৮ উইকেটত পৰাজিত দিল্লী কেপিটেলছ, চেন্নাই ছুপাৰ কিংছৰ পঞ্চম জয়

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: সঞ্জু ছেমছনৰ মসৃণ তথা অবিজিত ৮৭ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে আই পি এলৰ কালিৰ খেলত দিল্লী কেপিটেলছক ৮ উইকেটত পৰাজিত কৰে। ছেমছনৰ ৫২টা বলত ৭টা চাৰি আৰু ৬টা ছয়সম্বলিত আশী ঊর্ধ্বৰ ইনিংছৰ জৰিয়তে দিল্লীয়ে বান্ধি দিয়া ১৫৬ ৰানৰ লক্ষ্য অতিক্রম কৰে চেন্নায়ে। 

ছেমছনৰ লগতে কার্তিক শৰ্মাৰ অবিজিত ৪১ ৰানেৰে চেন্নায়ে ১৭.৩ অ'ভাৰত দুটা উইকেট হেৰুৱাই ১৫৯ ৰান কৰি চলিত আই পি এলত পঞ্চমটো জয়ৰ মুখ দেখে। ঋতুৰাজ গাইকোৱাডে ৬ আৰু উর্ভিল পেটেলে ১৭ৰান কৰে। চেন্নাইৰ পতন ঘটা উইকেট দুটা ভগাই লয় অক্ষৰ পেটেল আৰু লাংগি এনগিডিয়ে। 

ইয়াৰ আগেয়ে বেটিং বিপর্যয়ৰ সন্মুখীন হোৱা দিল্লী কেপিটেলছে প্রথমে বেট ধৰি ৭ উইকেটত ১৫৫ ৰানহে কৰিবলৈ সক্ষম হয়। এটা সময়ত ১১ অ'ভাৰত ৬৯ ৰানতে আগশাৰীৰ ৫টা উইকেট হেৰুৱাই সংকটৰ সন্মুখীন হৈছিল দিল্লী। পিছে ত্রিষ্টান ষ্টাবছ (৩৮) আৰু সমীৰ ৰিজভীয়ে (অপঃ ৪০) ৪৭টা বলত কঠিন ৬৫ ৰানৰ যুটি বান্ধি দলীয় স্ক'ৰ সন্মানজনক অৱস্থানলৈ তুলি নিছিল। ব্যর্থ হয় পাথুম নিছাংকা (১৯), লোকেশ ৰাহুল (১২), নীতিশ ৰাণা (১৫), কৰুণ নায়াৰ (১৩) আৰু অক্ষৰ পেটেল (২)। চেন্নাই ছুপাৰ কিংছৰ হৈ নূৰ আহমেদে সর্বাধিক দুটা উইকেট দখল কৰে।

Share This