কৰ্নেল কুৰেশ্বী সন্দৰ্ভত মন্তব্য বিজেপি মন্ত্ৰীৰ আবেদনৰ শুনানি ১৯ মেʼত

dainik janambhumi May 18, 2025

ডিজিটেল ডেস্কঃ কর্নেল ছফিয়া কুৰেশ্বীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰা মধ্য প্ৰদেশৰ বিজেপি মন্ত্রী বিজয় শ্বাহৰ আৱেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে ১৯ মে'ত গ্রহণ কৰিব। শ্বাহৰ অধিবক্তা মনিন্দৰ সিঙে অনুৰোধ কৰাৰ পাছত ন্যায়াধীশ সূর্যকান্ত আৰু এন কোটিশ্বৰ সিঙৰ পীঠে শ্বাহৰ আৱেদনৰ শুনানিৰ দিন পিছুৱাই দিয়ে।

বিজয় শ্বাহে কর্নেল কুৰেশ্বী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ে ১৪ মে'ত তেওঁৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই শ্বাহে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। 

আনহাতে, এই গোচৰত হস্তক্ষেপ কৰিবলৈ বিচৰা কিছু লোকৰ আৱেদনৰো ১৯ মে'তে শুনানি গ্রহণ কৰা হ'ব বুলি উচ্চতম ন্যায়ালয়ে জনায়। 

উল্লেখযোগ্য যে কর্নেল কুৰেশ্বীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ১৫ মে'ত উচ্চতম ন্যায়ালয়ে বিজয় শ্বাহক ভর্ৎসনা কৰে।

Share This