ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমুলীৰ ৰাইজ সৰব হৈ পৰিল ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে । উল্লেখযোগ্য যে গৰৈমাৰীৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত জোৰশিমুলী বজাৰ এলেকাত দীৰ্ঘ দিনৰে পৰা ড্ৰাগছ ব্যৱসায়ীসকলে আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
স্থানীয় ৰাইজে সমাজৰ ব্যধিৰূপী তথা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছ বন্ধ কৰাৰ সংকল্প লৈছিল। ড্ৰাগছ প্ৰতিৰোধী কাৰ্যসূচীত অংশগ্ৰহণ কৰা চান মিঞা নামৰ এগৰাকী বৃদ্ধ লোকক অকলে পাই ড্ৰাগছ মাফিয়া তথা ইন্নছ আলীৰ নেতৃত্বত তিনিজনীয়া কুখ্যাত ড্ৰাগছ মাফিয়াই উপৰ্যুপৰি প্ৰহাৰ কৰি ৰক্তাক্ত কৰে । ফলত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উত্তেজিত ৰাইজে ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ড্ৰাগছ মাফিয়া সকলক কৰায়ত্ব কৰিবলৈ আহ্বান জনায়।
ঘটনাস্থলীত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত অহা আৰক্ষীৰ দল এটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি এই ঘটনাৰ উচিত তদন্ত হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লোৱা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। ঘটনা সন্দৰ্ভত জোৰশিমুলী আৰক্ষী চকীত ৰাইজে এজাহাৰ দাখিল কৰে।
উৎস: প্ৰাগ নিউজ ডিজিটেল