পুনৰ মুখ্যমন্ত্ৰী হ'ব ড° হিমন্ত বিশ্ব শর্মা, কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ ভৱিষ্যদ্বাণী

dainik janambhumi January 22, 2026

ডিজিটেল ডেস্ক : সমাগত নির্বাচনত জয়ী হৈ ড° হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব। চলিত বৰ্ষৰ আগষ্ট মাহলৈকে অসমত অপ্ৰতিৰোধ্য হৈ থাকিব ড° শর্মা। আনহাতে, এইবাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। ইয়াৰ উপৰি, গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত মাত্র ২০ শতাংশহে প্রত্যাহ্বান হিচাপে থিয় দিব পাৰিব। কংগ্ৰেছৰ সৈতেও লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিত্ৰতা সম্ভৱ নহয়। ইফালে, কৃষিক্ষেত্ৰত ৰাজ্যৰ সামগ্রিক উন্নতি হোৱাৰ লগতে প্ৰজাৰ উন্নতিৰ পথ মুকলি হ'ব। কিন্তু গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো মুখ্য নগৰত অপৰাধ বৃদ্ধি, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন, নাৰীজনিত অপৰাধ, চুৰি-ডকাইতি আদিৰ আশংকা বৃদ্ধি পাব। লগতে অনুপ্রৱেশ, মৌলবাদী কার্যকলাপ আৰু চোৰাং ব্যৱসায়ে জনজীৱনত অশান্তিৰ সৃষ্টি কৰিব।  

এই ভৱিষ্যদ্বাণী কৰিছে দ্বাদশ সংখ্যক কালচক্র পূর্ণাংগ পঞ্জিকাই। আজি অসম চৰকাৰৰ ৰাজ জ্যোতিষী পুলিন চন্দ্ৰ দেৱশৰ্মাই গণনা আৰু সম্পাদনা কৰা কালচক্র পূর্ণাংগ পঞ্জিকা ২০২৬-২০২৭ আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্রখ্যাত বাস্তু শাস্ত্র বিশেষজ্ঞ ড° অনিল বৰুৱাই। দিছপুৰ প্ৰেছ ক্লাবত পঞ্জিকাখন উন্মোচন কৰি জ্যোতিষীজনে প্রকাশ কৰে যে এই কালচক্র পূর্ণাংগ পঞ্জিকা অনুসৰি হিমন্ত বিশ্ব শৰ্মা অসমৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব। তেওঁক কোনো বাধাই ৰখাব নোৱাৰিব। চতুৰ নীতিৰ বাবে প্রত্যাহ্বানৰ মাজেৰে তেওঁ পুনৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন ল'বলৈ সক্ষম হ'ব। আনকি পুনৰ মুখ্যমন্ত্ৰী হ'ব বুলি প্ৰচাৰ চলি থকা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। শনিৰ দৃষ্টিৰ বাবে সোণোৱাল পিছপৰি থাকিব। তেওঁতকৈ এই ক্ষেত্রত বহু ওপৰত থাকিব হিমন্ত বিশ্ব শর্মা। আনহাতে, গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ত্ৰিমূৰ্তিৰ বাবে ২০২৬ বছৰটো অশুভ।

কালচক্র পূর্ণাংগ পঞ্জিকাৰ মতে, ত্রিমূৰ্তিৰ বাবে সুখবৰ নহ'ব। কিন্তু ২০২৭ চনলৈকে ভাল দিন চলিব বদৰুদ্দিন আজমলৰ। আজমল এই সময়ছোৱাত পূৰ্বতকৈ শক্তিশালী হ'ব বুলিও ভৱিষ্যদ্বাণী কৰে পঞ্জিকাখনে। সমাগত নির্বাচনত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শর্মাক মাত্র ২০ শতাংশহে প্রত্যাহ্বান জনাবলৈ সক্ষম হ'ব। গৌৰৱ গগৈৰ শনিৰ প্ৰভাৱ থকাৰ বাবে জনমানসত কিছু প্ৰভাৱ পেলালেও ৰাজনৈতিকভাৱে উত্থান নহ'ব। কিন্তু অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে কোনো প্রত্যাহ্বান জনাবলৈ সক্ষমেই নহ'ব। কংগ্ৰেছৰ সৈতে তেওঁলোকৰ মিত্ৰতাও নহ'ব বুলি পঞ্জিকাৰ গণনাত প্রকাশ পাইছে। ইয়াৰ উপৰি, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ক্ষেত্ৰতো জ্যোতিষীয় বিশেষ প্ৰভাৱ বিস্তাৰৰ যোগ দেখা পোৱা নাই। লক্ষণীয়ভাৱে মিত্ৰদল অসম গণ পৰিষদৰ অভ্যন্তৰীণ সমন্বয়হীনতা আৰু বুজাবুজিৰ অভাৱে দেখা দিব। কালচক্র পঞ্জিকাৰ জ্যোতিষীৰ গণনা মতে, মঙল শস্যাধিপতি ৰূপে অৱস্থিত হোৱাত অসমৰ কিছু অঞ্চলত শস্য বিনাশ, পশু-পক্ষীৰ ৰোগ আৰু কৃষি খণ্ডত ক্ষতিৰ সম্ভাৱনা থাকিলেও শনি জলাধিপতি হোৱাত ৰাজ্যত পর্যাপ্ত বৃষ্টিপাত, শস্য পৰিপূৰ্ণতা আৰু কৃষিক্ষেত্ৰত সামগ্রিক উন্নতিৰ যোগ দেখা গৈছে। ফলত ধনে-ধানে প্ৰজাসকলৰ উন্নতিৰ পথ মুকলি হ'ব। অসমৰ কাৰক ৰাশি কৰ্কট হোৱাৰ বাবে আগন্তুক জুলাইলৈকে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো মুখ্য নগৰত অপৰাধ প্ৰৱণতা বৃদ্ধি, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন, নাৰীজনিত অপৰাধ, চুৰি-ডকাইতি আদিৰ আশংকা আছে। লগতে অনুপ্ৰৱেশ, মৌলবাদী কার্যকলাপ আৰু চোৰাং ব্যৱসায়ে জনজীৱনত অশান্তিৰ সৃষ্টি কৰাৰ আশংকা আছে। অৱশ্যে, তাৰ পাছত অসমে কোনো চিন্তা কৰিবলগীয়া নাথাকিব বুলিও পঞ্জিকাখনে প্রকাশ কৰিছে। ইফালে, ৰাষ্ট্ৰীয় প্রেক্ষাপট বিশ্লেষণ কৰা পঞ্জিকাই প্রকাশ কৰে যে চলিত বৰ্ষৰ মে' মাহৰ পাছত স্বাস্থ্যৰ সমস্যাই দেখা দিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। সমান্তৰালভাৱে কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধীৰো স্বাস্থ্যৰ অৱনতি ঘটিব। ২০২৭ চনৰ ১২ জুলাইলৈকে শনিৰ দশা চলিব ৰাহুল গান্ধীৰ। ফলত তেওঁ কোনো এটা সিদ্ধান্তই শুদ্ধ ৰূপত ল'ব নোৱাৰিব।

Share This