প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰিঃ দিল্লী-ত্ৰিপুৰাত 'ৱৰ্ক ফ্ৰম হ'ম', মুখ্যমন্ত্রী ড° শৰ্মাৰ কনভয়ৰ গাড়ী ৫খনলৈ হ্রাস

dainik janambhumi May 15, 2026

ডিজিটেল ডেস্ক: কথা মতে কাম। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি কালিৰে পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নিজৰ কনভয়ত থকাবাহনৰ সংখ্যা হ্রাস কৰিছে। সেই অনুসৰি মুখ্যমন্ত্রী ড° শৰ্মাৰ কনভয়ত থকা বাহনৰ সংখ্যা পূৰ্বৰ ১৬ খনৰ পৰা ৫খনলৈ হ্রাস পাইছে। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ত থকা গাড়ীৰ সংখ্যাও পূৰ্বৰ এঘাৰখনৰ পৰা চাৰিখনলৈ হ্রাস পাইছে।পৰৱৰ্তী সময়ত দুয়োগৰাকী নেতাৰে কনভয়ত থকা বাহনৰ সংখ্যা আৰু হ্রাস পোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে দেশত দেখা দিয়া ইন্ধনৰ সংকটৰ প্রতি লক্ষ্য ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পেট্রল, ডিজেলৰ লগতে ৰন্ধন গেছৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। ব্যক্তিগত বাহনৰ পৰিৱৰ্তে তেওঁ ৰে'ল, বাছ আদি ব্যৱহাৰ কৰাৰ কথাও কৈছিল। আনকি প্ৰধানমন্ত্ৰীগৰাকীয়ে বুধবাৰে তেওঁৰ নিজৰ কনভয়ত থকা বাহনৰ সংখ্যা দুখনলৈ হ্রাস কৰিছিল। ইয়াৰ পাছতেই বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ কথা অৱগত কৰি প্ৰকাশ কৰিছিল যে অনাগত ছয় মাহত ৰাজ্য চৰকাৰখনে কোনো নতুন গাড়ী-মটৰ ক্ৰয় নকৰে। 

আনকি আগন্তুক ছমাহত মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিদেশ ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী আৰু বিষয়াৰ কনভয়ৰ বাহন হ্ৰাস কৰা হ'ব বুলি ড° শৰ্মাই জানিবলৈ দিছিল। ইয়াৰ পাছতেই কালি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ কনভয়ৰ বাহনৰ সংখ্যা হ্রাস কৰা কাৰ্য লক্ষণীয় হৈ পৰিছে।

প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি, দিল্লী-ত্ৰিপুৰাত 'ৱৰ্ক ফ্ৰম হ'ম': মধ্যপ্রাচ্যত চলি থকা যুদ্ধ উত্তেজনাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পেট্রলিয়াম সামগ্রী ব্যৱহাৰ হ্ৰাস কৰিবলৈ দেশজুৰি আহ্বান জনাইছিল আৰু 'ৱৰ্ক ফ্ৰম হ'ম'ৰ পোষকতা কৰিছিল। প্রধানমন্ত্রী মোদীৰ এই আহ্বানৰ পাছতেই ত্ৰিপুৰা আৰু দিল্লী চৰকাৰে চৰকাৰী ব্যয় আৰু ইন্ধন ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। 

ত্ৰিপুৰা চৰকাৰে এটা আদেশযোগে সকলো চৰকাৰী বিভাগৰ মুৰব্বীলৈ আদেশ জাৰি কৰি কয় যে চৰকাৰী গ্রুপ চি আৰু ডি কৰ্মচাৰীসকলৰ ৫০ শতাংশ দৈনিক কার্যালয়ত উপস্থিত থাকিব লাগিব। দৈনিক ৫০ শতাংশ কৰ্মচাৰীয়ে 'ৱৰ্ক ফ্ৰম হ'ম' কৰিব লাগিব। অৱশ্যে জৰুৰী কাৰ্যৰ কৰ্মচাৰীসকলে যোগাযোগৰ ক্ষেত্ৰত টেলিফ'ন আৰু ইলেক্ট্ৰ'নিক সঁজুলি সাজু কৰি ৰাখিব লাগিব। 

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বৃহস্পতিবাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত দুদিন ঘৰৰ পৰাই কাম কৰিব লাগিব। দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে সপ্তাহত দুবাৰ 'ৱৰ্ক ফ্ৰম হ'ম' পদ্ধতি অৱলম্বন কৰিব বুলি মুখ্যমন্ত্ৰী গুপ্তাই কয়।

Share This