ডিজিটেল ডেস্কঃ যোৰহাটৰ বন বিভাগৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে ব্রহ্মপুত্র নদীত একাংশ ব্যৱসায়ীয়ে বালি-পলসৰ অবৈধভাৱে খনন কাৰ্য চলাই যোৰহাটৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বন বিভাগ আৰু জলসম্পদ বিভাগ দুটা থকাৰ পাছতো উত্তৰ-পশ্চিম যোৰহাটৰ ককিলামুখৰ পৰা চাৰিগাঁও চাপৰি পর্যন্ত বৃহৎ অঞ্চলত বিভাগীয় নীতি-নিয়ম জলাঞ্জলি দি ব্রহ্মপুত্রত অবৈধ খনন চলোৱা ঘটনাই যোৰহাটবাসীক চিন্তিত কৰি তুলিছে। জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ ককিলামুখৰ পৰা ৫, ৬, ৭ আৰু ৮ নং শৈলবান্ধৰ এলেকাত যোৱা কেইবাবছৰো ধৰি বালি-পলসৰ অবৈধ খনন কার্য চলাই আহিছে একাংশ ব্যৱসায়ীয়ে। যোৰহাট চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰৰ সেই অঞ্চলৰ বালি মাটি অনাৰ বন বিভাগে অনুজ্ঞা-পত্র প্রদান কৰিছিল।
নির্দিষ্ট ব্যৱসায়ীয়ে বন বিভাগৰ পৰা পাৰ্মিট লাভ কৰি চাৰিলেনযুক্ত পথ নির্মাণত বালি-পলস আদি পেলোৱাৰ গইনা লৈ অন্য একাংশই অবৈধভাৱে ব্ৰহ্মপুত্ৰ নদীৰ শৈলবান্ধৰ কাষতে খনন চলাই নদীখনৰ প্রতি ভাবুকি আনিছে। বন বিভাগৰ নিয়ম অনুসৰি, নদীখনৰ মথাউৰিৰ এশ মিটাৰ নিলগতে বালি-পলসৰ খনন চলাব পাৰে যদিও কোনো ধৰণৰ নীতি-নিয়ম নামানি ছিণ্ডিকেট চক্রটোৱে য'তে-ত'তে খান্দি ব্রহ্মপুত্ৰখনৰ অৱস্থা অতি দুখ লগা কৰি তুলিছে। ইফালে ব্ৰহ্মপুত্ৰৰ বক্ষস্থলত জে চি বি, ফ'কলেন নমাই বালি-পলসৰ ব্যৱসায়ীকেইজনে দকৈ গাঁতৰ সৃষ্টি কৰি নদীখনৰ বৈশিষ্ট্যত প্ৰভাৱ পেলোৱাৰ উপক্রম হৈছে। স্থানীয় লোকে দাবী কৰা মতে, বৰ্তমান যি ধৰণে ব্ৰহ্মপুত্ৰত অবৈধ খনন চলিছে, এনেধৰণেৰে থাকিলে নদীখনে গতিপথ সলাব। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জলসম্পদ বিভাগে নিৰ্মাণ কৰা ৫ নং স্পাৰ, ৬ নং স্পাৰৰ কাষত বালি খনন চলাবলৈ পোৱাটোৱে বিভাগীয় কৰ্মচাৰীৰ দায়িত্বহীনতাৰ পৰিচয় দিছে। জলসম্পদ বিভাগৰ বিভাগীয় নিয়ম অনুসৰি, মথাউৰি তথা শৈলবান্ধৰ কাষত খান্দিবলৈ দিব নালাগে। কিন্তু চক্রটোৱে বন বিভাগ তথা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি বালি-পলসৰ ছিণ্ডিকেট চলাই আহিছে।
লক্ষণীয় যে বন বিভাগৰ ব্ৰহ্মপুত্ৰৰ বালি-পলসৰ খননৰ পার্মিট থাকিলেও বিভাগীয় নীতি-নিয়ম উলংঘা কৰি খনন চলাব নোৱাৰে। বৰ্তমান বৈধ আৰু অবৈধভাৱে ছিণ্ডিটকেট চক্রই ব্রহ্মপুত্ৰ বালি-পলসৰ বৃহৎ বজাৰ গঢ়ি তুলিছে। ককিলামুখৰ অৰণ্য মানৱ যাদৱ পায়েঙে ব্ৰহ্মপুত্ৰ নদীৰ খনন কার্য বন্ধ ৰাখিবলৈ যোৰহাট জিলা বন বিষয়া, আঞ্চলিক বন বিষয়াক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছতো কোনো ধৰণৰ ফল নধৰিল। খহনীয়া সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষকো বিষয়টোৰ সন্দৰ্ভত স্মাৰক-পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে। বাৰিষা হ'লে খহনীয়া অব্যাহত থকাৰ সময়তে খৰালি অবৈধভাৱে য'তে- ত'তে বালি খনন কৰাৰ ফলত নদীখনে নিজৰ বৈশিষ্ট্য হেৰুৱাইছে। ইফালে বালি-পলসৰ ব্যৱসায়ীৰ ডাম্পাৰসমূহে মালৌআলি আৰু জগন্নাথ বৰুৱা পথেৰে দৈনিক বালি-পলস সৰবৰাহ কৰাৰ ফলত যাতায়াতৰ বাবে বৃহৎ সমস্যাৰ সৃষ্টি হৈছে। দৈনিক শ শ ডাম্পাৰ, মিনি ট্রাকে পথ দুটাৰ অৱস্থাও শোচনীয় কৰি পেলাইছে। বিশেষকৈ মালৌ আলিটোৰ অৱস্থা শোচনীয় হৈ পৰিছে। দীর্ঘদিন ধৰি চলাই অহা এই ডাম্পাৰৰ ফলত পথটোত দুর্ঘটনা সংঘটিত হৈছে। উত্তৰ-পশ্চিম যোৰহাটৰ কাৰেং, দেউৰী গাঁও, এলেংমৰা চাৰিআলি হৈ মালৌ আলিয়েদি দৈনিক সৰবৰাহ হৈ থকা বালি ভর্তি ডাম্পাৰৰ ফলত পথটোৰ কাষৰীয়া ৰাইজে যমৰ যাতনাত ভুগিবলগীয়া হৈছে। যোৰহাট জিলা প্রশাসনে ব্ৰহ্মপুত্ৰৰ নীতি বিৰুদ্ধকৈ চলাই অহা খনন কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে। নহ'লে বাৰিষা ব্ৰহ্মপুত্ৰই গতিপথ সলালে যোৰহাটৰ প্ৰতি ভাবুকি আহিব।