আজিৰ সম্পাদকীয়, জনজাতিকৰণ

dainik janambhumi July 16, 2026

ডিজিটেল ডেস্ক: বিষয়টো জনজাতিকৰণ। দীর্ঘদিন ধৰি অসমক উত্তাল কৰি অহা এই বিষয়টোৱে সমান্তৰালভাৱে ৰাজনীতিও তোলপাৰ কৰি আহিছে। বছৰ বছৰ ধৰি এই বিষয়টোকে লৈ আঞ্চলিক ৰাজনীতিত ভোটৰ অংকই কৰি আহিছে ৰাজনৈতিক দল আৰু নেতাই। এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতেই ৰাজ্যত সংঘাতৰ জুই জ্বলাৰ উদাহৰণো আছে। সুদীর্ঘ দিন ধৰি শাসকীয় পক্ষসমূহৰ ৰাজনীতিৰ ফলত জনজাতিকৰণৰ বিষয়টোৰ হেস্ত-নেস্ত নোহোৱাকৈ থকাৰ পাছত ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে পূৰ্বৰ নিৰ্বাচনত দিয়া প্রতিশ্রুতি অনুসৰিয়ে ৰাজ্যৰ এই স্পৰ্শকাতৰ সমস্যাটোৰ সমাধানৰ এটা পথ উলিয়াবলৈ মন্ত্রীগোট গঠন কৰে। 

উল্লেখ কৰা নিষ্প্রয়োজন যে কোনো এটা জনগোষ্ঠী বা সম্প্রদায়ক সংবিধানৰ সংশ্লিষ্ট অনুসূচী অনুসৰি জনজাতিৰ মৰ্যাদা ৰাজ্য চৰকাৰে দিব নোৱাৰে। ইয়াৰ কর্তৃত্ব আছে আংশিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰেজিষ্টাৰ জেনেৰেল অব ইণ্ডিয়াৰ। অনুসূচিত জাতি বা জনজাতিৰ মৰ্যাদা পাবলৈ হ'লে কিছুমান নির্দিষ্ট বৈশিষ্ট্য সংশ্লিষ্ট জনগোষ্ঠীৰ থাকিব লাগে। আমাৰ ৰাজ্যৰ যি ছটা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মর্যাদা দাবী কৰি আছে, তেওঁলোকে ইতিমধ্যে বিভিন্ন প্ৰকাৰে তেওঁলোকৰ জনগোষ্ঠীৰ মাজত এতিয়াও বিৰাজ কৰি থকা বৈশিষ্ট্যসমূহ তথ্যসহকাৰে উপস্থাপন কৰিছে। আমাৰ মৰাণ, মটক বা কোচ ৰাজবংশীসকলৰ ৰাজ্যৰ বা দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সাদৃশ্য থকা অন্য জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিছে। গতিকে, এওঁলোকেও দাবী কৰাৰ অধিকাৰ আছে। অন্য এটা গুৰুত্বপূৰ্ণ কথা হ'ল অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদান প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিও দিয়া নাই। গতিকে, অসমৰ ছটা জাতি-জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা দাবী কৰাটো অযুক্তিকৰ কথা নহয়, বৰঞ্চ সাংবিধানিক। কিন্তু পূৰ্বৰ চৰকাৰে বিষয়টোক সমুচিতভাৱে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত প্ৰতিষ্ঠা কৰিব নোৱৰা বাবেই আমাৰ ৰাজ্যৰ বিষয়টো ওলমি আছে, আৰু ইয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি মাজে মাজে উত্তপ্ত হৈ থাকে। এইবাৰৰ চৰকাৰে অৱশ্যে মন্ত্রীগোট গঠন কৰি বিষয়টোৰ এটা হেস্ত-নেস্ত কৰাৰ উদ্যোগ লৈছে। চৰকাৰে গঠন কৰি দিয়া মন্ত্রীগোটে এই সম্পর্কে প্রতিবেদন দিয়াত পলম হ'লেও, এই প্রতিবেদনৰ বাবে বিষয়টো আগবঢ়াৰ এটা পথ তৈয়াৰ হ'ল। কিন্তু, প্রতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ নপঠোৱাক লৈ কিছু সন্দেহৰ সৃষ্টি নোহোৱাকৈ থকা নাছিল। অৱশ্যে, ৰাজ্যৰ জনজাতি বিষয়ক মন্ত্রী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে স্পষ্ট কৰি দিছে যে মন্ত্ৰীগোটৰ প্রতিবেদনখনৰ মৰাণ আৰু মটক জনগোষ্ঠীয়ে কেইটামান সংশোধনী বিচৰা বাবেহে প্রতিবেদনখন কেন্দ্ৰলৈ পঠিয়াব পৰা হোৱা নাই। এই বিষয়টোতে শেহতীয়াকৈ পুনৰ বিধানসভাৰ মজিয়া উত্তাল হ'ল। 

উল্লেখযোগ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত তীব্র আন্দোলন চলি থকাৰ মাজতেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধেও সমান্তৰালভাৱে আন্দোলন চলি আহিছে ভিন্ন সময়ত। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ফলত বৰ্তমানৰ জনজাতিসকলে লাভ কৰি থকা সংৰক্ষণকে ধৰি অন্যান্য সা-সুবিধা বাধাগ্ৰস্ত হোৱাৰ আশংকাত অনুসূচিত জনজাতিসমূহে ইয়াৰ বিৰোধিতা কৰি আহিছে। দুই পক্ষই শেহতীয়াকৈ নিজৰ নিজৰ পক্ষত অটল হৈ জংগী স্থিতি গ্রহণ কৰি আহিছে। চৰকাৰেও দুয়ো পক্ষক সন্তুষ্ট কৰিবলৈ গৈ বিষয়টোক ৰাজনৈতিক কৰি তোলাত দীর্ঘদিনীয়া এই সমস্যা সমাধানৰ সলনি অধিক ৰাজনৈতিক মেৰপাকতহে সোমাই পৰিছে। ৰাজ্য চৰকাৰে ইতিপূর্বে সদনত প্রতিবেদন দাখিল কৰাৰ পাছত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিয়ে আনন্দ-উল্লাসত ফাটি পৰাৰ বিপৰীতে জনজাতিকৰণৰ বিৰোধিতা কৰা পক্ষটোৱে সৃষ্টি কৰিছিল জংগী বিদ্ৰোহৰ। ইতিপূর্বে মণিপুৰত জনজাতিকৰণৰ প্ৰসংগতেই দুটা জনগোষ্ঠীৰ মাজত সংঘাতৰ সূচনা হৈছিল আৰু এই সংঘাতে মণি পুৰত জ্বলোৱা জুই এই পর্যন্ত উমি উমি জ্বলি আছে। উল্লেখযোগ্য যে ছয় জনগোষ্ঠী টাই আহোম, মটক, মৰাণ, চুতীয়া, চাহ জনগোষ্ঠী, আদিবাসী আৰু কোচ-ৰাজবংশীসকলৰ দাবীত সর্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি পূৰ্বেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু বিধেয়ক উত্থাপন কৰা হৈছিল, যদিও সেয়া গৃহীত নোহোৱাত পুনৰ ২০১৯ চনত ব্যাপক হেঁচাত পৰামৰ্শৰ বাবে মন্ত্ৰী গোট গঠন কৰা হয়। 

জনজাতিকৰণৰ প্রসংগ কেৱল এটা ইছু নহয়, যুগ যুগ ধৰি এটা স্থানত বসবাস কৰি অহা খিলঞ্জীয়া ভূমিপুত্ৰৰ আত্মপৰিচয়, আত্মসন্মান আৰু সংবিধানপ্রদত্ত অধিকাৰৰ সৈতে জড়িত এই প্ৰসংগক ৰাজনৈতিক চিন্তাৰ ঊর্ধ্বত ৰখা উচিত। আনকি, জনজাতিকৰণৰ পক্ষে অথবা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে যি বিদ্রোহ চলি নাথাকক কিয়, এনে স্পৰ্শকাতৰ প্ৰসংগত ৰাজনৈতিক নেতাসকলেও বিষয়টোৰ গভীৰতালৈ নোযোৱাকৈ জধে-মধে মন্তব্য কৰা উচিত নহয়। আত্মপাৰিচয়ৰ সংগ্ৰামে ৰক্তক্ষয়ী ৰূপ ল'ব পাৰে। ইয়াৰ বাবে মাত্ৰ এটা ফিৰিঙতিয়েই যথেষ্ট। গতিকে, এনে প্ৰসংগৰ সূক্ষ্মভাৱে বিশ্লেষণেৰে দীৰ্ঘদিনীয়া সমস্যাটোৰ এটা সু-সমাধান ওলাব লাগে। ভাই ভাইৰ দৰে যুগ যুগ ধৰি বসবাস কৰি অহা অসমত প্রতিটো জনগোষ্ঠীয়ে উপযুক্ত সংবিধানপ্রদত্ত অধিকাৰেৰে সগৌৰৱেৰে তথা মিলা-প্রীতিৰে বসবাস কৰি থকাটোৱেই সকলোৰে কাম্য। সদনৰ মজিয়াতো ইয়াৰ ফলপ্রসূ সমাধানৰ আলোচনা হওক অযথা হাই-কাজিয়া আৰু প্ৰৰোচনামূলক বক্তব্যৰ সলনি।

Share This