশত ৭৮৪২টা পৰীক্ষা কেন্দ্ৰত এই দুয়োটা পৰীক্ষাত প্রায় ৪২ লাখ শিক্ষার্থীয়ে অবতীর্ণ হৈছে। যোৱা বৰ্ষত দশম শ্ৰেণীৰ পৰীক্ষাত ২২.৩৯ লাখ শিক্ষার্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ২০.৯৫ লাখ শিক্ষার্থী উত্তীর্ণ হৈছিল।

Share This