বিধানসভা সচিবালয়ত সংযোজন, ডিজিটেল সংগ্রহালয়, 'আলিছা' উদ্বোধন মুখ্যমন্ত্ৰীৰ

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ চৌহদত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম বিধানসভা সচিবালয় ভৱনৰ লগতে ডিজিটেল সংগ্ৰহালয় আৰু কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত অসম বিধানসভাৰ ডিজিটেল তথ্য প্রদান ব্যৱস্থা 'আলিছা-এ আই ফৰ লেজিছলেটিভ ইন্টেলিজেন্স ছিষ্টেম অব্ আছাম' আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 

উল্লেখ্য যে, ভূমি মহলাকে ধৰি মুঠ ১৭ মহলীয়া অসম বিধানসভা সচিবালয় ভৱনটো অত্যাধুনিক বিভিন্ন সা-সুবিধাৰে সমৃদ্ধ। প্রায় ৮ হাজাৰ বৰ্গমিটাৰৰ এই সুবিশাল ভৱনটো 'ভৱন পৰিচালনা পদ্ধতি' (বি এম এছ)ৰ দ্বাৰা পৰিচালিত হ'ব, য'ত এক নির্দিষ্ট স্থানৰ পৰাই বিভিন্ন মহলাৰ বৈদ্যুতিক উপকৰণকে ধৰি বিভিন্ন ব্যৱস্থা নিয়ন্ত্রণ কৰিব পৰা যাব। 

আনহাতে, ডিজিটেল সংগ্রহালয়টোত বিভিন্ন বীথিকাৰ জৰিয়তে অসমৰ ৰাজনৈতিক ক্ষেত্রখন গঢ় দিয়াত অসম বিধানসভাৰ ভূমিকা, অসমৰ গণতান্ত্রিক যাত্ৰাৰ উল্লেখনীয় ঘটনাক্রম, অসমৰ গণতান্ত্রিক, সামাজিক আৰু সাস্কৃতিক ক্ষেত্ৰ গঢ় দিয়াত বিধানসভাৰ বিশিষ্ট নেতাসকলৰ অনন্য ভূমিকা আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই অসম বিধানসভাৰ কেন্দ্ৰীয় সভাকক্ষত অসম বিধানসভাৰ তথ্য ভাণ্ডাৰৰ পৰা বিভিন্ন তথ্য, পৰিসংখ্যা আদি ক্ষিপ্রগতিত বিশ্লেষণ কৰি যোগান ধৰিব পৰা 'আলিছা - এ আই ফৰ লেজিছলেটিভ ইন্টেলিজেন্স ছিষ্টেম অব্ আছাম' আনুষ্ঠানিকভাৱে মুকলি কৰে। 

কৃত্রিম বুদ্ধিমত্তাৰে সমৃদ্ধ এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে তথ্য অন্বেষণকাৰীয়ে অসম বিধানসভাৰ প্ৰায় এশ বছৰীয়া পৰিক্ৰমাৰ প্রতিখন আইন, সিদ্ধান্ত আদিকে ধৰি বিশাল তথ্য ভাণ্ডাৰৰ পৰা বিভিন্ন তথ্য অতি ক্ষিপ্রগতিত লাভ কৰিব। 

অসমীয়া, বড়ো, হিন্দী আৰু ইংৰাজী ভাষাত তথ্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষ্যত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মোমিন, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Share This