ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত চলি থকা উত্তেজনা তথা হৰমুজ প্রণালী বন্ধ হৈ থকাৰ প্ৰভাৱ এতিয়া দেশত ঔষধৰ বজাৰতো পৰা দেখা পোৱা গৈছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৩৮৪বিধ ঔষধৰ দাম জৰুৰীকালীনভাৱে আৰু একেলগে বৃদ্ধি কৰিবলৈ ওলাইছে। অৱশ্যে এই ঔষধসমূহৰ দাম অস্থায়ীভাৱেহে বৃদ্ধি কৰা হ'ব।
চৰকাৰী সূত্ৰই জনোৱা মতে মধ্য প্রাচ্যৰ যুদ্ধৰ ফলত ঔষধ প্রস্তুত কৰোতে ব্যৱহাৰ কৰা কেঁচা মাল আৰু ৰাসায়নিকৰ যোগানত প্ৰভাৱ পৰে, যাৰ ফলত উৎপাদন ব্যয় দ্রুত গতিত বৃদ্ধি পাইছে। চৰকাৰী বিষয়াসকলৰ লগতে ঔষধ উদ্যোগৰ সৈতে জড়িত সূত্ৰসমূহে প্রকাশ কৰা মতে, এই ঔষধসমূহৰ জৰুৰীকালীনভাৱে দাম বৃদ্ধি কৰাৰ বিষয়টোক লৈ নেশ্যনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটি (এন পি পি এ), ফার্মাচিউটিকেল্ল্ বিভাগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ মাজত আলোচনা চলি আছে। অৱশ্যে এই দাম বৃদ্ধি স্থায়ী নহ'ব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত পৰিস্থিতি উন্নত হোৱাৰ লগতে যোগান স্বাভাৱিক হোৱাৰ লগে লগে দাম বৃদ্ধি প্রত্যাহাৰ কৰা হ'ব।
দাম বৃদ্ধিৰ প্ৰস্তাৱ কৰা ঔষধসমূহৰ ভিতৰত এন্টিবায়টিক (এম'ক্সিচিলিন আৰু এজিথ্র'মাই চিন), হৃদৰোগৰ ঔষধ (এম্ল'ডিপাইন, এট'ৰৱাষ্টেটিন), বিষ নিবাৰক (পেৰাচিটামল), ষ্টেৰয়ড (ডেক্সামেথাছন) আৰু ভিটামিনৰ (এচকৰবিক এচিড) দৰে ৰাষ্ট্ৰীয় আৱশ্যকীয় ঔষধৰ তালিকাত থকা আৰু ৰোগীয়ে নিত্য ব্যৱহাৰ কৰা ঔষধৰ নাম আছে। ঔষধ উদ্যোগৰ সূত্ৰই জনোৱা মতে, পশ্চিম এছিয়াৰ সংকটৰ বাবে বিভিন্ন ৰাসায়নিক আৰু কেঁচা মালৰ দাম ২০০-৩০০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। ইয়াৰ লগতে পেকেজিঙত ব্যৱহাৰ কৰা সামগ্ৰীৰ দাম তথা পৰিবহণ ব্যয়ো বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ মজলীয়া আৰু ক্ষুদ্র ঔষধ কোম্পানীত আটাইতকৈ বেছি পৰিছে বুলি ঔষধ উদ্যোগৰ সূত্রই জনাইছে। এইক্ষেত্রত সর্বাধিক আক্রান্ত হোৱা এখন সৰু ৰাজ্য হৈছে হিমাচল।
ৰাজ্যখনত ঔষধৰ প্ৰায় ৮০০টা কাৰখানা আছে। সূত্ৰটোৰ মতে ভাৰতীয় ঔষধ উদ্যোগ এতিয়া বিভিন্ন ধৰণৰ চাপৰ সন্মুখীন হৈছে। ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাসৰ ফলত কেঁচা মালৰ দাম অধিক বৃদ্ধি পাইছে। আনহাতে বিশ্বত চলি থকা সংকটৰ কাৰণে ভাৰতৰ পৰা ঔষধৰ ৰপ্তানি হ্রাস পাইছে। ইয়াৰ প্ৰভাৱ ভাৰতীয় ঔষধ কোম্পানীসমূহৰ উৎপাদন ব্যয় তথা লাভত পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, চলিত বছৰৰ মাৰ্চত ভাৰতৰ পৰা ঔষধৰ ৰপ্তানি ২৩.২% হ্রাস পাই ২৮.৩ ডলাৰ হৈছেগৈ।