ডিজিটেল ডেস্ক: 'এয়া হৈছে ন্যায়পালিকাই তাৎক্ষণিক সকাহদায়ী ব্যৱস্থাৰ যোগেদি সাধাৰণ লোকৰ যাতনা আঁতৰোৱা আৰু আকাংক্ষা পূৰণ কৰাৰ সময়।' শনিবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) সূর্যকান্তই এনেদৰে কয়। তেওঁ আৰু কয় যে ন্যায়িক ব্যৱস্থাই চিকিৎসালয়ৰ দৰে দিনটোৰ ২৪ ঘণ্টাই কাম কৰাৰ প্রয়োজন। প্রযুক্তি সন্দৰ্ভত আশা প্রকাশ কৰি চি জে আই সূর্যকান্তই কয় যে ন্যায়পালিকাৰ সময়ৰ অপব্যয়ৰ একমাত্ৰ ফলপ্রসূ উত্তৰ হৈছে প্রযুক্তি। ৰায়দান ক্ষিপ্ৰতৰ কৰিবলৈ প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তা (এ আই) ভিত্তিক ন্যায়িক ব্যৱস্থা অধিক দৃঢ় কৰিবলৈও তেওঁ আহ্বান জনায়।
মধ্য প্রদেশ উচ্চ ন্যায়ালয়ে আয়োজন কৰা 'ফ্রেগমেন্টেশ্যন টু ফিউজন, এমপাৱাৰিং জাষ্টিচ ভায়া ইউনাইটেড ডিজিটেল প্লেটফর্ম ইন্টিগ্রেশ্যন' শীর্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূর্যকান্তই উচ্চ ন্যায়ালয়খনৰ নতুনকৈ উন্নীত কৰা ডিজিটেল প্লেটফর্ম মুকলি কৰে। সূর্যকান্তই কয়, 'ভাৰতীয় ন্যায়পালিকাই কেৱল প্রযুক্তিগত অগ্ৰগতিৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰিবলৈকে দায়বদ্ধ নহয় (যি ১৯৯০ চনৰ পৰা আম্যৰ ব্যৱস্থাৰ অবিবেচ্ছদ্য অংগ), শেহতীয়া এ আইৰ ডিজাইনৰ বাবে তথা ইয়াক কিদৰে আমি সৰ্বসাধাৰণৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবেও দায়বদ্ধ।'
ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, 'আমি প্রযুক্তি আৰু এ আই ভিত্তিক ন্যায়িক ব্যৱস্থা কিদৰে অধিক দৃঢ় কৰিব পাৰোঁ, সেই বিষয়েও চিন্তা কৰা উচিত। ন্যায়িক সময় অপব্যয়ৰ একমাত্ৰ ফলপ্রসূ উত্তৰ হৈছে প্রযুক্তি।' তেওঁ কয় যে এক তাৎক্ষণিক সকাহদায়ী ব্যৱস্থাৰ জৰিয়তে ন্যায়পালিকাই সৰ্বসাধাৰণৰ আকাংক্ষা, প্রয়োজন, দাবী, যাতনা আৰু জীয়াতু ভোগা সমস্যাৰ সমাধান কৰাৰ সময় আহিছে। তেওঁ আৰু কয়, 'তাৰ বাবে, ন্যায়পালিকাই সপ্তাহৰ প্ৰতিটো দিনেই ২৪ ঘণ্টাকৈ কাম কৰা চিকিৎসালয়ৰ দৰে কাম কৰাৰ দৰকাৰ।'
কভিড-১৯ মহামাৰী সময়ৰ কথা স্মৰণ কৰি চি জে আই-এ কয় যে কঠিন সময়ত সাংবিধানিক কৰ্তব্য কৰাৰ বাবে ভাৰতীয় ন্যায়পালিকা বিশ্বজুৰি প্রশংসিত হৈছিল। চি জে আই সূর্যকান্তই আৰু কয় যে ন্যায়িক ব্যৱস্থাৰ উপকাৰৰ বাবে কিদৰে এ আইক ব্যৱহাৰ কৰিব পাৰি (বিশেষকৈ গোচৰসমূহৰ দ্রুত নিষ্পত্তিৰ ক্ষেত্ৰত) সেই কথা পর্যালোচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন সমিতি গঠন কৰিছে।