ৰাজ্যজুৰি ৪৭২.৫১ কোটি টকাৰ নিচাযুক্ত সামগ্রী দাহ, ড্ৰাগৰ ওপৰত মুখ্যমন্ত্ৰীৰ ৰোলাৰ

dainik janambhumi July 13, 2026

ডিজিটেল ডেস্ক : নিচামুক্ত অসম গঢ়াৰ লক্ষ্য লোৱা অসম চৰকাৰে কালি ৰাজ্যৰ বিভিন্ন জিলাত প্রায় ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্রী দাহ কৰে। আনকি নিচাজাতীয় সামগ্রী দাহ অভিযানত খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰে। 

উল্লেখযোগ্য যে বিগত সময়ত ৰাজ্যজুৰি বিভিন্ন গোচৰত জব্দ কৰা ড্ৰাগছসমূহ পুনৰ অবৈধ বজাৰত উপলব্ধ হোৱাটো ৰোধ কৰাৰ বাবে কালি ৰাজ্যৰ প্রান্তে প্রান্তে বিজ্ঞানসন্মতভাৱে ধ্বংস কৰা হয়। নলবাৰী জিলাৰ দৌলাশালত মুখ্যমন্ত্রীয়ে এই অভিযানত নেতৃত্ব প্রদান কৰি সমগ্ৰ প্ৰক্ৰিয়াৰ তদাৰক কৰে। মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত মুখ্যমন্ত্রীয়ে নিজেই কলাৰ চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী নষ্ট কৰে। 

কালি ধ্বংস কৰা নিষিদ্ধ নিচাজাতীয় সামগ্ৰীসমূহৰ ভিতৰত আছে ৩৯.০৬৮ কিঃগ্রাঃ মর্ফিন (প্রায় ৩৯.০৭ কোটি টকা), ৭৯.৭৭০ কিঃ গ্রাঃ আফিং (প্রায় ৩.৯৮ কোটি টকা), ০.০৪৭১ কিঃ গ্রাঃ কোকেইন (প্রায় ২৩.৫৫ লাখ টকা), ১৯,০২,৯২২টা য়াবা টেবলেট (প্রায় ৭৯.৬৪ কোটি টকা), ৫৮.৮৭৭ কেজি হেৰ'ইন (প্রায় ১১৭.৭৫ কোটি টকা), ৯.৪৯ কেজি পপি ষ্টু' (প্রায় ১.৪৩ লাখ টকা), ২,২৯,৪৪৯ বটল কফ ছিৰাপ (প্রায় ২২.৯৪ কোটি টকা) আৰু ৩৭,৭৯৬.৩৪ কেজি গাঞ্জা (মূল্য প্রায় ১৮৮.৯৮ কোটি টকা)। ধ্বংস কৰা নিচাজাতীয় সামগ্ৰীসমূহৰ বজাৰ মূল্য প্রায় ৪৭২.৫১ কোটি টকা বুলি চৰকাৰীভাৱে ৰাজহুৱা কৰে। 

ৰাজ্য চৰকাৰে নিচাজাতীয় সামগ্রীসমূহ ধ্বংস কৰাৰ সন্দৰ্ভত প্রকাশ কৰে যে এই নিষ্কাশন কাৰ্যসূচীয়ে নিচাযুক্ত দ্রব্যৰ ব্যৱহাৰ ৰোধৰ ক্ষেত্ৰত অসমৰ অবিৰত দায়বদ্ধতাক প্রতিফলিত কৰিছে। জব্দ কৰা নিষিদ্ধ সামগ্রীক বিজ্ঞানসন্মতভাৱে ধ্বংস কৰি চৰকাৰে নিচাজাতীয় দ্রব্য বিৰোধী অভিযানক শক্তিশালী কৰাৰ লগতে ড্রাগমুক্ত অসম গঢ়াৰ লক্ষ্যক আগুৱাই নিয়াৰ লগতে ইয়াৰ পুনৰ প্ৰচলন ৰোধ কৰাৰ লক্ষ্য লৈছে। 

সামাজিক মাধ্যমত এটা প'ষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই নিজৰ অভিমত প্রকাশ কৰি কয়, 'সমাজৰ মাৰাত্মক ব্যাধি ড্রাগছৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্রহণ কৰি আহিছোঁ। ইয়াৰেই অংশ হিচাপে আজি নলবাৰীৰ দৌলাশালস্থিত অসম আৰক্ষী বাহিনীৰ চৌহদত ৰাজ্যিক পর্যায়ত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰোঁ। এই পদক্ষেপ আহিব লগা দিনবোৰৰ বাবে কঠোৰ সকীয়নিৰো অংশ। কাৰণ আমাৰ এই ড্ৰাগছবিৰোধী অভিযান থমকি নৰয় কাহানিও, বৰং অধিক কঠোৰতাৰে আমি আগুৱাইহে নিম। অসম আৰক্ষীয়ে জব্দ কৰা ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাযুক্ত দ্রব্য বিনষ্ট কৰিবলৈ প্রায় ১০ দিন সময়ৰ প্ৰয়োজন হ'ব। অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাত এনেদৰে নিচাযুক্ত দ্রব্য বিনষ্টকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।'

Share This