কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ, 'জুবিন-হত্যাৰ গোচৰৰ বিচাৰ চলাই থকা বলিষ্ঠ ন্যায়াধীশক আঁতৰোৱাৰ ষড়যন্ত্র'

dainik janambhumi February 23, 2026

ডিজিটেল ডেস্ক: 'জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত প্রতিটো অপৰাধীৰ জামিন আৱেদন এইজন ন্যায়াধীশে নাকচ কৰিছে। এইজন ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাৰ জামিন আৱেদন নাকচ কৰিছে আৰু ভয়তে শ্যামকানু আৰু সিদ্ধার্থই জামিন আৱেদন প্রত্যাহাৰ কৰিছে। এইজন বলিষ্ঠ ন্যায়াধীশৰ আদালতৰ পৰা জুবিনৰ গোচৰটো আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছে।' কালি জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ তদন্তৰ বাবে ফাষ্টট্রেক আদালত গঠন কৰাৰ বাবে ৰাজ্যজুৰি উত্থাপিত দাবীৰ প্ৰতিক্রিয়া প্রকাশ কৰি কালি এইদৰেই কয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

তেওঁ কংগ্রেছক প্রত্যক্ষভাৱে আক্রমণ কৰি কয় যে জুবিনৰ গোচৰটো এইজন ন্যায়াধীশৰ পৰা আঁতৰ কৰাৰ ষড়যন্ত্ৰৰ নেতৃত্ব লৈছে কংগ্রেছ দলে আৰু এটা বিশেষ সংবাদ গোষ্ঠীয়ে। এজন মানুহক লৈ ইমান ৰাজনীতি চলা মই আগতে দেখা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে প্রিয়ংকা গান্ধী আৰু কংগ্ৰেছ দলে 'খুল্লাম খুলাকৈ' জুবিনৰ নামত ৰাজনীতি কৰিছে।'২৬-ৰ ফেব্ৰুৱাৰীত হ'ব লগা কেবিনেট বৈঠকত ফাষ্টট্রেক আদালত গঠন কৰাৰ বিষয়টো আলোচনা কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে আদালত সলনিৰ বাবে পৰামৰ্শ আহিব লাগিছিল আচলতে জিয়াউৰ কামাৰৰ পৰা বা অধিবক্তাৰ দলৰ পৰা, কিন্তু আহিছে কাৰ পৰা? জুবিনৰ নামেই নাই শুনা বুলি কোৱা প্রিয়ংকা গান্ধীয়ে অকল ভোটৰ বাবেই জুবিনৰ সমাধিলৈ গৈছিল বুলি দাবী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীক প্রত্যাহ্বান জনাই কয় যে তেওঁলোকৰ সাহস আছে যদি অসম আন্দোলনৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাওক আৰু কওক মোৰ আইতা আৰু দেউতাই যি পাপ কৰিছিল তাৰ প্ৰায়চিত্ত কৰিবলৈ আহিছোঁ। 

মুখ্যমন্ত্রীজনে লগতে এই বুলিও কয় যে ৰাইজে বিচাৰিলে ফাষ্টট্রেক আদালত গঠন কৰি দিয়া হ'ব। কিন্তু তাৰ পাছৰ পৰিণতিৰ দায়িত্ব কোনে ল'ব, তেওঁ কয় যে প্রকৃততে দাবী উঠিব লাগিছিল এইজন ন্যায়াধীশৰ আদালততে প্রতিদিনে শুনানি হ'ব লাগে। এয়া বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰবল ষড়যন্ত্ৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আদালত সলনি কৰি হত্যাকাৰীক জামিন দিবলৈ এটা চক্ৰই ষড়যন্ত্ৰ কৰিছে, যাতে মুখ্যমন্ত্রী আৰু বিজেপিক শ'লঠেকত পেলাব পাৰি। মুখ্যমন্ত্ৰীজনে কয়, 'মই জুবিনক লৈ ৰাজনীতি নকৰোঁ, সেয়েহে নিৰ্বাচনৰ সময়ত জুবিন ক্ষেত্ৰলৈ নাযাওঁ। যদি ভগৱানৰ কৃপাত আকৌ মুখ্যমন্ত্রী হওঁ, তেতিয়া যাম জুবিন ক্ষেত্রলৈ।'

Share This