কৃত্রিম সূর্য নিৰ্মাণৰ দিশে চীনৰ সবল খোজ, ৫৮২ মেট্রিকটনৰ ছুপাৰকণ্ডাক্টিং ফিউজন মেগনেটৰ সফল পৰীক্ষা

dainik janambhumi July 29, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ চুবুৰীয়া দেশ চীনে এটা বৃহৎ কৃত্রিম সূর্য নিৰ্মাণৰ বাবে দ্রুতগতিত কাম-কাজ চলাই আছে। দেশখনে এই আঁচনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ 'ছুপাৰকণ্ডাক্টিং ফিউজন মেগনেট'ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। এই ছুপাৰকণ্ডাক্টিং ফিউজন মেগনেট হৈছে এবিধ অতি শক্তিশালী চুম্বক, যিয়েই পাৰমাণৱিক সংযোজন ৰিয়েক্টৰত ১০ কোটি ডিগ্রী চেলছিয়াছতকৈও অধিক উষ্ণ প্লাজমাক নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ হয়। এই বৃহৎ চুম্বকৰ পৰীক্ষাৰ দ্বাৰাই চীনে কৃত্রিম সূর্য নিৰ্মাণৰ ক্ষেত্ৰত এটা সবল খোজ আগবঢ়ালে। 

দেশখনে বিশ্বৰ সৰ্ববৃহৎ ছুপাৰকণ্ডাক্টিং ফিউজন মেগনেটৰ পৰীক্ষা অপলতে সম্পন্ন কৰে। এই চুম্বকৰ ওজন হৈছে ৫৮২ মেট্রিকটন। ২০৩০ চনৰ ভিতৰত এই ফিউজনৰ শক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰাৰ বাবে চীনে লক্ষ্য স্থিৰ কৰিছে। পাৰমাণৱিক সংযোজনৰ দ্বাৰা স্বচ্ছ আৰু সীমাহীন শক্তি উৎপাদনৰ বাবে এই ছুপাৰকণ্ডাক্টিং মেগনেট অত্যাৱশ্যকীয়। চীনৰ পৰিকল্পনা সফল হ'লে কার্বনমুক্ত শক্তি উৎপাদনৰ ক্ষেত্ৰত ই বিশ্বৰ আগৰণুৱা দেশ হ'ব। চীনৰ বিজ্ঞান একাডেমিৰ অধীনত প্লাজমা ফিজক্স প্রতিষ্ঠানৰ বিজ্ঞানীসকলে এই পৰীক্ষা সম্পন্ন কৰে। 

চীনৰ কৃত্ৰিম সূর্য হৈছে প্রকৃততে এটা পাৰমাণৱিক সংযোজন ৰিয়েক্টৰ। যিয়েই সূৰ্যৰ দৰেই শক্তি উৎপাদন কৰিব। প্রায় ১০০ নিযুত ডিগ্রী চেলছিয়াছ উষ্ণতাত হাইড্র'জেন অণু সংযোগ ঘটাই কার্বনমুক্তভাৱে অপর্যাপ্ত শক্তি উৎপাদন কৰিব এই কৃত্রিম সূর্যই।

Share This