MENU

প্ৰেমিকাৰ কল ডিটেইলছ বিচাৰি টেলিকম অফিচত উপস্থিত প্ৰেমিক! কৰিলে এই কাণ্ড

Kakali Deka March 21, 2025

ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত কেতিয়াবা কিছুমান মানুহ উন্মাদ হৈ পৰে৷ কি কৰি আছে নিজেই একো গম নোপোৱা হৈ যায়। 
বিহাৰৰ মুজাফ্ফৰপুৰত ঘটিছে এক আচৰিত ঘটনা। 

এজন উন্মাদ প্ৰেমিকে হাতত কুঠাৰ লৈ টেলিকম অফিচত উপস্থিত হৈ প্ৰেমিকাৰ কল ডিটেইলছ বিচাৰিবলৈ ধৰিলে। কিন্তু কল ডিটেইলছ দিবলৈ অমান্তি হয় কৰ্মচাৰীসকল। তাতে খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰেমিকজন।

কৰ্মচাৰীসকলৰ লগত তেওঁ অসৎ আচৰণ কৰে আৰু কল ডিটেইলছ নোপোৱাত কুঠাৰেৰে কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। অফিচত লাগিল হুৱাদুৱা। এই সময়তে মানুহে তেওঁক ধৰি মাৰপিট কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ব্যৱস্থা আৰম্ভ কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, অভিযুক্ত যুৱকজনে ইয়াৰ পূৰ্বেও টেলিকম অফিচলৈ আহিছিল আৰু প্ৰেমিকাৰ কল ডিটেইলছ লাভ কৰিবলৈ দাবী জনাইছিল। কৰ্মচাৰীসকলে দিবলৈ অমান্তি হোৱাত তেওঁলোকক গালি-গালাজ পাৰি গুচি গৈছিল। ইয়াৰ পিছত আকৌ আহিল আৰু এইবাৰ তেওঁৰ হাতত আছিল এখন কুঠাৰ। 

ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁ মহিলা কৰ্মচাৰীৰ লগত কাজিয়া আৰম্ভ কৰে আৰু তাৰপিছত টেলিকম কোম্পানীটোৰ টেপিং গ্লাছত কুঠাৰেৰে আঘাত কৰে। গ্লাছ ভাঙি যোৱাৰ লগে লগে প্ৰচণ্ড শব্দ এটা হ’ল, সেয়ে ওচৰৰ দোকানী আৰু পথচাৰীসকল সেই ঠাইতে গোট খালে।

মানুহে দেখিলে যে যুৱকজন সম্পূৰ্ণ ক্ৰোধিত হৈ অফিচ ভাঙিছে, কিছু সময়ৰ ভিতৰতে স্থানীয় ৰাইজে তেওঁক ধৰি তীব্ৰ প্ৰহাৰ কৰে। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে মিথানপুৰা আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ কেনেবাকৈ যুৱকজনক ভিৰৰ পৰা মুক্ত কৰি জিম্মাত লৈ যায়। টেলিকম কোম্পানীটোৱে দিয়া এজাহাৰ সন্দৰ্ভত আৰক্ষীয়ে এফ আই আৰ ৰুজু কৰিছে। জেৰাৰ সময়ত পোহৰলৈ আহিল যে অভিযুক্ত যুৱকজন মানসিকভাৱে সুস্থিৰ হৈ থকা নাই।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্তত নামি পৰিছে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This