ডিজিটেল ডেস্ক : আফ্রিকা মহাদেশৰ ৰাষ্ট্ৰ গণতান্ত্রিক প্রজাতন্ত্র কংগোত (ডি আৰ কংগো) ইব'লা ভাইৰাছৰ সংহাৰ দিনক দিনে বৃদ্ধি পাইছে। প্রধানতঃ দেশখনৰ পাঁচখন প্রদেশত ইয়াৰ সংক্ৰমণ দ্রুতগতিত বাঢ়িছে। শেহতীয়া তথ্য অনুসৰি, ডি আৰ কংগোত ১৫ মে'ৰ পৰা বৰ্তমানলৈকে ইব'লাত মৃত্যুৰ সংখ্যা ১,৪০৫জন হ'লগৈ। আনহাতে, সম্প্রতি চিকিৎসাধীন হৈ আছে প্রায় ৩,২০০ ৰোগী। দেশখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ১০ দিনৰ ভিতৰতে ১০০০ লোক এই ভাইৰাছত আক্রান্ত হয়। ইব'লাৰ বুণ্ডিবুণ্ডা প্ৰজাতিৰ দ্বাৰা চলিত বৰ্ষত দেশখনৰ জনতাৰ মাজত সংক্ৰমণ বৃদ্ধি হৈছে। এই নতুন প্ৰজাতিৰ দ্বাৰা সৃষ্ট ৰোগৰ কোনো প্রতিষেধক বা চিকিৎসা বর্তমানলৈ ওলোৱা নাই।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, দক্ষিণ ছুডান আৰু উগাণ্ডাৰ সীমান্তৱৰ্তী ডি আৰ কংগোৰ ইটুৰি প্ৰদেশত সর্বাধিক ৯০ শতাংশ আক্রান্ত হৈছে। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ তথ্য অনুসৰি, দেশখনৰ পাঁচখন প্ৰদেশত ইব'লাৰ সংক্ৰমণ হৈছে। ইয়াৰ দুখন প্রদেশত নতুনকৈ ইব'লাৰ ভাইৰাছে শিপা মেলিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ উপৰি বিভিন্ন সংস্থাই মানৱ সেৱামূলক কামৰ অংশ হিচাপে ডি আৰ কংগোত সাহায্য অভিযানৰ বাবে যাবলৈ চেষ্টা কৰিছে যদিও ভাইৰাছটো অত্যন্ত সংক্রামক হোৱাৰ বাবে মাত্ৰ কেইটামানহে সংস্থা তালৈ যাব পাৰিছে।
ৰোগীৰ চিকিৎসাত ব্রতী শতাধিক স্বাস্থ্যকর্মী-চিকিৎসকৰো ইব'লাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ইফালে বহু চিকিৎসালয়ে এনে কঠিন সময়তো ৰোগীৰ চিকিৎসা চলাই যোৱা বহু স্বাস্থ্যকর্মীক মাহেকীয়া বেতন নিদিয়াত কাম এৰিছে শ শ স্বাস্থ্যকর্মীয়ে। উল্লেখযোগ্য যে ইব'লাই যোৱা পাঁচটা দশকত আফ্রিকাত সংহাৰী ৰূপ ধাৰণ কৰি আহিছে।