ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এপ্রিলত নতুন শুল্ক ঘোষণা কৰাৰ পাছত ভাৰতে আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণলৈ বৃদ্ধি কৰিছে। ভাৰতে যোৱা বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিছিল ১৫ হাজাৰ কোটি টকাৰ।
চলিত বিত্তীয় বর্ষত এপ্রিল-জুন সময়ছোৱাত ভাৰতে আমেৰিকাৰ পৰা ৩২ হাজাৰ কোটি টকাৰ খাৰুৱা তেল ক্ৰয় কৰে। আন কথাত যোৱা বছৰৰ তুলনাত এইবছৰ আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো ১১৪% বৃদ্ধি পাইছে। ভাৰতে যোৱা বছৰ জানুৱাৰী-জুন সময়ছোৱাত আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল ১.৮ লাখ বেৰল খাৰুৱা তেল। চলিত বছৰৰ একে সময়ছোৱাত আমেৰিকাৰ পৰা ক্ৰয় কৰা হয় ২.৭১ লাখ বেৰল খাৰুৱা তেল। কেৱল যোৱা মাহতেই ভাৰতে আমেৰিকাৰ পৰা জুনৰ তুলনাত ২৩% অধিক খাৰুৱা তেল ক্রয় কৰে।
এতিয়া ভাৰতৰ মুঠ তেল আমদানিত আমেৰিকাৰ পৰা ক্ৰয় কৰা তেলৰ হাৰ ৩%ৰ পৰা ৮%লৈ বৃদ্ধি পাইছে। কেৱল খাৰুৱা তেলেই নহয়, আমেৰিকাৰ পৰা তৰল পেট্ৰ'লিয়াম গেছ (এল পি জি) আৰু তৰল প্ৰাকৃতিক গেছৰ (এল এন জি) আমদানিও বৃদ্ধি পাইছে। চলিত বছৰত ভাৰতে আমেৰিকাৰ পৰা ২৪৬ কোটি ডলাৰৰ এল এন জি ক্রয় কৰে। যোৱা বছৰ দেশখনৰ পৰা ১৪১ কোটি ডলাৰৰ এল এন ডি ক্ৰয় কৰিছিল। মন কৰিবলগীয়া যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিলেও আমেৰিকাৰ পৰা আমদানি কৰাৰ হাৰ বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ লগতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কাৰণে জৰিমনা আৰোপ কৰিব বুলি ঘোষণা কৰে।