ডিজিটেল ডেস্ক : নতুন বিত্ত বৰ্ষৰ আজি প্রথম দিনটোত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ (১৯ কিল'গ্রাম) দাম প্রতিটোত ১৯৫-২১৮ টকাকৈ বৃদ্ধি কৰা হয়। ইয়াৰ প্ৰভাৱ পৰিব হোটেল, ৰেস্তোৰাঁ আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত। অৱশ্যে ১৪.২ কিল'গ্ৰামৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ
দামৰ কোনো সালসলনি কৰা হোৱা নাই। উল্লেখযোগ্য যে ইৰান আৰু আমেৰিকা-ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে এমাহৰ ভিতৰত বাণিজ্যিক চিলিণ্ডাৰৰ দাম দুবাৰ বৃদ্ধি কৰা হয়। ইয়াৰ ফলত দিল্লীত ১৯ কিল'গ্রামৰ এটা
চিলিণ্ডাৰৰ দাম হয়গৈ ২০৭৮.৫০ টকা হয়গৈ। মধ্যপ্রাচ্যৰ যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ পৰাৰ ফলত বিশ্বত সৃষ্টি হোরা শক্তি সংকটৰ প্রভাৱৰ ফলত ভাৰতত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হয়। একেটা কাৰণতে আজিৰ পৰা বিমানৰ ইন্ধনৰ (এ টি এফ) দামো বৃদ্ধি পায়। প্রথমবাৰৰ বাবে দেশত বিমানৰ ইন্ধনৰ দাম প্রতি কিল'লিটাৰত ২ লাখ টকাৰ অধিক হয়গৈ। বিমানৰ ইন্ধনব দাম দিল্লীত আজি প্রতি কিল'লিটাৰত ২,০৭,৩৪১.২২ টকা, কলকাতাত ২,০৫,৯৫৫.৩৩ টকা, মুম্বাইত ১,৯৪,৯৬৮.৬৭ টকা হয়গৈ।
ইফালে দিল্লীত কালি আই অ' চিয়ে প্রিমিয়াম পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি কৰে। দিল্লীত এতিয়া প্রতি লিটাৰ এক্সপি ১০০ পেট্রলৰ দাম ১৪৯ টকাৰ পৰা ১৬০ টকা হয়গৈ। আনহাতে এক্সট্রা গ্রীন প্রিমিয়াম ডিজেলৰ দাম ৯১.৪৬ টকাৰ পৰা ৯২.৯৯ টকা হয়। উল্লেখযোগ্য যে মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে সমগ্র বিশ্বতে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সংকট সৃষ্টি হোৱাৰ লগতে দামো যথেষ্ট বৃদ্ধি পাইছে। কিন্তু ভাৰতত পেট্রল আক ডিজেলব দাম বৃদ্ধি কৰা হোৱা নাই। চৰকাৰে যোৱা সপ্তাহত পেট্রল আৰু ডিজেলত আৰোপ কৰা আবকাৰী শুল্ক ১০ টকাকৈ হ্রাস কৰি চৰকাৰী খণ্ডৰ তেল বিপণন কোম্পানীকেইটাক সকাহ দিয়ে। এই কোম্পানীকেইটাই উৎপাদন ব্যয়তকৈ যথেষ্ট কম দামত দেশত পেট্রল আৰু ডিজেল বিক্রী কৰি আছে।
বিশ্বৰ বজাৰত খাৰুৱা তেলৰ বর্তমাৰ দৰত চৰকাৰী খণ্ডৰ তেল কোম্পানীকেইটাই প্রতি লিটাৰ পেট্রলত ২৬ টকাকৈ আৰু প্রতি লিটাৰ ডিজেলত প্রায় ৮১.৯০ টকা লোকচান ভৰি থকা বুলি কোৱা হৈছে। আন কথাত ৰাজহুৱা খণ্ডৰ তেল প্রতিষ্ঠানকেইটাই প্রতিদিনে প্রায় ২,৪০০ কোটি টকাৰ লোকচান ভৰি আছে। উল্লেখযোগ্য যে যুদ্ধ আৰম্ভ হোৱাৰ পাছত দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ইন্ধনব দাম ৩০-৫০%, উত্তৰ আমেৰিকাত ৩০% আৰু ইউৰোপত প্রায় ২০% বৃদ্ধি পাইছে