ডিজিটেল ডেস্ক: কালি সমগ্র অসমতে বিকাশৰ এক নতুন ইতিহাসৰ সূচনা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বহুদিনৰ পূৰ্বেই উল্লেখ কৰি কৈ গৈছে যে বিকাশৰ সমান্তৰালভাৱে আমাৰ ইতিহাসকো সন্মান জনাব লাগিব।
প্ৰধানমন্ত্ৰীৰ সেই কথা, সেই পৰামৰ্শৰ আঁত ধৰিয়েই আমি আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰা, এই দেশৰ, এই ভূ-খণ্ডৰ সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা কুমাৰ ভাস্কৰ বৰ্মাৰপৰা মহাৰাজ পৃথুলৈকে যেনেদৰে নৱপ্ৰজন্মৰ মাজত এইখন অসমৰ ঐতিহ্য পৰিচয় কৰাই দিয়াৰ ভিন্ন পদক্ষেপ গ্রহণ কৰিছোঁ, তেনেদৰে জাতীয় চেতনাৰে উদ্বুদ্ধ দেশমাতৃৰ বাবে নিজৰ জীৱন উছৰ্গা কৰি যোৱা মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাৰ নামত কালি শিক্ষা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ যোৰহাটত নৱনিৰ্মিত এখন উৰণ সেতু মুকলি কৰি যোৰহাটৰ লগতে ৰাজ্যখনকো বিকাশৰ আন এক নতুন মাত্রা দিবলৈ নিশ্চিতভাৱে আমি সক্ষম হৈছোঁ বুলি অনুভৱ কৰিছোঁ।
যোৰহাট নগৰৰ এ টি ৰ'ডৰ ওপৰত ১৭৮ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা ১.২৭ কিঃমিঃ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণ সেতুখন কালি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা ভাষণত এনেদৰে ৰাজ্যখনৰ ভিন্ন দিশৰ উন্নয়ন তথা বিকাশৰ সমান্তৰালভাৱে আমাৰ ইতিহাসৰ চেতনা নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বেলিকা কেনেদৰে প্ৰচেষ্টা গ্রহণ কৰা হৈছে, সেই প্ৰসংগতে এনেদৰে কয়। প্রসংগক্রমে তেওঁ ২০৩০ চনৰ ভিতৰত ৰাজ্যখনৰ এশখন মহাবিদ্যালয় বিশ্ববিদ্যালয় পর্যায়লৈ উন্নীত কৰাৰো পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ ভিতৰতে শিক্ষা-সংস্কৃতিৰ অভিকেন্দ্ৰ যোৰহাটৰ ভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত স্থানীয় বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে সততে কেনেদৰে সহযোগিতা আগবঢ়াই আহিছে, সেই প্রসংগও উল্লেখ কৰাৰ লগতে উৰণ সেতুখন নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়তেই আহি পৰা বাধাৰ সন্মুখত তেওঁ (স্থানীয় বিধায়ক) কেনেদৰে সাহসৰূপে থিয় দিছিল, সেই বিষয়েও উল্লেখ কৰে। ৰাজ্যখনৰ আৰ্থ-সামাজিক বিকাশৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই নিজৰ বাস্তৱ অভিজ্ঞতাৰে কয় যে সদায় আকাশ চোৱাৰ সপোন দেখিব লাগে আৰু তেতিয়াহে লক্ষ্য প্রাপ্তিৰ বাবে মনোবল দৃঢ় কৰিব পাৰি।
কিয়নো আকাশ চোৱাৰ সপোন নেদেখা হ'লে আমাৰ দৰে মানুহেই আজি মহাকাশৰ ৰহস্য ভেদ কৰাৰ বাবে মহাকাশত গৱেষণা কৰাৰ বাবে স্থান লাভ কৰিব নোৱাৰিলেহেঁতেন। ৰাজ্যখনৰ শিক্ষা, চিকিৎসা, যাতায়াত, ক্রীড়া, খোৱাপানী আদি ভিন্ন দিশৰ উন্নয়নৰ লগতে গৰিষ্ঠসংখ্যক লোককে স্বনিৰ্ভৰ হোৱাৰ বাট মুকলি কৰাৰ প্ৰচেষ্টা গ্ৰহণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আজি মই আত্মবিশ্বাসী যে দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমে যে স্থান লাভ কৰিব, সেই লক্ষ্য প্রাপ্তিলৈ আৰু বেছিদিন নাই বুলিও মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানতে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পুথিভঁৰাল, ইনড'ৰ ষ্টেডিয়াম আৰু ২০০খন বিছনাযুক্ত ছাত্ৰাৱাসৰ শুভাৰম্ভৰ লগতে বৰভেটি প্রাংগণৰ সংহত উন্নয়নৰ শিলান্যাস কৰে। তদুপৰি মইনাপৰীয়া নামঘৰৰ অতিথিশালা, লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰৰো শুভাৰম্ভ কৰা হয়।
মুখ্যমন্ত্ৰীয়ে কালি বিয়লি ভাগত যোৰহাটত উপস্থিত হৈ মুঠ ৬২৭ কোটি টকাৰ ব্যয়েৰে কেইবাটাও অভিলাষী প্রকল্পৰ শুভাৰম্ভ কৰে। উৰণ সেতু মুকলিৰ আজি এই অনুষ্ঠানতে যোৰহাট জিলা প্রশাসনে সৰ্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে সাজু কৰি তুলিব পাৰে, সেই সম্পৰ্কত জিলাৰ আয়ুক্ত জয় শিৱানীয়ে উদ্যোগ লৈ আৰম্ভ কৰা 'প্রগতি' শীর্ষক প্রশিক্ষণ কার্যসূচী এটাৰো শুভাৰম্ভ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে আগবঢ়োৱা আদৰণী ভাষণত যোৰহাট সমষ্টিয়েই নহয়, সমগ্র জিলাখনৰ উন্নয়নৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কেনেদৰে সকলো দিশতে পূর্ণ সহযোগিতা আগবঢ়াই আহিছে, সেই সন্দর্ভতো কৃতজ্ঞতা প্রকাশ কৰে।