কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন

dainik janambhumi August 17, 2025

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ কিস্তৱাড় জিলাৰ চশোতী গাঁৱত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাটোৰ দুদিনৰ পাছতো সন্ধানহীন হৈ থকা লোকসকলৰ আত্মীয়সকলে আপোনজনক বিচাৰি ফুৰাৰ কৰুণ দৃশ্য পৰিলক্ষিত হৈছে। 

আকস্মিক বানৰ ধলত বাগৰি অহা ধ্বংসাৱশেষ শিল-বালিৰ তলত নিখোজ লোকসকল আবদ্ধ হৈ থকাৰ সন্দেহত আত্মীয়-স্বজন তথা উদ্ধাৰকাৰীৰ দলে এতিয়াও অভিযান চলাই আছে। আনহাতে, উদ্ধাৰকাৰীৰ দলে ৬০টা মৃতদেহ ধ্বংসস্তূপৰ তলৰ পৰা উদ্ধাৰ কৰিছে। উদ্ধাৰ অভিযানে ইতিমধ্যে তৃতীয় দিন অতিক্ৰম কৰিছে। 

বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত পদ্দাৰ মহকুমাৰ গাঁওখনত অহা আকস্মিক বানৰ ধলে উটুৱাই দিয়াৰ পাছত এতিয়াও ৮২জন লোক সন্ধানহীন হৈ আছে। ইয়াৰ ৮১গৰাকী ভক্ত আৰু এজন চি আই এছ এফৰ জোৱান। জম্মু-কাশ্মীৰৰ কিস্তৱাড় জিলাৰ প্ৰশাসনে প্ৰকাশ কৰা মতে, মৃতকৰ সংখ্যা আৰু অধিক হ'ব পাৰে। উল্লেখযোগ্য যে প্রতিকূল বতৰৰ বাবে উদ্ধাৰ কার্য কিছু কিছু সময়ত ব্যাহত হৈছে।

Share This