কাম নকৰাকৈয়ে ঠিকাদাৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ, সোণতলীত পথ নিৰ্মাণৰ নামত দুর্নীতি

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বাট-পথ উন্নয়নৰ বাবে চৰকাৰে আঁচনি দিছে ঠিকেই কিন্তু একাংশ ঠিকাদাৰে চলাই গৈছে ব্যাপক দুর্নীতি। ফলত ৰাজ্যৰ সৰ্বত্ৰ উন্নয়ন হোৱা বুলি চৰকাৰখনে দাবী কৰি অহাৰ সময়তে ছমৰীয়া সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে। কামৰূপ জিলাৰ নৱ গঠিত ছমৰীয়া সমষ্টিৰ সোণতলী চৌধুৰী পাম গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে অঞ্চলবাসীক। টাঙোনমাৰী-সোণতলী সত্ৰ সংযোগী পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজ তথা ছাত্র-ছাত্রীসকলক। 

উল্লেখযোগ্য যে ২০২৫ বৰ্ষৰ অসম চৰকাৰৰ এছ অ' পি ডি পুঁজিৰ অধীনত কাঠৰ দলং আৰু প্রায় ৭০০ মিটাৰ পথ মেৰামতিৰ নামত প্রায় ৬৩ লাখ টকা আবন্টন‌ লাভ কৰিছিল যদিও মেৰামতিৰ নামত ঠিকাদাৰে পথটোত ব্যাপক দুর্নীতিৰে কাম কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ফলত পথটো বালিময় হৈ পৰাৰ লগতে মাজে মাজে প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত দুর্ঘটনা সংঘটিত হৈ আহিছে।

পথটো উন্নীতকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এজাক বৰষুণ দিলেই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় টাঙোনমাৰী-সোণতলী সত্ৰ গাঁৱৰ ৰাইজে। আনকি ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় গাঁওবাসী। পথটোৰ এনে অৱস্থাৰ বাবেই গাঁওখনৰ ভিতৰলৈ নাহে ১০৮ এম্বুলেঞ্চ সেৱাৰ বাহন। পথটো অতি সোনকালে পকীকৰণ কৰাৰ বাবে আহ্বান জনাইছে ৰাইজে।

Share This