ডিজিটেল ডেস্ক : শেহতীয়াকৈ বিগত ৫ বছৰত অসম আৰক্ষীৰ কৰ্মদক্ষতা বৃদ্ধি পোৱাই নহয় সামগ্রিকভাৱে ৰাজ্যখনৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰে ৰূপান্তৰ ঘটিছে।
কালি সামাজিক মাধ্যমযোগে এই দাবী কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তথ্য প্রকাশ কৰে যে ২০২১ চনৰ পৰা ২০২৬ চনৰ জুন পর্যন্ত ৰাজ্যখনত অপৰাধ পঞ্জীয়ন ১,৩৩,২৩৯ৰ পৰা ২০,৫৮২টালৈ অর্থাৎ ৮৫ শতাংশ হ্রাস পাইছে। সেইদৰে চাৰ্জশ্বিট দিয়া গোচৰৰ হাৰ ৩৯.৪ শতাংশৰ পৰা ৮৬.৬ শতাংশলৈ অর্থাৎ দুগুণতকৈও অধিক বৃদ্ধি পাইছে। সেইদৰে অপৰাধৰ সংখ্যাও উল্লেখনীয়ভাৱে হ্রাস পাইছে ৰাজ্যখনত। মুখ্যমন্ত্রীজনে দিয়া তথ্য অনুসৰি পূৰ্বে প্ৰতিলাখ জনসংখ্যাত অপৰাধ আছিল ৩৭৯ এতিয়া এই সংখ্যা ১১২লৈ অর্থাৎ ৭০ শতাংশ হ্রাস পাইছে।
অনুৰূপ ধৰণে - কনভিকশ্যনৰ হাৰ অৰ্থাৎ দোষী সাব্যস্তকৰণৰ হাৰ ৬.১ শতাংশৰ পৰা ২৫.৩ শতাংশলৈ অর্থাৎ ৪গুণ বৃদ্ধি পাইছে। মুখ্যমন্ত্রীজনে দিয়া আন এক গুৰুত্বপূৰ্ণ তথ্য অনুসৰি ৰাজ্যত তদন্ত হৈ থকা গোচৰৰ সংখ্যা ১৩৩৯৮২-ৰ পৰা ১০৪৮৬টালৈ অর্থাৎ ৯২ শতাংশ হ্রাস পাইছে।