চজিনা পাতৰ আছে বহু উপকাৰী গুণ, জানো আহক এনে কি কি গুণ আছে?

Kakali Deka December 04, 2023

ডিজিটেল ডেস্কঃ এতিয়া চজিনাৰ বতৰ। বহু লোকে চজিনাৰ লগতে চজিনাৰ পাত খাবলৈ ভালপায়। কাৰণ চজিনাৰ পাতত আছে বহুতো লাভকাৰী উপাদান। চজিনা পাতত ভিটামিন, খনিজ, এন্টিঅক্সিডেন্ট পোৱা যায় বাবে হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰা হয় ইয়াক বহুতো ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়।গতিকে চজিনা পাত কোনবোৰ ৰোগৰ বাবে উপকাৰী জানো আহক।

১. ব্লাড দুগাৰ নিয়ন্ত্রণত ৰাখে:-ডায়েবেটিচ ৰোগীৰ বাবে চজিনা পাত অত্যন্ত উপকাৰী। দৰাচলতে চজিনাৰ পাত এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ, যাৰ বাবে বক্ত

শৰ্কৰা নিয়ন্ত্রণত থাকে। সেয়েহে ডায়েবেটিচ ৰোগীসকলে আহাৰত চজিনাৰ পাত অন্তর্ভুক্ত কৰিব পাৰে।

২. কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়েঃ- চজিনাৰ পাতে কৰ্কট ৰোগৰ আশংকাও হ্রাস কৰে। কাৰণ এই পাতত বিভিন্ন ধৰণৰ
এন্টিঅক্সিডেন্ট, ভিটামিন-চি, জিংক আৰু অন্যান্য সক্রিয় উপাদান থাকে, যি কৰ্কট ৰোগৰ কোষ আৰু মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্রাস কৰাত সহায়ক হয়।

৩. হৃদযন্ত্র সম্পর্কীয় সমস্যা হ্রাস কৰেঃ-চজিনাৰ পাতে শৰীৰত থকা বেয়া কলেষ্টৰেল প্রস্তুত হোৱাত হ্রাস কৰে। চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ অমেগা-৩ ফেটি এচিড থাকে, যি কলেষ্টৰেলৰ স্তৰ হাস কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।

৪. বিপি নিয়ন্ত্ৰণত ৰাখেঃ-চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ পটাছিয়াম পোৱা যায়। সেয়েহে চজিনাৰ পাতে বিপি নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। অর্থাৎ যিসকলৰ বিপি উচ্চ হৈ থাকে, তেওঁলোকে নিশ্চিতভাৱে আহাৰৰ তালিকাত চজিনাৰ পাত
অন্তর্ভুক্ত কৰিব পাৰে।

ইয়াৰ লগতে চজিনাৰ পাতে ৰক্তহীনতা দূৰ কৰাৰ লগতে চকুৰ সমস্যাও হ্রাস কৰে।

Share This