ঠিকাদাৰৰ এটা ইটাৰ দাম ১০০০ টকা

dainik janambhumi July 10, 2025

ডিজিটেল ডেস্ক : ডিব্ৰুগড়ৰ ড° জন বেৰী হোৱাইট মেডিকেল স্কুল হেৰিটেজ ছাইট আৰু যাদুঘৰ প্ৰকল্পটো আৰম্ভ হোৱাৰ সাত বছৰ পাৰ হৈও অনিশ্চয়তাৰ মাজতেই ৰৈ আছে। ইমপ্লিমেন্টিং এজেঞ্চি INTACH (ইণ্ডিয়ান নেশ্যনেল ট্রাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰীটেজ, ইন্টাছ)-এ কাম সম্পূর্ণ বুলি দাবী কৰিলেও জিলা প্রশাসনলৈ হস্তান্তৰ কৰিব পৰা হোৱা নাই। ২০১৮ চনৰ ১০ জানুৱাৰীত অইল ইণ্ডিয়া লিমিটেডে ইনটাছৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে। ১২৫ বছৰীয়া জীৰ্ণ অৱস্থাত থকা এই ভৱনটোক ২.১ কোটি টকাৰ বিনিয়োগেৰে হেৰিটেজ ছাইট আৰু যাদুঘৰলৈ ৰূপান্তৰিত কৰাৰ কথা আছিল। মূলতঃ ১৫ মাহৰ ভিতৰত প্রকল্পটো সম্পূৰ্ণ হোৱাৰ কথা আছিল। 

সম্প্রতি তথ্য জনাৰ অধিকাৰ আইনৰ (৭ জুলাই তাৰিখে) প্ৰকাশ কৰা তথ্য অনুসৰি, ইনটাছে সংস্কাৰৰ কাম সম্পূৰ্ণ কৰি স্থানটো হস্তান্তৰ কৰিবলৈ সাজু হৈ থকাৰ পাছতো এখন যুটীয়া পৰিদৰ্শনৰ বাবে ৰৈ আছে। পি ডব্লিউ ডি (বিল্ডিং), পি ডব্লিউ ডি (ইঞ্জিনীয়াৰিং), অইল আৰু ইনটাছৰ প্ৰতিনিধিৰ সৈতে হোৱা এই পৰিদৰ্শনত ইনটাছে প্রয়োজনীয় কাগজ-পত্র জমা নিদিয়াৰ বাবে হোৱা নাই। চৰকাৰী সূত্রই জনাইছে যে ইনটাছে ২০২৫ চনৰ জানুৱাৰীতেই প্রকল্পটো হস্তান্তৰ কৰিব বিচাৰিছিল। কিন্তু জিলা প্রশাসনে যুটীয়া পৰিদৰ্শন নোহোৱাকৈ গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। 'সকলো প্রক্রিয়া সম্পূর্ণ নোহোৱাকৈ প্রকল্পটো গ্ৰহণ কৰিব নোৱাৰি,' এজন চৰকাৰী বিষয়াই কয়। এই প্ৰকল্পৰ সম্পাদনত অনিয়মৰো অভিযোগ ওলাইছে। স্থানীয় ঠিকাদাৰ অংশুমান বাগৰিয়াই সংস্কাৰৰ কাম কৰোঁতে প্রযুক্তিগত নির্দেশনা মানি নচলাৰ অভিযোগ আছে। বিশেষকৈ, প্রতিটো ইটাৰ বাবে ১,০০০ টকাকৈ বিল দিয়াৰ কথাও কোৱা হৈছে, যাৰ বাবে খৰচৰ হাৰ অধিক হোৱাৰ সন্দেহ জন্মিছে। 'কামৰ গুণগত মান আৰু প্রযুক্তিগত নির্দেশনা মানি নচলাৰ গুৰুতৰ অভিযোগ আছে। ঠিকাদাৰজনে দিয়া বিল সন্দেহজনক,' প্ৰকল্পৰ সৈতে জড়িত এক সূত্রই কয়। অইলৰ ২.১ কোটি টকাৰ উপৰি বি পি চি এল (ব্রহ্মপুত্র ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড)-এ যাদুঘৰৰ চৌহদৰ বাবে ১৫ লাখ টকা দান কৰিছিল। ২০১৮ চনৰ আগষ্টত এই প্ৰকল্পৰ তদাৰকৰ বাবে এক ক'ৰ কমিটী গঠন কৰা হৈছিল। 

ডিব্ৰুগড়ৰ ডেপুটি কমিছনাৰৰ সভাপতিত্বত ইনটাছৰ ড° আৰাধনা কটকী (বর্তমান প্রকল্পৰ সৈতে জড়িত নহয়), অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ড° ৰতন কটকী (বর্তমান মৃত), ড° এম জামান আহমেদ, ড° বি চি গগৈ আদি সদস্য আছিল। এই হেৰিটেজ ছাইটটোৱে ড° জন বেৰী হোৱাইটক সন্মান জনাইছে। ১৮৫৮ চনত ২৪ বছৰ বয়সত অসমলৈ অহা এই ব্রিটিছ ছার্জনে অসমত ২৪ বছৰ সেৱা আগবঢ়াই ১৮৮২ চনত অৱসৰ গ্ৰহণ কৰোঁতে তেওঁৰ সমগ্ৰ সঞ্চয় ৫০ হাজাৰ টকা (বৰ্তমানৰ ১ কোটি টকাৰ সমান) ডিব্ৰুগড়ত এখন মেডিকেল স্কুল স্থাপনৰ বাবে দান কৰিছিল। ১৯০০ চনত স্থাপিত এই প্রতিষ্ঠানেই পাছলৈ ১৯৪৭ চনত অসম মেডিকেল কলেজলৈ ৰূপান্তৰিত হয়। এই হেৰিটেজ ছাইট শুভাৰম্ভ কৰাৰ বিলম্বতাই অসমৰ চিকিৎসা শিক্ষাৰ ইতিহাস সংৰক্ষণৰ সুবিধা হেৰুওৱাৰ লগতে এজন মহান ব্যক্তিৰ অৱদানক সন্মান জনোৱাৰ সুযোগ হেৰুৱাইছে। প্রশাসনিক জটিলতাই এই গুৰুত্বপূৰ্ণ প্রকল্পক ওলমাই ৰখাৰ লগে লগে সাধাৰণ মানুহৰ বাবে ইয়াৰ দ্বাৰ উদঘাটনৰ বাবে অপেক্ষাও দীঘলীয়া হৈছে।

Share This