ডিজিটেল ডেস্ক : দেশত লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। প্রথম পর্যায় ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ আৰু দ্বিতীয় পর্যায় ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব।
সদনত মঙলবাৰে এই কথা প্রকাশ কৰা হয়। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা জনায়।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লোকপিয়লৰ ইতিহাস ১৫০ বছৰ পুৰণি আৰু পৰৱৰ্তী লোকপিয়ল অনুষ্ঠিত কৰাত পূৰ্বৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষা বিবেচনা কৰি থকা হৈছে। তেওঁ কয় যে ডিজিটেল মাধ্যম (এপ)ৰ জৰিয়তেও নাগৰিকে লোকপিয়লত তথ্য দাখিল কৰিব পাৰিব।