ডিজিটেল ডেস্ক: অসমত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টুইনটিউব টানেল (ৰে'ল তথা পথ সুৰংগ) ৰ সবিশেষ কালি প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।
লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° শর্মাই এক সংবাদমেলযোগে ৰাজ্যবাসীৰ বাবে কেইবাটাও আশাবাদী খবৰো ঘোষণা কৰে। তেওঁ কয় যে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত গহপুৰ-নুমলীগড় সংযোগী টুইনটিউব সুৰংগ প্রকল্পও আছে। এই প্ৰকল্পৰ জৰিয়তে গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ কৰা হ'ব এই নদী সুৰংগ। ৰে'ল আৰু পথ উভয় পথ থাকিবলগীয়া এই টুইনটিউব টানেলৰ দৈর্ঘ্য হ'ব ৩৪ কিল'মিটাৰ। এই প্রকল্প ব্যয় ১৮ হাজাৰ ৬৬২ কোটি টকা হ'ব বুলিও তেওঁ ঘোষণা কৰে।
আনহাতে এই প্রকল্প ভাৰতবৰ্ষৰ প্ৰথম আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় প্রকল্প হ'ব বুলিও তেওঁ প্রকাশ কৰে। তেওঁ কয় যে, জার্মানি আৰু ডেনমার্কক সংযোগ কৰা বিশ্বৰ এতিয়ালৈকে একমাত্র টানেলটো আছে। ব্ৰহ্মপুত্ৰৰ তলেৰে ৰে'ল আৰু পথ যোগাযোগৰ ৪টা পথ হ'ব। এই টানেলত ৰে'লপথৰ উপৰি প্ৰস্থান টিউবো থাকিব। এই সুৰংগটোত দুটা মুখ্য টিউব থাকিব যাৰ এটাত ৰে'লপথ আৰু আনটোত যান-বাহন চলাচলৰ পথ থাকিব।
মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰে যে নুমলীগড়-গহপুৰ সংযোগী নদী সুৰংগটো কূটনৈতিক আৰু সামৰিক উভয় দিশৰ পৰাই অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই নদী সুৰংগ পথ দেশৰ বাবে অতি গুৰুত্বপূর্ণ। দেশৰ মূল খণ্ডৰ সৈতে উত্তৰ-পূবক চিকেন নেকে সংযোগ কৰিছে। নদী সুৰংগ নিৰ্মাণ হ'লে উত্তৰ-পূবৰ বাবে এয়া হ'ব বিকল্প ব্যৱস্থা। ভাৰত চৰকাৰ, সেনা আৰু এন এইচ আই ডি চি এলৰ (নেশ্যনেল হাইরে'জ এণ্ড ইনফ্রাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰ্প'ৰেশ্যন লিমিটেড) সহযোগত এই নদী সুৰংগ নির্মাণ হ'ব। ৰে'ল বিভাগেও নদী সুৰংগ নির্মাণত সহযোগ কৰিব বুলি তেওঁ প্রকাশ কৰে। নতুন প্রযুক্তিৰে গহপুৰ-নুমলীগড় নদী সুৰংগ পথ নিৰ্মাণ হ'ব বুলিও তেওঁ সদৰী কৰে।
আনহাতে বিগত ৫ বছৰ ধৰি এই প্রকল্পক লৈ চিন্তা-চর্চা চলি আছিল আৰু প্ৰথমাৱস্থাত কেৱল পথ নির্মাণক লৈ আলোচনা হৈছিল যদিও প্রধানমন্ত্রী মোদীৰ তৎপৰতাত ৰে'লপথ নির্মাণৰো সিদ্ধান্ত লোৱা হয় বুলিও তেওঁ প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, সুৰংগৰ ভূমি অধিগ্রহণ দুই-তিনি দিনৰ ভিতৰত আৰম্ভ হ'ব। সুৰংগত দুটা টিউব থাকিব। এটা ৰে'ল পথ, আনটো গাড়ী অহা-যোৱা কৰা পথ। জৰুৰীকালীন সময়ত ৰে'লপথেৰে গাড়ী অহা-যোৱাও কৰিব পাৰিব বুলি তেওঁ কয়। ইফালে ৰে'লপথটোত সাধাৰণতে ব্যৱহাৰ কৰা শিলৰ সলনি কংক্রিট ব্যৱহাৰ কৰা হ'ব বুলিও তেওঁ কয়।
বিধানসভা নিৰ্বাচনৰ আগতেই সুৰংগ প্রকল্প আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্রীজনে প্রকাশ কৰে। তেওঁ এই প্রকল্পটোৰ মুঠ ব্যয় ১৮,৬৬২ কোটি টকাৰ অসম চৰকাৰে ৫৪০ কোটি টকাৰ অৱদান আগবঢ়াব বুলি কয়। টুইন টানেলৰ অৰ্থাৎ সুৰংগৰ অংশৰ দৈৰ্ঘ্য ১৫.৭৯ কিল'মিটাৰ হ'ব আৰু এই টানেলটোৰ বাবে ৬ ঘণ্টাৰ যাত্ৰা মাত্র ২০ মিনিটলৈ হ্রাস পাব বুলি তেওঁ কয়। আনহাতে মৰাণৰ ই এল এফ (ইমার্জেন্সি লেণ্ডিং ফেচিলিটি) প্রকল্প উত্তৰ-পূবৰ সুৰক্ষাৰ কৌশলগত প্রকল্প বুলি তেওঁ প্রকাশ কৰে। চীনৰ পৰা মাত্র ২০০ কিঃমিঃ দূৰত্বত আছে এই প্রকল্প। ম্যানমাৰৰ পৰা ৭০ কিঃমিঃ দূৰত্ব এই প্রকল্পলৈ।
মৰাণৰ ৰাজপথত যুদ্ধ বিমান নমাটো চিঙৰা-চাহৰে তুলনা নহয় বুলিও তেওঁ সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত এই প্রকল্প এক শক্তিশালী বার্তা বুলিও মুখ্যমন্ত্রীজনে প্রকাশ কৰে। কেৱল যুদ্ধৰ বাবেই নহয়, বানপানীৰ সময়ত সাহায্য দিয়াৰ বাবে আৰু কেইবাখনো ৰাজ্যই ই এল এফ বিচাৰি কেন্দ্ৰৰ ওচৰত আৱেদন কৰা বুলিও তেওঁ প্রকাশ কৰে। মুখ্যমন্ত্ৰীজনে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰি কয় যে, গুৱাহাটীৰ যান-জট সমস্যা সমাধানৰ বাবে ৫৭২৯ কোটি টকাৰ ৰিং ৰোড প্রকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই প্রকল্পই সমগ্র গুৱাহাটী মহানগৰখনক বাহিৰে বাহিৰে আৱৰি ধৰিব। ইয়াত কুৰুৱা-নাৰেংগী দলংখনো অন্তর্ভক্ত হৈ আছে। ইয়াৰ উপৰি বৰঝাৰ বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ ১৫০০ কোটি টকা ব্যয় সাপেক্ষে এটা উন্নত মানৰ এলিভেটেড কৰিড'ৰ নিৰ্মাণ কৰা হ'ব। আনহাতে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা তীর্থযাত্ৰীসকলৰ সুবিধাৰ বাবে কামাখ্যা ৰে'লৱে ষ্টেছনৰ পৰা কামাখ্যাধামলৈ এটা ৰ'পৱে নিৰ্মাণৰ কামো শীঘ্ৰেই আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনৰ আন প্ৰান্তৰ যাতায়াতৰ উন্নতিৰ বাবেও চৰকাৰে কেইবাখনো আঁচনি গ্রহণ কৰিছে।
বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কেন্দ্ৰৰ অনুমোদন বিচাৰিছে ৰাজ্য চৰকাৰে। একেদৰে শিলচৰ-শ্বিলং-গুৱাহাটীৰ মাজত ২২,৮৬৪ কোটি টকা ব্যয়ৰে এটা হাইস্পীড ৰোড নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পৰ আধাৰশিলা অহা মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিব। সংবাদমেলত মুখ্যমন্ত্রীজনে কামাখ্যা কৰিড'ৰ প্রকল্প নিৰ্মাণৰ ক্ষেত্ৰত থকা ন্যায়ালয়ৰ বাধা আঁতৰিল বুলি সদৰী কৰি শীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ'ব বুলিও কয়। এল এন টিয়ে ৬০০ কোটি টকা ব্যয় সাপেক্ষে এই কৰিড'ৰ নিৰ্মাণ কৰিব। ইফালে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত ঘাইপথ হ'ব বুলিও সদৰী কৰি তেওঁ ১৪ হাজাৰ কোটি টকীয়া এই প্রকল্প কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অপেক্ষাত আছে বুলি কয়।
অসমত নতুনকৈ হ'বলগীয়া চাৰিটা বিমান বন্দৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে, অসমত চাৰিটা নতুন বিমান বন্দৰ স্থাপনৰ বাবে পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে অহা মাহত কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তিত অসম চৰকাৰে স্বাক্ষৰ কৰিব। এই চুক্তিৰ জৰিয়তে নির্দিষ্ট স্থানকেইটাত বিমান বন্দৰ স্থাপন কৰিব পৰা যাব নে নাই সকলো দিশ পৰীক্ষা কৰা হ'ব। সকলো ঠিকে থাকিলে অহা পাঁচ বছৰত অসমে আৰু চাৰিটা বিমান বন্দৰ লাভ কৰিব। মাজুলী, উমৰাংছ', ডিফু আৰু মানাহত এই নতুন বিমান বন্দৰকেইটা হ'ব বুলিও তেওঁ কয়।