টেষ্ট বিশ্বকাপ , কঠিন হ'ব ভাৰতৰ 'ফাইনেল' যাত্রা

dainik janambhumi November 25, 2026

ডিজিটেল ডেস্ক : ইতিমধ্যেই ২০২৬-২৭ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হৈছে ৪খন দেশ। টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ যুঁজত বর্তি আছে ৫ খন দেশ। শেহতীয়াকৈ ৱেলিংটন টেষ্ট ড্র হোৱাত চাপৰ সন্মুখীন হৈছে ভাৰত আৰু নিউজিলেণ্ড। অৱশ্যে উভয় দলৰে ফাইনেললৈ উন্নীত হোৱাৰ আশা আছে। 

আনহাতে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ৱেলিংটন টেষ্ট ড্ৰৰে সমাপ্ত হোৱাৰ পাছত পইণ্ট তালিকাৰ শীৰ্ষত ৰৈছে যোৱাবাৰৰ চেম্পিয়ন দক্ষিণ আফ্রিকা। ৮ খন টেষ্টৰ পাছত টেম্বা বাভুমা বাহিনীৰ পইণ্টৰ শতাংশ ৭৫। তেওঁলোকে আৰু ৪ খন টেষ্ট খেলিবলৈ বাকী আছে। ইয়াৰ মাজৰে দুখন টেষ্টত জয়ী হ'লেই ফাইনেল নিশ্চিত হ'ব দক্ষিণ আফ্রিকাৰ। আন কোনো দেশৰ ফলৰ ওপৰত তেওঁলোক নিৰ্ভৰ কৰিব নালাগিব। বাভুমা বাহিনীৰ অৱশিষ্ট ৪ খন টেষ্টৰ এখন হ'ব ঘৰৰ মাটিত বাংলাদেশৰ বিৰুদ্ধে। ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাই নিজ দেশতে খেলিব বাকী ৩ খন টেষ্ট। ইয়াৰ ফলত পৰিস্থিতি বহুলাংশে দক্ষিণ আফ্ৰিকাৰ পক্ষত থাকিব। পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া। ১৩ খন টেষ্টত খেলাৰ পাছত পেৎ কামিন্স বাহিনীৰ পইণ্ট শতাংশ ৬৯.২৩। যোৱাবাৰৰ ৰানাৰ্ছ আপ অষ্ট্ৰেলিয়াই আৰু ৯ খন টেষ্টত খেলিব লাগিব। ইয়াৰে ৬ খন টেষ্টত জয়ী হ'লেই অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰিব। পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে নিউজিলেণ্ড। ৭ খন মেচ খেলাৰ পাছত তেওঁলোকৰ পইণ্টৰ শতাংশ ৬৬.৬৭। 

ইফালে, পইণ্ট তালিকাৰ চতুৰ্থ স্থানত ৰৈছে ভাৰত। ৱেলিংটন টেষ্ট ড্ৰ হোৱাৰ পাছত ভাৰতীয় দল চাপৰ সন্মুখীন হৈছে। ১২ খন টেষ্টৰ অন্তত ভাৰতৰ পইণ্ট শতাংশ ৫০। ভাৰতৰ বাকী ৰৈছে ৬ খন টেষ্ট। এখন মেচত হাৰিলেই সুযোগ হেৰুৱাব ভাৰতে। ইয়াৰে কমেও ৫ খন টেষ্টত জয়ী হ'ব লাগিব শুভমন গীল বাহিনীয়ে।

Share This