বার্লিন চলচ্চিত্র মহোৎসৱ, ৰীমা দাসৰ 'নট এ হিৰ'লৈ ক্রিষ্টেল বীয়েৰ স্পেচিয়েল মেনছন

dainik janambhumi February 23, 2026

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা ৰীমা দাসৰ শেহতীয়া চিনেমা 'নট এ হিৰ'' ই ক্রিষ্টেল বীয়েৰ স্পেচিয়েল মেনছন লাভ কৰিলে বার্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। এই মহোৎসৱতে ৱৰ্ল্ড প্রিমিয়াৰ হৈছিল চিনেমাখনৰ। 

জেনেৰেশ্যন কে প্লাছ কম্পিটিশ্যন শাখাত চিনেমাখনৰ বাছনি হৈছিল, যিটো শাখাত শিশু আৰু যুৱ দৰ্শকৰ বাবে নির্মিত চলচ্চিত্র প্রদর্শন কৰা হয়। এয়া আছিল বার্লিনত ৰীমা দাসৰ তৃতীয়খন চিনেমা। ইয়াৰ পূৰ্বে তেওঁৰ চিনেমা 'বুলবুল কেন ছিঙে' ২০১৯ চনত জেনেৰেশ্যন কে প্লাছত স্পেচিয়েল মেনছন লাভ কৰিছিল। জেনেৰেশ্যন কে প্লাছৰ জুৰী সদস্যসকল আছিল ৱাল্টাৰ মৰ্টিজ আর্নডট, গুস্তাভ আর্নজ, থাবানি ডাবুলামাঞ্জি, ৰোজা ছফি ক্ৰাছজহৰকাই, ভেৰা মার্চ, এমিৰ এবে অজেৰেন উদণ্ড আলমা ছোফিয়া ভিলানুইভা বুলেমাৰ। এইসকলে ক্রিষ্টেল বীয়েৰ বিজয়ী বাছনি কৰি চিনেমাখনৰ বিষয়ে অভিমত প্রকাশ কৰি কয় যে নগৰৰ এজন সাধাৰণ ল'ৰাই উপকণ্ঠ অঞ্চললৈ গৈ জীৱনটো আৱিষ্কাৰ কৰিলে। 

নতুন বন্ধু আৰু নিজকে আৱিষ্কাৰ কৰিলে। দক্ষ অভিনেতা থকা এখন আমোদজনক চিনেমা, যি আমাক আৱেগিক অভিযানলৈ লৈ যায়। যুৱ দৰ্শকৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে এই চিনেমাখনে স্বীকৃতি লাভ কৰিছে। এই সফলতাৰ বিষয়ে ৰীমা দাসে কয় যে এই স্বীকৃতি মোৰ বাবে গভীৰভাৱে অর্থপূর্ণ। শিশুসকলৰ কথা ভালদৰে শুনি আৰু তেওঁলোকক তেওঁলোকৰ শক্তি, সাহস আৰু তেওঁলোকে কি হ'ব খোজে, সেয়া বাছনি কৰাৰ তেওঁলোকৰ অধিকাৰক গুৰুত্ব দি এই চিনেমাখন নির্মাণ কৰা হৈছে। চিনেমাখনত কেন্দ্ৰীয় চৰিত্ৰ মিভানৰ চৰিত্ৰ ৰূপায়ণ কৰা ভুমন ভাৰ্গৱ দাসে আনন্দ প্রকাশ কৰিলে এইদৰে 'বিজয়ী হৈ মই বহুত সুখী হৈছোঁ। বহুত মানুহৰ লগত আমি চিনেমাখন চালোঁ আৰু মোৰ দৰে বহুতো সৰু ল'ৰা-ছোৱালীয়ে চিনেমাখন চাবলৈ আহিছিল। তেওঁলোকে চিনেমাখন খুব ভাল পাইছে।' 

অভিনেত্রী সুকন্যা বৰুৱাই কয়, 'এইখন মোৰ প্ৰথম চিনেমা আৰু এয়া মোৰ প্ৰথম বার্লিনেল। এয়া সপোনৰ দৰে অনুভৱ। 'নট এ হিৰ'' ৰ অংশ হ'বলৈ পোৱাটো অনন্য এক যাত্রা।' 

উল্লেখযোগ্য যে অকাংগা ফিল্ম এছিয়া আৰু ট্রেইন ট্রিপাৰ ফিল্মছৰ সহযোগত ফ্লায়িং ৰিভাৰ ফিল্মছ-এ এই চিনেমাখন প্রযোজনা কৰিছে। প্রিমিয়াৰৰ পূৰ্বে পেৰিছৰ বিপণন কোম্পানী এম এম এম ছেলছ-এ চিনেমাখনৰ বিশ্ব বিপণনৰ স্বত্ব ক্রয় কৰে।

Share This