ডিজিটেল ডেস্ক : অসম-অৰুণাচলৰ সীমান্তৱৰ্তী উত্তৰ লালুক গাঁও পঞ্চায়তৰ এটা নৱনিৰ্মিত পথত ঠিকাদাৰৰ হেমাহিৰ বাবে স্থানীয় ৰাইজে যাতায়াতত দুর্ভোগ ভুগিবলগীয়া হৈছে। উত্তৰ লালুক গাঁও পঞ্চায়তৰ গাভৰু টুনিজান চাৰিআলিৰ পৰা উত্তৰ দিশে গাভৰু নৈৰ দলং, উত্তৰ লালুক গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখেৰে ঢেকীয়াজুলি অঞ্চললৈ গতি কৰা অসম লোকনির্মাণ বিভাগৰ পথটো যোৱাটো বাৰিষাত গাভৰু নৈৰ প্রলয়ংকৰী বানে গাভৰু নৈ দলঙৰ সমীপৰ পৰা উত্তৰ লালুক গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমীপলৈকে বিধ্বস্ত কৰি পেলাইছিল। পথছোৱাত থকা দুটা পকী কালভার্টো বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰিছিল।
বিধ্বস্ত পথছোৱাৰ নিৰ্মাণকাৰ্য চলি আছে। গাভৰু নৈৰ দলঙৰ সমীপত পথটোত থকা বিধ্বস্ত কালভার্টটো ঠিকাদাৰে খান্দি উঠাই দ পুখুৰীসদৃশ গাঁত কৰি আজি দীর্ঘদিনে ৰাখি থৈছে। আনহাতে উক্ত অংশটোত ঠিকাদাৰে ৰাইজৰ যাতায়াতৰ বাবে কোনো উপপথ নিৰ্মাণ কৰা নাই। ৰাইজে অত দিনে পথৰ পৰা নামি কাষৰ পথাৰেৰে অহা-যোৱা কৰি আছিল। আনকি যান-বাহনো পথৰ পৰা নামি পথাৰেৰে অহা-যোৱা কৰি আছিল। কিন্তু আজি চাৰি-পাঁচ দিন ধৰি নেৰানেপেৰা বৰষুণ অহাত পথাৰেদি অহা-যোৱা কৰা পথটো একাঁঠু পর্যন্ত বোকা আৰু পলসেৰে ভৰি পৰিছে। ফলত ৰাইজে যাতায়াত অব্যাহত ৰাখোতে চৰম হাৰাশাস্তি ভোগ কৰিব লগীয়া হৈছে। অঞ্চলটোৰ কণ কণ ছাত্র-ছাত্রীসকলে বোকা-পানী গচকি বিদ্যালয়লৈ অহা-যোৱা কৰিব লগীয়া হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ বোকাময় পথছোৱাৰ মাজেৰে দৈনিক বজাৰ, হাট, কাৰ্যালয়লৈ অহা-যোৱা কৰিব লগীয়া হৈছে। যাৰ ফলত ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।
ৰাইজৰ অভিযোগ মতে ঠিকাদাৰে পথটোত থকা বিধ্বস্ত পকী কালভার্টটো উঠাই এটা পুখুৰীসদৃশ গাঁত খান্দি নিৰ্মাণ নকৰাকৈ আজি দীর্ঘদিন ধৰি পেলাই ৰাখিছে। লগতে ঠিকাদাৰগৰাকীয়ে উক্ত অংশত এটা উপপথ নিৰ্মাণ নকৰাকৈ কালভার্ট নিৰ্মাণৰ কাম চলোৱাৰ বাবে ৰাইজ আজি যাতায়াতত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে বুলি ক্ষোভ প্রকাশ কৰিছে। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে ঠিকাদাৰক পথটোৰ ভগ্ন অংশটোত এটা উপপথ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত সুচল কৰি তুলিবলৈ দাবী জনাইছে। লগতে পথছোৱাৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ দাবী জনাইছে।