পনীৰ‌ খায় ভাল পায়নে? পনীৰৰ‌ আছে বহু উপকাৰী গুণ... আপুনি জানি আচৰিত হ'ব 

Kakali Deka November 11, 2023

ডিজিটেল ডেস্কঃ আপুনি পনীৰ খাই ভাল পায়নে... বহু লোকৰে প্ৰিয় খাদ্য পনীৰ। নিৰামিষভোজীসকলৰ বাবেতো পনীৰ ৰাজকীয় খাদ্যৰ দৰে। পনীৰ আমিষভোজী নিৰামিষভোজী সকলোৰে মাজত অতি জনপ্রিয়। পনীৰ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। মটৰ পনীৰ, পনীৰ টিক্কা, কড়াই পনীৰ, পনীৰ দো-পিঁয়াজা, পনীৰ পৰঠা, পনীৰ ৰল, পনীৰ বাটাৰ মাছালা আৰু কিমান যে কি পনীৰৰ লোভনীয় ব্যঞ্জন আছে। পনীৰ কেৱল খাবলৈকে সোৱাদযুক্ত নহয় শৰীৰতো ই যথেষ্ট সুপ্রভাৱ পেলায়। পনীৰত প্ৰ'টিন,ফছফৰাছ, পটাছিয়াম, কার্বোহাইড্রেট, ফোলেট, ভিটামিন, চেলেনিয়াম, আৰু কেলচিয়াম আদি থাকে আৰু ইয়াৰ গ্ৰহণে যথেষ্ট স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে।


পনীৰৰ স্বাস্থ্যজনিত লাভালাভ কি জানো আহক

(১) ইয়াত পোৱা কেলচিয়ামে হাড়শক্তিশালী কৰাত সহায় কৰিব পাৰে।

২)পনীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আছে।

৩) পনীৰ খাই চৰ্বি দহন কৰিব পাৰি। কিয়নো ইয়াত লিনোলিক এচিড থাকে, যি আমাৰ শৰীৰত চৰ্বি দহন প্ৰক্ৰিয়াটো দ্রুত কৰাত সহায় কৰিব পাৰে।

৪)পনীৰে জনৰ কৰ্কট ৰোগ ৰোধ কৰে।

৫ পনীৰ খালে দাঁত মজবুত হয়।

৬)পনীৰে পাচন শক্তি বৃদ্ধি কৰে।

৭) মধুমেহ ৰোগীৰ কাৰণে পনীৰ যথেষ্ট উপকাৰী।

আৰ

৮)হৃদৰোগৰ ৰোগীৰ বাবে পনীৰ যথেষ্ট উপকাৰী।

জামাহেকীয়া বন্ধ হোৱাৰ সময়ত থকা মানসিক চাপ আৰু শাৰীৰিক চাপ পানীৰে নোহোৱা কৰে।

১০)শৰীৰ আৰু গাঁঠিৰ বিষৰ বাবে পনীৰ উত্তম।

১১)পনীৰে ৰক্তচাপ নিয়ন্ত্রণ কৰে।

১২) কেচা পনীৰ খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। কিয়নো পনীৰত প্ৰ'টিন, ভিটামিন-এ, বি1. বি3, বিচ ৰলগতে বহুতো পুষ্টি আৰু চেলেনিয়াম, ভিটামিন E এন্টিঅক্সিডেন্ট থাকে যি মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজাৰ সহায়ক। ইহাল সতেজ আৰু উজ্জ্বল কৰি তোলে।

গতিকে পনীৰৰ সুস্বাদু ব্যঞ্জন ৰান্ধি খাওক আৰু স্বাস্থ্যৱান হৈ থাকক।

Share This