চৰিত্ৰ পাঠ

Kakali Deka September 26, 2024

ডিজিটেল ডেস্কঃ এই কথা ঠিক– চৰিত্ৰ একেদিনাই গঢ় লোৱা বিষয় নহয়৷ থাউকতে সলনি কৰিব পৰা বস্তুও নহয়৷ সৰু অৱস্থাৰ পৰাই ইয়াৰ পৰিকাঠামো গঢ় লয়৷ অৰ্থাৎ জীৱন ধাৰণৰ আন আন শিক্ষাৰ সমানে এজন ব্যক্তিৰ চৰিত্ৰ গঢ়াৰ কচৰতো শিশু অৱস্থাতে আৰম্ভ হয়৷ এটি শিশুৱে এই পৰিৱেশ লাভ কৰে ওপজিয়েই পোৱা ঘৰখনত৷ সেই সময়ত শিশুৰ প্ৰথম শিক্ষক হৈ পৰে পিতৃ-মাতৃ৷ তাৰ পাছতহে ক্ৰমে পৰিয়ালৰ আন ব্যক্তি, চুবুৰীয়া তথা শিক্ষানুষ্ঠান আদিৰ পৰা শিক্ষণ লাভ কৰে৷ অৱশ্যে সৰুতেই যদি এটি শিশুক উপযুক্ত পৰিৱেশ দিয়া নহয়, তেতিয়া তেনে শিশুৱে সৎ চৰিত্ৰ গঢ়াৰ সুযোগ হেৰুৱায়৷ সেইদৰে সুযোগ হেৰুৱায় মানুহ হোৱাৰো৷

সেয়ে ভাল চৰিত্ৰই তিলতিলকৈ গঢ় লয় বুলি কোৱা হয়৷ কোৱা হয়– Good character is not formed in a week. It is created little by little, day by day. আকৌ 'Protracted and patient effort is needed to develope a good character' বুলিও এষাৰ কথা আছে৷ অৰ্থাৎ দীঘলীয়া সহিষ্ণুতায়ো এটা ভাল চৰিত্ৰ গঠনত সহায় কৰে৷ সি যি নহওক, শিশু অৱস্থাতে চৰিত্ৰ গঠনৰ কচৰৎ কৰাওঁতে শিশু মনত ৰেখাপাত কৰিব পৰাকৈ বিভিন্ন ধৰণৰ কাহিনী-উদাহৰণ দাঙি ধৰিবলগীয়া হয়, আৰ্হি দেখুৱাবলগীয়া হয়৷ আগতে সন্ধিয়াবেলা শিশুক সাধু কোৱাটোও ইয়াৰে অংশস্বৰূপ৷ সেইদৰে বিদ্যালয়ত পঢু.ওৱা সেইধৰণৰ পাঠো এনে কাৰ্যৰ অন্যতম সহায়ক৷ অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ বহু ৰাষ্ট্ৰত প্ৰাথমিক বিদ্যালয়ত পৰম্পৰাগত সাধু পুথি পাঠ হিচাপে পঢ়ুওৱাৰ ব্যৱস্থা আছে৷ অষ্ট্ৰেলিয়াত মানি লোৱা এষাৰ কথা এনেকুৱা– Fairy tales have the potential to be an effective resource to teach primary school students in the contemporary classroom. আমাৰ অসমতো পূৰ্বতে ‘চৰিত্ৰ পাঠ’ বুলি এখন সচিত্ৰ পুথি ক্ৰমে পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত বাধ্যতামূলকভাৱে প্ৰচলন আছিল৷

ইয়াত সন্নিৱিষ্ট নীতি শিক্ষাৰ পাঠ, উদাহৰণ, ৰামায়ণ-মহাভাৰতৰ সাধু আৰু অন্যান্য কাহিনীসমূহে শিক্ষাৰ্থীক আকৰ্ষিতও কৰিছিল৷ নিজৰ প্ৰতি কৰ্তব্য, ইতৰ জীৱ-জন্তু, গছ-গছনি আৰু সাধাৰণতে প্ৰকৃতিৰ প্ৰতি আমাৰ কৰ্তব্য, প্ৰতিৱেশীৰ প্ৰতি কৰ্তব্য, আনৰ মনোভাবৰ প্ৰতি সন্মান, আনৰ মতামতৰ প্ৰতি সন্মান, শিষ্টাচাৰ আৰু সজ আচৰণ, গুৰুজনৰ প্ৰতি সজ আচৰণ, পিতৃ-মাতৃৰ প্ৰতি আচৰণ, পাপ কিহক বোলে, পুণ্য কিহক বোলে, সত্যবাদিতা, দুৰ্বলজনৰ প্ৰতি সহানুভূতি আদি অনেক উপকাৰী, জ্ঞানলব্ধ পাঠৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক নীতি জ্ঞান দিয়াই নহয়, মানসিক স্বাস্থ্য সবল কৰাৰো ব্যৱস্থা আছিল৷ তদুপৰি ভক্ত প্ৰহ্লাদ, শ্ৰৱণ কুমাৰ, অজামিল আদি কাহিনীৰ দ্বাৰাও শিশু শিক্ষাৰ্থীৰ অনুসন্ধিৎসুতা বৃদ্ধি কৰিছিল৷ এতিয়া অভিভাৱকত্বৰ পোছাক পিন্ধা অধিকাংশই এনে পাঠৰ সাক্ষী৷ কিন্তু হঠাৎ চৰকাৰীভাৱে এই পাঠ বন্ধ কৰি দিয়া হ’ল৷ কিহৰ বাবে কৰা হ’ল, কাৰ স্বাৰ্থত কৰা হ’ল তাৰো একো উৱাদিহ কাকো জানিবলৈ দিয়া নহ’ল৷ ইয়াৰ লগে লগে যেন ছাত্ৰ-ছাত্ৰীক চৰিত্ৰৱান হিচাপে গঢ়াৰ এক মাধ্যমো বন্ধ হৈ পৰিল৷ অৱশ্যে দিন যোৱাৰ লগে লগে সচেতন শিক্ষাসদী সমাজ বিশেষকৈ অভিভাৱক সমাজ বিষয়টোক লৈ চিন্তিত হ’ল৷

বহুতে ‘চৰিত্ৰ পাঠ’ পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত আৰ্জিও উত্থাপন কৰিলে৷ অধিকাংশৰ মতে, এই ধৰণৰ পাঠবোৰ নোহোৱাৰ বাবেই আজিৰ ছাত্ৰ-ছাত্ৰীবোৰ চৰিত্ৰ গঠন সম্পৰ্কে সজাগ নহয়৷ কেৱল নম্বৰকেন্দ্ৰিক এক ‘ট্ৰেক’ত দৌৰি দৌৰি তেওঁলোকে পাহৰি পেলায় আচাৰ-ব্যৱহাৰ, সম্বোধন আদি অনেক গুণ৷ সেইদৰে গুৰু-শিষ্যৰ সম্পৰ্কৰ অৱনতি, শিশু শিক্ষাৰ্থীৰ মানসিক বিকাশত ব্যাঘাত আদি ঘটনাবোৰো এই অভাৱৰ দ্বাৰাই প্ৰভাৱান্বিত৷ আজিৰ যান্ত্ৰিক পৰিৱেশত শিশু শিক্ষাৰ্থীক পিতৃ-মাতৃয়ে সময় দিব নোৱৰা, শিক্ষা দিবলৈ আহৰি নোপোৱা অৱস্থাত এই ধৰণৰ পাঠবোৰ পুনৰ লাগে বুলি ছ’চিয়েল মিডিয়াত একপ্ৰকাৰৰ নীৰৱ আন্দোলনেই চলিছিল৷ এনেয়েও আজিৰ …লিত শিক্ষাৰ্থীৰ ক্ষেত্ৰত অভিভাৱক-শিক্ষককে কাঠগৰাত থিয় কৰোৱাৰ দৰে এক পৰিৱেশে গা কৰি উঠিছে৷ কিন্তু মন কৰা দৰকাৰ– চোৰ-ডকাইত আগতেও আছিল৷ অপৰাধী-হত্যাকাৰীও আছিল, ঠগ-প্ৰৱঞ্চকো আছিল৷ বৰ্তমান জনসংখ্যা, পৰিৱেশ-পৰিস্থিতিসাপেক্ষে সংখ্যাৰ লেখেৰে অপৰাধ-অপৰাধী পূৰ্বতকৈ কিছু বৃদ্ধি পাব পাৰে, অপৰাধৰ প্ৰকৃতি, অপৰাধীৰ মাধ্যম সলনি হ’ব পাৰে, তথাপি ক’ব পাৰি– শিক্ষক-অভিভাৱকে মাত্ৰ পথহে দেখাব পাৰে, বাকীখিনি কঢ়িয়াই লৈ যোৱাত শিক্ষাৰ্থীৰো দায়িত্ব আৰু দায়বদ্ধতা নি(য় থাকিব৷

এন ফ্ৰাংকেও তাকেই কৈ গৈছে– 'Parents can only give good advice or put them on the right paths, but the final forming of a person'ব্দ character lies in their own hands.ক্স সি যি নহওক, বহু বছৰৰ পাছত শেহতীয়াকৈ অসম চৰকাৰে অসমৰ বিদ্যালয়ত পুনৰ পূৰ্বৰ ‘চৰিত্ৰ পাঠ’ প্ৰচলনৰ সিদ্ধান্ত ঘোষণা কৰিছে৷ কালি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত উক্ত পুথিখন পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলি ব্যক্ত কৰি ইয়াৰ দ্বাৰা মানৱীয় সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে অভিভাৱক-শিক্ষাসদী সমাজৰ মাজত স্বাভাৱিকতে আনন্দৰ বন্যা বৈছে৷ এয়া যিহেতু তেওঁলোকৰ বাঞ্ছা আছিল, সেয়ে ইয়াৰ দ্বাৰা প্ৰত্যাশাৰ সপোন দেখাটো স্বাভাৱিক কথা৷ অৱশ্যে কেৱল ‘চৰিত্ৰ পাঠ’ৰ ওপৰত নিৰ্ভৰ কৰাটো দূৰাশাই নহয়, অলীক কল্পনা মাথোঁ৷ তথাপি, বৰ্তমানৰ অত্যধিক ম’বাইল নিৰ্ভৰ পৰিস্থিতিত চৰিত্ৰ পাঠে যদি কিঞ্চিৎ পৰিমাণে হ’লেও ছাত্ৰ-ছাত্ৰীক পূৰ্বৰ দৰে আকৰ্ষিত কৰিব পাৰে, ‘নীতি শিক্ষা’ দিব পাৰে, মৰম আৰু শ্ৰদ্ধাৰ এক পৰিৱেশ গঢ়িব পাৰে তেনেহ’লে সেয়াও যথেষ্টখিনি সাফল্য অৰ্জা বুলিয়েই ক’ব পৰা যাব৷

Share This