কৃত্রিম বানত ৩খন মৌজাৰ শশ কৃষক পৰিয়ালত হাহাকাৰ, যোৰহাটত জলসম্পদৰ বিষয়াৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : একাংশ চৰকাৰী বিভাগৰ দায়িত্ব-হীনতাৰ বাবেই এইখন অসমতেই কৃষি, পশুপালন, দুগ্ধ উৎপাদন, মৎস্যপালন আদিৰ জৰিয়তে স্বনিৰ্ভৰ হৈ জীয়াই থকা থলুৱা কৃষিজীৱী পৰিয়ালো জীৱন-জীৱিকাৰ বেলিকা গভীৰ সংকটৰ সম্মুখীন হ'ব লগাও হয়। সম্প্রতি যোৰহাট জলসম্পদ বিভাগৰ উচ্চপদস্থ একাংশ বিষয়াৰ দায়িত্বহীন কাণ্ডৰ বাবেই জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া তিনিটা মৌজা ক্রমে চাৰিগাঁও, হাতীগড় আৰু চাওখাট মৌজাৰ কুৰিখনৰো অধিক ৰাজহ গাঁৱৰ কৃষিজীৱী শ শ পৰিয়ালৰ উপাৰ্জনৰ বাট ৰুদ্ধ হৈ পৰাৰ গুৰুতৰ অভিযোগ উঠিছে। 

অভিযোগ মতে, জিলাখনৰ ব্ৰহ্মপুত্ৰৰ সমীপৱৰ্তী ভিতৰককিলা কুমাৰ গাঁৱৰ সমীপৰ মৰিককিলা নৈৰ ওপৰত থকা শ্লুইচ গেটখন উজনি অসম জলসম্পদ বিভাগে সম্প্ৰতি খুলি উন্মুক্ত কৰি ৰখাৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই তিনিটা মৌজাৰ প্ৰায় কুৰিখন ৰাজহ গাঁৱৰ কৃষি নিৰ্ভৰ পৰিয়াললৈ গভীৰ সংকট মাতি আনিছে। উক্ত ফ্লুইচ গেটখন খুলি ৰখাৰ ফলত বৰমুকলি পথাৰখনকে ধৰি তিনিটা মৌজাৰে বৃহৎ বৃহৎ পথাৰত এতিয়া ধানখেতিৰ প্ৰস্তুতিৰ বতৰত কৃষকৰ মাজত দিনক দিনে দুশ্চিন্তা বৃদ্ধি পাবলৈ ধৰিছে। কেৱল ধানখেতিৰ পথাৰেই নহয়, মৎস্য পালনৰ সৈতে জড়িত কেইবাটাও ফিচাৰীৰ গৰাকীও সম্প্রতি অতিশয় চিন্তিত হৈ পৰিছে। জলসম্পদ বিভাগে উক্ত শুইচ গেটখন খুলি ৰখাৰ ফলত তিনিটা মৌজাৰে কৃষকৰ দুশ্চিন্তা বৃদ্ধিৰ লগতে অঞ্চল বিশেষে কেইবাখনো বিদ্যালয়, নামঘৰ কৃত্ৰিম বানৰ কবলত পৰিছে। তেনেদৰে পশুপালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা পৰিয়ালসমূহৰ মাজতো দুশ্চিন্তা বৃদ্ধি পাইছে। অভিযোগ মতে, ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে লগে জলম্পদ বিভাগৰ যোৰহাটৰ কাৰ্যবাহী বিষয়া আৰু সহকাৰী কাৰ্যবাহী বিষয়া দুজনৰ পৰামৰ্শ ক্রমে ব্লুইচ গে'টখন খুলি দিয়াত ব্ৰহ্মপুত্ৰৰ পানী তিনিটা মৌজাৰ বৃহত্তৰ অঞ্চলটোলৈ সহজেই সোমাই আহে আৰু শ শ বিঘা খেতিৰ পথাৰ খেতিৰ ভৰপকৰ সময়তে প্লাৱিত হৈ পৰাত বছৰটোৰ বাবে কৃষকৰ মূৰত ৰামটাঙোন মৰাৰ দৰে হৈ আহিছে। 

ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে লগে উক্ত শুইচ গে'টখন খুলি দিয়া আৰু পানী শুকুৱাৰ লগে লগে শুইচ গেটখন জলসম্পদ বিভাগৰ উক্ত বিষয়া দুজনে বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশৰ অন্তৰালত কি ৰহস্য সোমাই আছে, সেই বিষয়ে আজিও ভুক্তভোগী কৃষিজীৱীয়ে বুজিব পৰা নাই। এনে পৰিস্থিতিত এতিয়া নিৰুপায় হৈ স্থানীয় সচেতন কৃষকে আজি জলসম্পদ বিভাগৰ উক্ত বিষয়া-অভিযন্তা দুজনৰ বিৰুদ্ধে তিনিটা মৌজাৰ বৃহত্তৰ কৃষকৰ স্বাৰ্থত ৰাজহুৱা স্বার্থ জড়িত এখন অভিযোগ জিলাৰ আয়ুক্তক দাখিল কৰি বিষয়টোত তাৎক্ষণিকভাবে হস্তক্ষেপেৰে কৃত্রিম বানৰ ফলত জীৱন-জীৱিকাৰ প্ৰতি গুৰুতৰ সংকটে দেখা দিয়া তিনিটা মৌজাৰ শশ কৃষক পৰিয়ালৰ পক্ষত থিয় দিবলৈ জিলা প্রশাসনক আহ্বান জনাইছে।

Share This