ডিজিটেল ডেস্ক: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ পালচিগুৰিৰ এগৰাকী চি আৰ পি এফ জোৱানে বৰ্তমান ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে এক উজ্জ্বল আদৰ্শ হৈ পৰিছে। চাকৰিৰ ব্যস্ততাৰ মাজতো কৃষি কৰ্মৰ জৰিয়তে তেওঁ দেখুৱাই দিছে এক ব্যতিক্ৰমী কৰ্ম সংস্কৃতি।
এই কৰ্মযোগী জোৱানগৰাকীৰ নাম হৈছে গণেশ মুছাহাৰী। বিগত ১৯ বছৰ পূৰ্বে তেওঁ চিআৰপিএফৰ ১৮৩ নং বেটেলিয়নত যোগদান কৰিছিল। বৰ্তমান গণেশ মুছাহাৰী কাশ্মীৰত কৰ্মৰত।
আন ১০ জনৰ দৰে ছুটীত ঘৰলৈ আহি তেওঁ অনাহকভাৱে সময় অপচয় নকৰে। ঘৰলৈ অহাৰ পিছতেই তেওঁ ব্যস্ত হৈ পৰে বিভিন্ন কৃষি কাৰ্যত।
পৰম্পৰাগত ধান খেতিৰ উপৰিও তেওঁ নিজৰ বাৰীত বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰি আহিছে।
বিগত পাঁচ বছৰ পূৰ্বে জোৱানগৰাকীয়ে নিজৰ ঘৰৰ পতিত মাটিত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল বিদেশী ফল 'ড্ৰেগন'ৰ খেতি। বৰ্তমান তেওঁৰ এই পৰিশ্ৰমে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। কেৱল ড্ৰেগন ফল বিক্ৰী কৰিয়েই গণেশ মুছাহাৰীয়ে এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ এই অভিনৱ প্ৰচেষ্টা আৰু সফলতাই এতিয়া অঞ্চলটোৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। চাকৰি কৰিও যে নিজৰ মাটিতেই স্বাৱলম্বিতাৰ এক সুন্দৰ পথ উলিয়াব পাৰি, তাক তেওঁ কাৰ্যত পৰিণত কৰি দেখুৱালে। বিশেষকৈ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে চিআৰপিএফ জোৱান গণেশ মুছাহাৰীৰ এই কৰ্ম সংস্কৃতি সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক।
উৎস : প্ৰাগ নিউজ ডিজিটেল