'টে'ট' বাধ্যতামূলক কৰি ন্যায়ালয়ৰ ৰায়, অনিশ্চয়তাৰ গৰাহত ৰাজ্যৰ লক্ষাধিক শিক্ষক

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ প্ৰায় এক লাখ শিক্ষকৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশনাৰ বাবে সমগ্ৰ দেশৰ প্ৰায় ২০ লাখ শিক্ষকৰ চাকৰি নিৰাপত্তাহীন হৈ পৰাত উদ্বিগ্ন শিক্ষক সংগঠনসমূহে অহা ১৫ জুনৰ পৰা দেশৰ সকলো 'সাংসদৰ ঘৰৰ দুৱাৰত টোকৰ'ৰ দৰে এক অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ দ্বাৰা সাংসদসকলক বিষয়টো দৃষ্টিগোচৰ কৰি সংসদত শিক্ষকৰ নিৰাপত্তাৰ বাবে আইন যুগুত কৰাৰ আহ্বান জনাই স্মাৰক-পত্ৰ প্ৰদান কৰিব। 

অসমৰ দুয়োখন সদনত থকা ২১গৰাকী সাংসদকো অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে সাক্ষাৎ কৰিব। অহা ১৫ জুনৰ পৰা আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ সময়ছোৱাত যিসকল সাংসদ নিজ ৰাজ্যত বা সমষ্টিত নাথাকিব তেওঁলোকক দিল্লী বা দেশৰ যি স্থানতে থাকিব তাতেই সংশ্লিষ্ট ৰাজ্যৰ শিক্ষক সংগঠনে সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিব। 

উল্লেখযোগ্য যে ২০২৫ চনৰ এক ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে সকলো শিক্ষকে টে'ট উত্তীর্ণ হোৱাটো বাধ্যতামূলক কৰি এক নির্দেশনা জাৰি কৰিছিল। সৰ্বভাৰতীয় পৰ্যায়ৰ শিক্ষক সংগঠন অখিল ভাৰতীয় শিক্ষক সংঘই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও যোৱা ১৩ মে'ত আগৰ সিদ্ধান্তকে ন্যায়ালয়ে বাহাল ৰখাত দেশৰ লগতে অসমৰো প্ৰায় ১ লাখৰো অধিক শিক্ষকৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে। যিসকল শিক্ষকৰ অৱসৰলৈ আৰু মাত্ৰ ৫ বছৰ আছে তেওঁলোকক টে'ট উত্তীৰ্ণ হোৱাৰ পৰা ৰেহাই দিয়া হৈছে যদিও টে'ট অবিহনে তেওঁলোকে এই সময়ছোৱাত পাবলগীয়া পদোন্নতি নাপাব। আন শিক্ষকসকলে ২০২৮ চনৰ ভিতৰত অৰ্থাৎ আৰু দুটা বছৰৰ ভিতৰত টে'ট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। 

উল্লেখযোগ্য যে অসমত ২০১২ চনৰ পৰাহে টে'ট উত্তীৰ্ণৰ ভিত্তিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ আৰম্ভ হয়। ফলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাই বিপদত পেলাইছে বৃহৎ সংখ্যক শিক্ষকক। অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে শিক্ষক নিযুক্তি এটা নীতিৰ আধাৰত হয়। নতুন নীতি প্ৰৱৰ্তন হ'লেই আগৰ নীতি অকাৰ্যকৰী হৈ পৰা ব্যৱস্থাই ভৱিষ্যতে আন কৰ্মচাৰীসকলকো বিপদত পেলাব। নতুন বিধিয়ে পুৰণি বিধিক অকামিলা কৰিলে ভৱিষ্যতলৈ একেই সংশয় থাকিব। এইক্ষেত্রত কোনো ৰাজ্যই সিদ্ধান্ত লোৱা নাই যদিও উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক প্রত্যাহ্বান জনাইছে। গোস্বামীয়ে লগতে কয় যে সাংসদক সাক্ষাৎ কৰা কাৰ্যসূচী আগতেও গ্রহণ কৰা হৈছিল। যাৰ ফলত বহুকেইগৰাকী সাংসদে বিষয়টো সংসদত উত্থাপন কৰাত চর্চা লাভ কৰিছিল।

Share This