জয়পুৰৰ পৰা ৮,০২০ কিঃমিঃ চাইকেল চলাই ধেমাজিত চাইক্লিষ্ট আশা মালব্য

dainik janambhumi June 23, 2026

ডিজিটেল ডেস্ক : মহিলা সবীহৰণ, দেশপ্রেম আৰু সাহসেৰে প্ৰান্তৰৰ পৰা পূব প্ৰান্তলৈ চাইকেল যাত্রাত নামিছে মধ্যপ্ৰদেশৰ চ'ল চাইক্লিষ্ট তথা যুৱ এথলীট আশা মালব্য। জয়পুৰৰ পৰা অৰুণাচল প্ৰদেশৰ কিবিথুলৈ প্রায় ৮,৭০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই দুঃসাহসিক যাত্ৰাৰ লক্ষ্য লৈ আগবাঢ়ি অহা আশা মালব্য কালি ধেমাজিত উপস্থিত হয়। 

উল্লেখযোগ্য যে আশা মালব্যই চলিত বৰ্ষৰ ১১ জানুৱাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল। ইতিমধ্যে তেওঁ প্রায় ৮,০২০ কিল'মিটাৰ চাইকেল চলাই অতিক্ৰম কৰি বৰ্তমান ধেমাজিত উপস্থিত হয়। আগন্তুক ১৫ৰ পৰা ২৯ দিনৰ ভিতৰত তেওঁৰ এই যাত্রা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সাহসী এইগৰাকী যুৱতীয়ে এতিয়ালৈকে মুঠ ৬৪ হাজাৰ কিল'মিটাৰতকৈ অধিক দূৰত্ব চাইকেলেৰে অতিক্ৰম কৰাৰ লগতে কেইবাটাও দুঃসাহসিক অভিযান সফলতাৰে সম্পন্ন কৰিছে। 

ধেমাজিত উপস্থিত হৈ আশা মালব্যই সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উন্নয়নৰ পথত আগবাঢ়ি গৈ আছে বুলি উল্লেখ কৰি তেওঁ মহিলা আৰু যুৱপ্ৰজন্মক আত্মবিশ্বাস, সাহস আৰু দৃঢ় মনোবলেৰে জীৱনৰ লক্ষ্যৰ দিশে আগুৱাই যাবলৈ আহ্বান জনায়। আশা মালব্যৰ এই ব্যতিক্রমী চাইকেল যাত্রাই সমাজলৈ এক ইতিবাচক বার্তা কঢ়িয়াই অনাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে।

Share This