ডিজিটেল ডেস্ক : আজি কালি বহুতে নিজৰ ছালখনৰ ওপৰত বহু গুৰুত্ব দিয়া পৰিলক্ষিত হয়। নিজৰ ছালখন উজ্জ্বল কৰি ৰখাৰ বাবে সকলোৱে বিভিন্ন প্ৰসাধন ছালত প্ৰয়োগ কৰে যাৰ ফলত ছালখনৰ উজ্জ্বলতা বঢ়াৰ পৰিৱৰ্তে কমিবলৈহে ধৰে। ছালৰ যত্নৰ বাবে বজাৰত বহু দামী প্ৰসাধন সামগ্ৰী পোৱা যায় যদিও প্ৰাকৃতিক বস্তুৰ লগত সেই সামগ্ৰীসমূহ তুলনা কৰিব নোৱাৰি। নাৰিকল তেলত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল আৰু ময়শ্ব’ৰাইজিং গুণ থাকে যিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে। নাৰিকল তেলত আছে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ এক অনন্য যাদু। জানো আহক নাৰিকল তেলত মিহলোৱা বস্তুকেইবিধৰ বিষয়ে
মৌ আৰু নাৰিকল তেল : নাৰিকল তেল আৰু মৌ সমান পৰিমাণে মিহলাই ১৫ মিনিট মুখত লগাই ৰাখি কুহুমীয়া পানীৰে ধুব লাগে। এনে কৰিলে মৃত ছাল আঁতৰি যায়।
চন্দনৰ গুড়ি আৰু নাৰিকল তেল : এচামুচ চন্দনৰ গুৰি নাৰিকল তেলত মিহলাই এটা পেষ্ট তৈয়াৰ কৰি মুখত লগাই ১৫-২০ মিনিট ৰাখি ধুব লাগে। এই মিশ্ৰণটো নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ লগতে দাগ আঁতৰোৱাত সহায় কৰে।
এলোভেৰা জেল আৰু নাৰিকল তেল : এলোভেৰা জেলৰ সৈতে নাৰিকল তেল মিহলাই ছালত লগালে যিয়ে ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। শুকান আৰু সংৱেদনশীল ছালৰ বাবে ই অতি উপকাৰী ।
হালধি আৰু নাৰিকল তেল : নাৰিকল তেলৰ লগত হালধি মিহলাই মুখত লগালে ছালখন পৰিষ্কাৰ হয় আৰু দাগ কম হয়।