চৰাইদেউৰ ৫৭ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ সমূহীয়া পদত্যাগ

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক: চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ ৰঞ্জন জিলাখনৰ মুঠ ৫৭ গৰাকী শিক্ষক তথা মণ্ডল সমল কেন্দ্র সমন্বয়কে একেদিনাই সামূহিকভাৱে পদত্যাগ কৰিছে। এই পদত্যাগৰ সন্দৰ্ভত কালিয়েই সমগ্র শিক্ষা অসমৰ চৰাইদেউ জিলা মিছন সমন্বয়কৰ ওচৰতো লিখিত পদত্যাগ তথা অভিযোগ পত্র দাখিল কৰিছে। 

মন কৰিবলগীয়া যে জিলাখনৰ ৫৭ গৰাকীকৈ মণ্ডল সমল কেন্দ্র সমন্বয়কে স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পদত্যাগ আৰু অভিযোগ পত্ৰত চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ ৰঞ্জন কাকতীয়ে বিভিন্ন সময়ত মণ্ডল কেন্দ্ৰ সমন্বয়কসকলৰ প্ৰতি ভিত্তিহীন অভিযোগ আৰু অপমানজনক আচৰণ ধাৰাবাহিক ৰূপত কৰি আহিছে। মণ্ডল সমল কেন্দ্র সমন্বয়কসকলে (CRCC) সদায় দায়িত্ববোধ আৰু অতিনিষ্ঠাৰে জিলাখনৰ শৈক্ষিক উন্নয়নৰ বাবে কাম কৰি আহিছে। 

চৰকাৰৰ গুৰুত্বপূৰ্ণ কার্যসূচী 'গুণোৎসৱ' সফল ৰূপায়ণৰ ক্ষেত্ৰত চি আৰ চি চি সকলে অতিৰিক্ত সময় আৰু পৰিশ্ৰম আগবঢ়াই প্রতিখন বিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰিবলৈ চেষ্টা কৰাৰ লগতে চাহ বাগিচাৰ নতুন আদর্শ বিদ্যালয়সমূহক সহায় আগবঢ়োৱা আৰু তৃণমূল পর্যায়ত শৈক্ষিক কাৰ্যসমূহ সুচাৰুৰূপে সম্পাদন কৰি আহিছে। চি আৰ চি চি সকলে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰাৰ পাছতো শিক্ষা বিষয়াগৰাকীয়ে প্রায়ে বিভিন্ন তুচ্ছ-তাচ্ছিল্য কৰি অহা বুলি পত্ৰখনত উল্লেখ কৰাৰ লগতে শেহতীয়াকৈ ২২ এপ্রিলত চাহ বাগিচাৰ নতুন আদর্শ বিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ উপস্থিতিত অনুষ্ঠিত এখন অনলাইন বৈঠকত শিক্ষা বিষয়াগৰাকীয়ে (IS) চি আৰ চি চিসকলৰ বিৰুদ্ধে ৰাজহুৱাভাৱে কিছুমান ভিত্তিহীন আৰু অপ্রমাণিত অভিযোগ উত্থাপন কৰে। শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়সমূহত চৰকাৰে যোগান ধৰা ইউনিফর্ম আৰু পাঠ্যপুথি যোগানত মণ্ডল কেন্দ্র সমন্বয়কসকলে 'কমিছন' লোৱা বুলি ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ লগতে কিছুমান চি আৰ চি চিয়ে অৰ্থৰ বিনিময়ত PPA প্ৰদান কৰা বুলি প্রমাণবিহীন অভিযোগ উত্থাপন কৰা বুলি পত্ৰখনত উল্লেখ কৰে। শিক্ষা বিষয়াগৰাকীৰ এনে ভিত্তিহীন অভিযোগে মণ্ডল সমল কেন্দ্র সমন্বয়কসকলে অপমানবোধ কৰাৰ লগতে শিক্ষকৰ সামাজিক মর্যাদা আৰু ভাবমূর্তি বিনষ্ট কৰা বুলি পত্ৰখনত উল্লেখ কৰি জিলাখনৰ ৫৭ গৰাকী মণ্ডল সমল কেন্দ্র সমন্বয়কে সমূহীয়াভাৱে পদত্যাগ কৰে। 

উল্লেখযোগ্য যে শিক্ষা বিষয়াৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্রকাশ কৰি শিক্ষক সমাজে সমূহীয়াভাৱে পদত্যাগ কৰা জিলাখনত এয়াই প্রথম ঘটনা।

Share This