উচ্ছেদক লৈ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ, কোনো কাৰণতে বেদখলকাৰীৰ হাতলৈ যাব নালাগে বনভূমি

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰক নির্দেশ দিছে ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি এক ৰায়দানযোগে অসমৰ সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰা আৰু পৰিৱেশ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সাংবিধানিক দায়িত্ব পালন কৰিবলৈ সোঁৱৰাই দিছে। 

ন্যায়াধীশ দেৱাশিস বৰুৱাৰ বিচাৰপীঠে লুতুমাই, বৰপানী আদিকে ধৰি সংশ্লিষ্ট সংৰক্ষিত বনাঞ্চলৰ বেদখল সম্পর্কীয় এক গুৰুত্বপূৰ্ণ গোচৰৰ [WP(C)/1649/2026] চূড়ান্ত ৰায়দান কৰি কয় যে বনভূমিসমূহ কোনো কাৰণতে বেদখলকাৰীৰ হাতলৈ যাব নালাগে। চৰকাৰে সকলো নীতি-নিয়ম ৰক্ষা কৰি বনভূমিত চলি থকা বেদখল বন্ধ কৰিব পাৰে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক সংবিধানে ক্ষমতা প্রদান কৰিছে। আনহাতে, বেদখলমুক্ত কৰা বনাঞ্চলৰ ভূমিত বন বিভাগক ক্ষিপ্ৰতাৰে গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আদালতে লগতে কয় যে যিসকল উচ্ছেদিত আৱেদনকাৰীয়ে প্ৰমাণ কৰিব পাৰিব যে তেওঁলোক ১৯৮০ চনৰ পূৰ্বেই উপযুক্ত চৰকাৰী কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে সেই অঞ্চলত বসবাস কৰিছিল, তেওঁলোকৰ ভূমি আবণ্টনৰ আৱেদনক 'অসম ভূমি নীতি, ২০১৯' অনুসৰি চৰকাৰে অগ্ৰাধিকাৰ দিব লাগিব। কিন্তু সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কাকো নতুনকৈ সংস্থাপন কৰিব নোৱাৰিব। 

আনহাতে, চৰকাৰে আধুনিক প্রযুক্তি আৰু জিঅ'-ক'অর্ডিনেটছ (Geo-coordinates) ব্যৱহাৰ কৰি সংৰক্ষিত বনাঞ্চলৰ যি ডিজিটেল মেপিং আৰু সীমা নির্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে সেয়া আদালতে সম্পূর্ণ সঠিক আৰু বৈধ বুলি গ্ৰহণ কৰিছে। এই ৰায় সন্দৰ্ভত অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা পৰাংগম গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আদালতে বনাঞ্চল তথা প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰাত গুৰুত্ব দি সংৰক্ষিত বনাঞ্চলৰ মাটি কোনো কাৰণতে আন কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে। এই ৰায়ৰ পাছত সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ ক্ষেত্রত কোনো বাধা নাহিব বুলিও কয় গোস্বামীয়ে। 

উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত বনভূমিত উচ্ছেদ চলাই বৃহৎ পৰিমাণৰ মাটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, অনাগত দিনতো চৰকাৰখনে বনভূমি তথা চৰকাৰী ভূমিত অধিক উচ্ছেদ চলাব বুলিও ঘোষণা কৰিছে। এনে পৰিস্থিতিত কালিৰ এই ৰায়ে মুখ্যমন্ত্ৰীগৰাকীৰ বনভূমি উদ্ধাৰৰ অভিযানত সহায় কৰিব বুলি আশা কৰিব পাৰি।

Share This