ডিজিটেল ডেস্কঃ আজি গোসাঁই বিহু। অসমীয়া সংস্কৃতিৰ প্ৰাণস্পন্দন স্বৰূপ বিহুৰ বিভিন্ন প্ৰকাৰৰ মাজত 'গোসাঁই বিহু' এক অনন্য আধ্যাত্মিক গুৰুত্ব থকা দিন। ভক্তি আৰু পৰম্পৰাৰ মিলন ঘটা এই দিনটোত সমগ্ৰ ৰাজ্যতে এক পবিত্ৰ পৰিৱেশে বিৰাজ কৰে।
ৰঙালী বিহুৰ উছাহ-উদ্দীপনাৰ মাজতে তৃতীয় দিনা পালন কৰা হয় গোসাঁই বিহু। গৰু বিহু আৰু মানুহ বিহুৰ পিছতেই এই দিনটোত অসমীয়াই ইষ্টদেৱতাক স্মৰণ কৰি আগন্তুক বৰ্ষটোৰ কুশল মংগল কামনা কৰে।
ব’হাগ মাহৰ দ্বিতীয় দিনটো হ’ল গোসাঁই বিহু। এই দিনটো বিশেষকৈ ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিক চিন্তাৰ বাবে উৎসৰ্গিত। ঘৰৰ গোসাই ঘৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ নামঘৰলৈকে এই দিনটোত কেৱল হৰিনামৰ ধ্বনি শুনা যায়। মানুহৰ মনত ভক্তিভাৱ জগাই তোলা আৰু সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখাই হৈছে এই বিহুৰ মূল লক্ষ্য।
আধুনিকতাৰ ধামখুমীয়াতো গোসাঁই বিহুৰ প্ৰাসংগিকতা ম্লান পৰা নাই। অসমীয়া জাতিৰ শিপা ডাল যে ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰ ওপৰত প্ৰতিষ্ঠিত, সেয়া এই বিহুৱে প্ৰতি বছৰে প্ৰমাণ কৰি আহিছে।
গোসাঁই বিহুৰ এই পবিত্ৰতাই আমাৰ মনবোৰ সংস্কাৰিত কৰক আৰু সমাজলৈ শান্তি কঢ়িয়াই আনক— তাৰেই কামনাৰে সকলোৱে বিহুৰ আনন্দ উপভোগ কৰে।
উৎস: প্ৰাগ নিউজ ডিজিটেল