ডিজিটেল ডেস্ক : বাংলাদেশৰ তিস্তা নদী প্রকল্পক লৈ ভাৰতৰ উদ্বিগ্নতাত প্রতিক্রিয়া প্রকাশ কৰিছে চীনে। তিস্তা নদী প্রকল্পলৈ সহযোগিতাৰ কথা পুনৰ প্ৰকাশ কৰি সোমবাৰে চীনৰ বৈদেশিক ম্যালয়ে কয় যে চীন-বাংলাদেশৰ তিস্তা সহযোগিতা চুক্তি তৃতীয় পক্ষৰ প্ৰভাৱৰ পৰা মুক্ত। চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র গাও জিয়াকোনে কয় যে চীন-বাংলাদেশৰ সহযোগিতাই কোনো তৃতীয় দেশক লক্ষ্য কৰি লোৱা নাই। তৃতীয় পক্ষৰ প্ৰভাৱৰ পৰাও ই সম্পূর্ণ মুক্ত বুলি তেওঁ কয়।
উল্লেখযোগ্য যে তিস্তা অৱবাহিকা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট ওচৰত। ইয়াত চীনক নির্মাণকার্য কৰিবলৈ বাংলাদেশে অনুমতি দিয়াত ভাৰতে বিষয়টোত চিন্তা ব্যক্ত কৰিছিল। চীনে তাৰ বিপৰীতে এই প্রকল্পটোক এটা জীৱিকা প্রকল্প বুলি উল্লেখ কৰাৰ লগতে বাংলাদেশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ বুলিও অভিহিত কৰে। 'তিস্তা ৰিভাৰ কম্প্ৰীহেনচিভ মেনেজমেন্ট এণ্ড ৰিষ্টোৰেশ্যন প্রজেক্ট (টি আৰ চি এম আৰ চি) ৰ জৰিয়তে বাংলাদেশে চীনক তিস্তা নদীত খনন কাৰ্য চলোৱাৰ লগতে বিভিন্ন নিৰ্মাণকাৰ্য কৰিবলৈও অনুমতি দিছে? চীনে নদীখনৰ বাংলাদেশত প্ৰৱেশ কৰা স্থানৰ পৰা প্ৰায় ১০০ কিল'মিটাৰৰো অধিক অংশত খনন কাৰ্য চলাব।
ভাৰতৰ শিলিগুৰি কৰিডৰ বা চিকেন নেকৰ পৰা এই অঞ্চলৰ দূৰত্ব খুব কম। নদীখন ভাৰত হৈয়ে বাংলাদেশলৈ বৈ গৈছে। গতিকে, অঞ্চলটোত চীনৰ আগ্রাসনক লৈ ভাৰতে চিন্তা ব্যক্ত কৰিছিল। কিন্তু চীনে সোমবাৰে প্ৰকাশ কৰে যে এই প্রকল্পই কোনো তৃতীয় ৰাষ্ট্ৰক লক্ষ্য কৰি লোৱা নাই।