ডিজিটেল ডেস্ক : ৰাজ্যৰ মীন বিভাগত বিভিন্ন কেলেংকাৰিয়ে তোলপাৰ লগাই থকাৰ সময়তে লখিমপুৰত এখন কোটি টকীয়া মীন পাম আঁচনিত এটাও মাছ নথকা কাৰ্যই লখিমপুৰ মীন বিভাগৰ স্বৰূপ উদঙাই দেখুৱাইছে। তদুপৰি, হাবি-জংঘলেৰে ভৰা এই মীন পাম আঁচনিখনৰ উন্নয়নৰ নামত এতিয়া ৪৯ লাখ টকা ওলাই যোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। লখিমপুৰ জিলাৰ কদম মইনাপৰাত থকা এই মীন পামখনত এতিয়া মাছ উৎপাদনৰ বিপৰীতে মদৰ থলীলৈ ৰূপান্তৰিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষত অসম চৰকাৰে মীন খণ্ড উন্নয়নৰ বাবে লখিমপুৰ জিলাৰ কদম মইনাপৰাত মীনপামখনলৈ আৰ আই ডি এফ আঁচনিৰ শিতানত ৪৯ লাখ ১৮ হাজাৰ ৮১৫ টকা আবণ্টন দিয়ে। উক্ত কামৰ ঠিকা লাভ কৰে ধেমাজিৰ মনোজ ভূঞা নামৰ ঠিকাদাৰজনে। উক্ত ঠিকাদাৰজনে কেইমাহমানৰ পূৰ্বে মীনপামখনৰ চৌহদ বেৰা আৰু চতুৰ্থ শ্ৰেণীৰ এটা গৃহ নির্মাণ আদিৰ নামত আবণ্টন দিয়া ধন মোকলাই নিয়ে। তাৎপর্যপূর্ণ কথা যে উক্ত আঁচনিখনত মীন পামখনত থকা পুখুৰীসমূহ উন্নয়ন কৰিব লাগিছিল যদিও উক্ত পুখুৰী আৰু পাৰসমূহত এতিয়া হাবি-জংঘলেৰে ভৰি পৰিছে।
তাৎপর্যপূর্ণ কথা যে.০.৫ হেক্টৰ ভূমিৰে আগুৰা আৰু কেইবাটাও পুখুৰী থকা এই কোটি টকীয়া মইনাপৰা মীন পামখনত এটাও মাছনথকা কার্যই সকলোৰে চকু কপালত তুলিছে। পূৰ্বৰ পুখুৰীসমূহৰ কোনো উন্নয়ন নকৰাত এতিয়া পামখনৰ চৌদিশে হাবি-জংঘলেৰে ভৰি পৰিছে। তদুপৰি, পামখনৰ মাজত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী থকাৰ বাবে নিৰ্মাণ কৰা গৃহটোত এতিয়া একপ্ৰকাৰে মদৰ আড্ডাত পৰিণত হৈছে। গৃহটোৰ পিৰালিত এতিয়া বিলাতী মদৰ বটলৰ দ'মে উক্ত কথাকে প্রতীয়মান কৰিছে।