ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ 'ব্যয় কৰ্তন'ৰ ভাষণে কেইবাটাও বিষয়ত সমগ্র দেশৰ জনতাৰ মনোযোগ আকর্ষণ কৰিছিল। প্রধানমন্ত্রী মোদীৰ ভাষণত ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা, চলিত বৰ্ষত সোণ ক্ৰয়ৰ পৰা বিৰত থকা, 'ৱৰ্ক ফ্রম হ'ম' আৰু বহুতো বিষয়ৰ পৰা আঁতৰি থাকিবলৈ দেশৰ জনতাক আহ্বান জনোৱা হৈছিল। কিন্তু সবাতোকৈ বেছি জনসাধাৰণৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হয়, প্রধানমন্ত্রীয়ে যেতিয়া দেশবাসীক খোৱা তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়। ভাৰতীয় গৃহিণীৰ ৰন্ধনশালত খাদ্য-সামগ্রীত সবাতোকৈ বেছি ব্যৱহাৰ হয় খোৱা তেল। দেশৰ খুচুৰা বিক্ৰী প্রতিষ্ঠানবোৰত এই খোৱা তেলৰ বিক্ৰী সাধাৰণতে হয় বাবে জনসাধাৰণে ইয়াৰ উপলব্ধতাৰ উৎসৰ বিষয়ত বিশেষভাবে অৱগত নহয়। কৃষিভিত্তক অর্থনীতিৰে সমৃদ্ধ ভাৰতত ইয়াৰ জনসাধাৰণৰ বাবে পর্যাপ্ত খোৱা তেল উৎপাদন নহয়।
প্ৰকৃতাৰ্থত ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক খোৱা তেল আমদানিকাৰী দেশ। পৰিসংখ্যা অনুসৰি, প্ৰতিবছৰে ভাৰতে ১.৬১ লাখ কোটি ধন খোৱা তেল আমদানিৰ বাবত ব্যয় কৰে। প্রায় ১৮.৩ বিলিয়ন ডলাৰ খৰচ কৰি ভাৰতে প্রতি বছবে ১৬ মিলিয়ন টন খোৱা তেল বিদেশৰ পৰা আমদানি কৰে। এই অত্যাৱশ্যকীয় সামগ্ৰীটোৰ বাবত ভাৰতৰ বহুতো বিদেশী মুদ্রাৰ ব্যয় হয় প্রতিবছৰে। ধান আৰু ঘেঁহু খেতিৰ তুলনাত ভাৰতত খোৱা তেল উৎপাদনৰ বাবে সৰিয়হ, তিল, বেলিফুল আদি তেল উৎপাদকৰ খেতি কৰিবলৈ পর্যাপ্ত আৰু উপযুক্ত কৃষিভূমিৰ অভাৱ। আন্তঃৰাষ্ট্ৰীয় শস্য গবেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্রধান তথা ভাৰতীয় কৃষি গবেষণা পৰিষদৰ প্রাক্তন সঞ্চালক ড° হিমাংশু পাঠকে কয় যে এই খোৱা তেল উৎপাদনৰ ক্ষেত্রত ভাৰতত বিজ্ঞান আৰু নীতি দুয়োটাৰে এতিয়াও অভাৱ হৈ আছে।
পাঠকৰ মতে, ভাৰতে প্ৰতিবছৰে ১৫-১৬ মিলিয়ন টন খোৱা তেল বিদেশৰ পৰা ক্ৰয় কৰে। ভাৰতীয় কৃষকসকলে খোৱা তেল উৎপাদনৰ বাবে খেতি কৰাত সংকটৰ সন্মুখীন হৈ আহিছে। অনিয়মিত বৃষ্টিপাত, ৰাসায়নিক সাৰৰ অভাৱ, কীট-পতংগৰ উপদ্ৰৱ আৰু অসন্তুলিত দামৰ বাবে তেল উৎপাদকৰ খেতিতকৈ দেশৰ কৃষকসকলে ধান আৰু ঘেঁহুৰ খেতিত অধিক গুৰুত্ব দিয়ে বুলি বিশিষ্ট কৃষি বিজ্ঞানীজনে মত প্রকাশ কৰে।