ডিজিটেল ডেস্ক: দেশৰ আটাইতকৈ পুৰণি আৰু বৃহৎলাভজনক উদ্যোগ ভাৰতীয় ৰে'ল সেৱা বিভাগটোক ব্যক্তিগতকৰণৰ প্রয়াস অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ। ইতিমধ্যে এই বিশাল ৰাজহুৱা খণ্ডটোক ব্যক্তিগতকৰণ কৰি এচাম বৃহৎ পুঁজিপতিৰ হাতত গতাই দিবলৈ ২০১৪ চনত বিজেপি চৰকাৰে কেন্দ্ৰৰ শাসনত অধিষ্ঠিত হৈয়ে পূর্ণোদ্যমে প্রচেষ্টা আৰম্ভ কৰে। ভাৰতীয় ৰে'ল কৰ্মচাৰী সংঘৰ নানা বাধাকো নেওচি কিছু ৰে'ল ষ্টেছন আৰু ৰে'ল বিভাগ ব্যক্তিগত পুঁজিপতিক ইতিমধ্যে গতাই দিবলৈ আৰম্ভ কৰিছে। যিসময়ত দেশৰ কোটি কোটি উচ্চ শিক্ষিত নিবনুৱাই চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিছে তেনে সময়ত শোষণকাৰীৰ স্থিতিৰে বিজেপি চৰকাৰে ভাৰতীয় ৰে'ল উদ্যোগত এজন কৰ্মচাৰীৰ ওপৰত ১০ জনকৈ কৰ্মচাৰীৰ কামৰ সমান বোজা জাপি দি ৰে'ল বিভাগৰ বিভিন্ন পদ বিলুপ্ত কৰিবলৈ উঠিপৰি লাগিছে। এই বক্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।
সংবাদ মাধ্যমক এক প্রেছ বিজ্ঞপ্তিত জনোৱা মতে, ২০২৬ চনৰ ১এপ্ৰিললৈকে ভাৰতীয় ৰে'ল বিভাগত ১৪,৮০,৪৫৫ গৰাকী বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ পদ আছিল। কিন্তু সম্প্ৰতি ৰে'ল বিভাগত কৰ্মচাৰী আছে মাত্র ১১ লাখ। অর্থাৎ ৩,৮০,৪৫৫ গৰাকী বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে। এই বৃহৎ পৰিমাণৰ খালী পদ পূৰণ নকৰি শিক্ষিত যোগ্য নিবনুৱাৰ বুকুত গুৰিয়াই বিজেপি চৰকাৰে একোজন কৰ্মচাৰীৰ ওপৰতে ১০ জনকৈ কৰ্মচাৰীৰ কামৰ বোজা জাপি দি খালী পদসমূহ আৰু ভৱিষ্যতে অৱসৰ ল'বলগীয়া বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ পদবোৰ বিলুপ্ত কৰিবলৈ উঠিপৰি লাগিছে।
অসম সন্মিলিত মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব ভূপেন নৰহে সংবাদ মাধ্যমক এই কথা কয়। এনেদৰে ৰে'ল বিভাগত পদ বিলুপ্ত কৰাৰ বাবেই ৰে'ল যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে। ইতিমধ্যে ভাৰতীয় ৰে'ল ব'র্ডে ৰে'ল সংমণ্ডলসমূহলৈ এক জৰুৰী নির্দেশনা জাৰি কৰি ২ শতাংশ কৰ্মচাৰীৰ পদ বিলুপ্ত কৰিবলৈ হুকুম দিছে।
অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী হোৱাৰ আগতেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আটাইতকৈ বৃহৎ আৰু লাভজনক ৰে'ল উদ্যোগৰ পদ বিলুপ্ত কৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যৎ জীৱন ধ্বংস কৰাৰ বাবে খৰখেদা লগাইছে। কৰ্মচাৰীৰ অভাৱত ৰে'ল বিভাগত নানা আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা সত্ত্বেও সমগ্ৰ ভাৰতীয় ৰে'ল সেৱা আদানি-আম্বানিৰ দৰে বৃহৎ পুঁজিপতিৰ হাতত গতাই দি ৰে'ল ভাৰা আৰু বিভিন্ন সামগ্ৰী বুকিং কৰা ভাৰাসমূহ তৎক্ষণাত ৫০ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাব আৰু বিজেপি দল তথা চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলে বৃহৎ পৰিমাণৰ ধন যাতে উৎকোচ হিচাপে লৈ আত্মসাৎ কৰিব পাৰে তাৰেই দিহা কৰিছে। বিজেপি দল শাসনলৈ দ্রুত আহিয়েই সুকীয়া ৰে'ল বাজেট বিলুপ্ত কৰিছে। ৰে'লৰ দৰে বৃহৎ উদ্যোগৰ বাবে সুকীয়া বাজেট অতি জৰুৰী।
জনকল্যাণকামী ৰাষ্ট্ৰত সদায় জনগণৰ কল্যাণ প্ৰথম আৰু প্রধান কথা। কিন্তু বৃহৎ পুঁজিপতিৰ বহতীয়া, বিজেপি চৰকাৰে চৰকাৰী উদ্যোগ ব্যক্তিগতকৰণ কৰি জনগণৰ ওপৰত অধিক কৰ জাপি দি দেশ ধ্বংস কৰিবলৈহে উঠিপৰি লাগিছে বুলি মহাসংঘৰ নেতৃবৃন্দই তীব্র ক্ষোভ প্রকাশ কৰে। সাধাৰণ ৰাইজক এনে স্বৈৰাচাৰী কাৰ্যৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে।