ধ্ৰুপদী অসমীয়া

Dainik Janambhumi October 07, 2024

ডিজিটেল ডেস্কঃ সংস্কৃতৰ সমানে সমানে অসমীয়াই আমাৰ দেশৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো কম কথা নহয়৷ শ শ জাতি-জনগোষ্ঠী, কেইবাশ ভাষা-দোৱানৰ বৈচিত্ৰ্যৰে ভৰপুৰ ভাৰতৰ মাত্ৰ ১১টা ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে জগতসভালৈ যোৱাৰ পথ মসৃণ হৈ পৰিল অসমীয়াৰ৷ এতিয়া আন্তৰ্জাতিক পৰ্যায়ত হ’ব অসমীয়াৰ গৱেষণা৷ বিশ্বৰ ভাষানুৰাগীয়ে ল’ব ‘অসমীয়া’ৰ ভাষিক-সাংস্কৃতিক-ঐতিহ্যৰ সুৱাস৷ অসমীয়া ভাষাৰ বিষয়ে চৰ্চাৰ ক্ষেত্ৰত প্ৰৱৰ্তন হ’ব আন্তৰ্জাতিক বঁটা৷

এনেদৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ ফলত আমাৰ ভাষাটো কেনে এটা স্তৰলৈ উন্নীত হ’ল, কেনেকৈ ইয়াৰ অস্তিত্বক লৈ বিৰাজ কৰি থকা শংকাৰো আপাততঃ ইতি পৰিল, সেই বিষয়ে এইকেইটা দিনত যথেষ্ট চৰ্চা বিভিন্ন মাধ্যমত হৈছে৷ কিন্তু লগে লগে এই প্ৰশ্নটোও উত্থাপিত হৈছে যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ বাবে চৰকাৰ, একাংশ ব্যক্তি-সংগঠনৰ প্ৰচেষ্টাৰ উদ্দেশ্য ইমানৰ বাবেইনে?

ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ বাবে এটা ভাষাক কি কি অৰ্হতাৰ প্ৰয়োজন সেই দিশবোৰৰ ইতিমধ্যে বিস্তৃত চৰ্চা হৈছে, সিবোৰৰ পু¸নৰুল্লেখৰ প্ৰয়োজন নাই৷ আমি এটা কথাই নতশিৰে স্বীকাৰ কৰিব লাগিব যে উত্থান-পতনৰ বহু ধুমুহাৰ মাজেদি পাৰ হৈয়ো, বহুকেইটা ৰাজনৈতিক শাসনৰ সালসলনিৰ পাছতো আৰু বিভিন্ন প্ৰকাৰৰ প্ৰব্ৰজনৰ ফলত বিৱৰ্তনৰ মাজেদি আহি আহি আধুনিক জনগাঁথনিৰ অৱস্থাটো প্ৰাপ্তিৰ কালচক্ৰ অতিক্ৰম কৰিও বোৱঁতী নৈৰ দৰে অসমীয়া ভাষাই এটা নিৰৱচ্ছিন্ন সুঁতিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বাবেই আজি ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাযা প্ৰাপ্তি সম্ভৱ হৈ উঠিছে৷ পঞ্চদশ শতিকাৰ পৰাই অসমীয়া লিপিৰ স্বকীয়তা বিভিন্ন উদাহৰণেৰে প্ৰতিপন্ন হৈছে৷ চীনা প্ৰব্ৰজনকাৰী হিউৱেন চাঙে নিজৰ ভ্ৰমণ বৃত্তান্ততে কামৰূপৰ ভাষাক উত্তৰ মধ্য ভাৰতৰ অন্য ভাষাতকৈ বেলেগ বুলি লিখি থৈ গৈছে৷ চতুৰ্থ-পঞ্চম শতিকাৰ কামৰূপী লিপি, ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ ব্যৱহৃত অসমীয়া লিপি আৰু ঊনবিংশ শতিকাৰ পৰা আজিলৈকে আধুনিক অসমীয়া লিপিৰেই এই সুঁতিটোৰ সৃষ্টি হোৱাৰ গৱেষণামূলক ব্যাখ্যা ভাষাবিদসকলে দি থৈ গৈছে৷ সাহিত্য উপলব্ধ নহ’লেও শিলালিপিবিলাকে কামৰূপী লিপিৰ লগতে মধ্যযুগীয় অসমীয়া লিপিৰ আৰ্হি আৰু উদাহৰণ অসমীয়াক দিছে৷ কামৰূপী প্ৰাকৃত আৰু অপভ্ৰংশৰ জৰিয়তে বিকশিত অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসৰ ধাৰাটোকো চৰ্যাপদ, অৰ্থাৎ বৌদ্ধধৰ্মী গীতবিশেষ, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ ৰচনাসমূহকে ধৰি বহুজনৰ ধ্ৰুপদী সাহিত্যসমূহে সবল আৰু নিৰৱচ্ছিন্নভাৱে বোৱাই অনাৰ পাছত ঊনবিংশ শতিকাৰ নৱজাগৰণে এক ভৰপূৰ অৱস্থালৈ ৰূপান্তৰ ঘটায়৷ ইয়াৰ বিস্তৰ চৰ্চা- গৱেষণা হৈছে আৰু এই ধাৰাটোৰ কাণ্ডাৰীসকলৰ অসমীয়াৰ ভাষা-সাহিত্যক সমৃদ্ধ কৰাৰ সংগ্ৰামখনলৈ আগবঢ়োৱা অৱদান, ত্যাগৰ বিষয়ে আজিৰ প্ৰজন্মই এই চৰ্চাবিলাকৰ পৰাই জানিবলৈ সক্ষম হৈছে৷ ওঠৰ আৰু ঊনৈশ শতিকাত অসমীয়া জাতিটোৰ মৃতপ্ৰায় অৱস্থা হৈছিল৷

কিন্তু ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা, বিশেষকৈ ‘অৰুণোদই’ৰ উদয়ৰ পৰা এচাম জাতীয় যোদ্ধাই অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধ অতীত খুঁচৰি উলিয়াই আনি আধুনিক ভাষা-সাহিত্যৰ এটা নতুন আৰু অবিস্মৰণীয় অধ্যায় ৰচনা কৰি অসমীয়া ভাষাটোক আজিৰ ‘ধ্ৰুপদী’ ভাষাৰ মৰ্যাদা প্ৰাপ্তিৰ পৰ্যায়লৈ আনিব পৰাৰ ভেটিটো টনকিয়াল কৰি দিলে, সেই ইতিহাস আজিৰ ক্ষণত সুঁৱৰিবই লাগিব৷ অসমীয়াই ‘ধ্ৰুপদী’ ভাষাৰ মৰ্যাদা পাইছে, সেয়া জাতিৰ বাবে পৰম প্ৰাপ্তি, কিন্তু লগতে এই কথাও জানিব লাগিব যে অসমীয়াই আজি বিশ্বৰ সন্মুখত এটা সমৃদ্ধ জাতিৰ ৰূপত মূৰ তুলি থিয় হ’ব পৰা অৱস্থাটো আমি পাইছোঁ একমাত্ৰ সেই ভাষিক জাতীয়তাবাদ প্ৰতিষ্ঠাৰ অনন্য সংগ্ৰামখনৰ বাবেহে৷ আজি ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিয়ে সেয়েহে আমাক সকীয়াই দিছে যে অসমীয়া মহাজাতি হৈ সুদীৰ্ঘ কাললৈ জীয়াই থাকিবলৈ হ’লে ভাষাটোক সমৃদ্ধ কৰি ৰখাৰ গত্যন্তৰ নাই৷ অসমীয়াই এনে এটা সময়ত ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, যি সময়ত নিজৰ মাটিতে ভাষাটো চৰ্চা কৰা মানুহৰ সংখ্যা সংকুচিত হৈ আহিছে৷ নৱপ্ৰজন্মৰ বুজন অংশ এটাৰ পঢ়াশালিত সীমিত পৰিসৰত লাভ কৰা ভাষা শিক্ষাৰ বাদে অসমীয়া ভাষাটোৰ চৰ্চা কৰাৰ কোনো আগ্ৰহ নাই৷ অসমীয়া জনাসকলৰো ৮০/৯০ শতাংশই শুদ্ধকৈ লিখিব নাজানে নিজৰ ভাষাটো, বহুতে অসমীয়া ভাষাৰ সাহিত্য ৰচনা কৰে, কিন্তু ভাষাৰ শুদ্ধতা ৰক্ষাৰ প্ৰতি দৃষ্টি কিম্বা আন্তৰিকতা নাই, চৰকাৰৰো অসমীয়া ভাষাৰ শিক্ষানুষ্ঠানবিলাক ৰক্ষা কৰা বা সমৃদ্ধ কৰি তোলাৰ আগ্ৰহ নাই, জনগোষ্ঠীসমূহৰ মূল সংযোগী ভাষা অসমীয়াৰ প্ৰতি পূৰ্বৰ টান নাই৷ ফলত অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ কি, তাক লৈ উদ্বেগৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ এই অৱস্থাত আমাৰ সন্মুখত থকা একমাত্ৰ বিকল্পটো হ’ল– ‘ধ্ৰুপদী’ ভাষা অসমীয়াক ৰক্ষা কৰিবলৈ নতুন প্ৰজন্মৰ এচাম অক্লান্ত আৰু নিষ্ঠাৱান ভাষাযোদ্ধাৰ জন্ম হ’ব লাগিব৷ এই ভাষাযোদ্ধাসকলেই সৃষ্টি কৰিব লাগিব অসমীয়া ভাষাৰ নতুন নতুন ধ্ৰুপদী সাহিত্যৰ৷ সেই সংগ্ৰাম আৰু নিষ্ঠা দেখি অনুপ্ৰাণিত হ’ব লাগিব পৰৱৰ্তী চাম৷ তেতিয়াহে অসমীয়াই ধ্ৰুপদী ভাষাৰ সন্মান লাভৰ হাজাৰবছৰীয়া সংগ্ৰামখনৰ সাৰ্থকতা প্ৰতিপন্ন হ’ব৷

Share This