মহাৰজত জয়ন্তীৰ ঐতিহাসিক ক্ষণ, ডি আৰ কলেজত কেন্দ্ৰীয় গ্ৰন্থাগাৰ মুকলি

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক: 'অসমৰ শৈক্ষিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ে গৌৰৱময় ৭৫ টা বছৰ অতিক্ৰম কৰিলে।

বিদ্যায়তনিক দিশতো মহাবিদ্যালয়খনৰ বৰঙনি অভূতপূর্ব। গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে অগ্রণী শিক্ষানুষ্ঠাখনক লৈ আমি গৌৰৱ কৰোঁ।' তিনিদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি পাঁচ কোটি ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ (স্বায়ত্ত শাসিত) অত্যাধুনিক কেন্দ্ৰীয় গ্ৰন্থাগাৰ কালি মুকলি কৰি গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্ত মন্ত্রী অজন্তা নেওগে এনেদৰে মন্তব্য কৰে। 

উদযাপন সমিতিৰ সম্পাদক তথা মহাবিদ্যালয়ৰ (স্বায়ত্ত শাসিত) ডীন ড° দেৱজিৎ ফুকনে পৰিচালনা সভাত তেওঁ আৰু কয় যে অসমৰ ভিতৰতে এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে ১০০ বছৰীয়া বিস্তৃত পৰিকল্পনাও গ্রহণ কৰিব লাগিব। এই ক্ষেত্রত সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। সভাত মহাবিদ্যালয়খনৰ গৌৰৱময় কাৰ্যক্ৰমণিকাৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই মহাবিদ্যালয়খনত পি এইচ ডি আৰু বি এড পাঠ্যক্ৰম আৰম্ভ হ'ব বুলি প্রকাশ কৰে। 

গ্ৰন্থাগাৰ উন্মোচনী অনুষ্ঠানত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকিয়াল, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা প্রাক্তন অধ্যক্ষ ড° পুতুল চন্দ্র শইকীয়া, জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্রীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা আদি উপস্থিত থাকে। ইয়াৰ পাছতেই অনুষ্ঠিত প্রাক্তন ছাত্র-ছাত্রী সন্মিলন উদ্বোধন কৰে মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰূপম শইকীয়াই। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা প্রাক্তন অধ্যক্ষ ড° পুতুল শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনৰ মত বিনিময় অনুষ্ঠানত সহস্রাধিক প্রাক্তন ছাত্র-ছাত্রীয়ে অংশগ্রহণ গ্ৰহণ কৰি স্মৃতি ৰোমন্থন কৰে। 

গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন বিষয়ববীয়া আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব বহন কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নেতৃত্ব সন্মিলন উদ্বোধন কৰে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰাই। সন্ধিয়া আমন্ত্রিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ঢোলৰ ওজা সোমনাথ বৰাই। অনুষ্ঠানত নীল আকাশে গীত পৰিৱেশন কৰে।

Share This