ডার্ক চকলেট
Digital desk
July 17, 2024
ডিজিটেল ডেস্কঃ আমাৰ বহুতৰে প্রিয় চকলেটৰ আছে কেইবাটাও উপকাৰী গুণ। হয়, চকলেট স্বাস্থ্যৰ বাবেও উপকাৰী। এই কথা প্রমাণিত হৈছে চিকিৎসা বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত তুলনামূলকভাবে আকৌ ডার্ক চকলেট অধিক স্বাস্থ্যপোযোগী। ডার্ক চকলেটত প্ৰচুৰ পৰিমাণে সক্রিয় জৈৱ উপাদান থকাৰ ফলত ই এন্টিঅক্সিডেণ্টৰ কাম কৰে। এন্টিঅক্সিডেন্টে আমাৰ দেহৰ ৰোগ প্রতিবোধ ক্ষমতা বৃদ্ধি কৰে। লগতে ই কোষৰ ক্ষতি ৰোধ কৰে। চিকিৎসা বিজ্ঞানৰ মতে কেঞ্চাৰ ৰোগৰ প্রতিৰোধতো ডার্ক চকলেটে সামান্য হ'লেও ভূমিকা গ্রহণ কৰে।
তুলনামূলকভাবে অন্য চকলেটতকৈ ডার্ক চকলেটত চেনিৰ পৰিমাণ কম আৰু কোকোয়াৰ পৰিমাণ বেছি থাকে বাবে ইয়াত থকা কোকোয়া বীজৰ ফ্লেভানলে মস্তিষ্কৰ ৰক্তপ্রবাহ বৃদ্ধি কৰাৰ লগতে মস্তিস্কৰ ৰোগ প্ৰতিৰোধ আৰু স্মৃতি শক্তি বৃদ্ধি কৰে। ডার্ক চকলেটত থকা ট্রিপটোফানে অবসাদগুক্ততা আঁতৰোৱাৰ উপৰি শৰীৰত ড'পামিন হৰমনৰ নিঃসৰণ বৃদ্ধি কৰি মনত উল্লাসানুভূতিৰ সৃষ্টি কৰে।
শৰীৰৰ অপ্রয়োজনীয় কলেস্টৰল হ্রাস কৰি ভাল কলেষ্টেৰলৰ মাত্রা বৃদ্ধি কৰা ডার্ক চকলেট চর্দি, কাহ, মূৰৰ বিষ আদিৰ বাবেও উপকাৰী। চকলেটত বিশেষকৈ ডার্ক চকলেটত থকা ফ্রেভক্সনলে মগজুৰ শক্তি প্রখৰ কৰাৰ ফলত স্মৃতি শক্তি বৃদ্ধিত অৰিহণা যোগায়। চিকিৎসা বিজ্ঞানৰ তথ্য মতে, ডার্ক চকলেটত থকা এন্টিঅক্সিডেন্টসমূহে ৰক্তচাপ কমোৱাৰ লগতে হাদযন্ত্রলৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ ফলত ষ্ট্ৰ'ক, হৃদৰোগ আদিৰ সম্ভাৱনা কম হয়। ৰোগ প্রতিৰোধ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰে ডার্ক চকলেট সেৱনে।
Share This