দৰঙৰ 'বি এছ এগ্ৰ' এণ্ড লাইভষ্টক' নিবনুৱাৰ আদৰ্শ

dainik janambhumi July 07, 2025

ডিজিটেল ডেস্ক: আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা উচ্চ শিক্ষা গ্রহণ কৰি চৰকাৰী চাকৰিৰ পাছত দৌৰাৰ পৰিৱর্তে পশুপালন, দুগ্ধ উৎপাদন আদিৰ জৰিয়তে আৰ্থিকভাৱে যথেষ্ট লাভৱান হোৱাৰ লগতে বিগত প্রায় দুটা দশক আন দহজন নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ পথৰ সন্ধান দিছে দৰং জিলাৰ উদ্যোগী পিতা-পুত্রই। উচ্চ শিক্ষিত পিতৃয়ে প্রতিষ্ঠা কৰা ব্যৱসায় পৰৱর্তী সময়ত নতুন প্রজন্মৰ উচ্চ শিক্ষিত পুত্রই নতুন গতি প্রদানৰ এক বিৰল কাহিনী সম্প্রতি জিলাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে এক অনুপ্রেৰণাৰ উৎস হৈ পৰিছে।

দৰঙৰ বাহামোলা আঠীয়াবাৰী গাঁও নিৱাসী ভাস্কৰ চহৰীয়াই শ্বিলঙৰ ছেইন্ট এন্থনীছ কলেজৰ পৰা বাণিজ্যত স্নাতক ডিগ্রী লাভ কৰি ১৯৯৯ চনত নিজৰ ঘৰতে আৰম্ভ কৰে গো পালন। সোণালী আৰু জাৰ্ছী প্রজাতিৰ দুজনী গাই গৰুৰে দুগ্ধ উৎপাদনৰ ফার্মখন আৰম্ভ কৰে। প্রায় ৮ বছৰৰ পিছত চহৰীয়াই ফার্মখনৰ বাবে ৫ লাখ ৫০ হাজাৰ টকাৰ ৰাজসাহায্যযুক্ত ঋণ লাভ কৰে। ঋণ লাভ কৰি ঋণৰ টকাৰ উচিত প্ৰয়োগৰ লক্ষ্যৰে চহৰীয়াই কার্নালৰ পৰা আধুনিক গো-পালনৰ এটা কাৰিকৰী প্ৰশিক্ষণ গ্রহণ কৰে।

ইয়াৰ প্ৰায় ডেৰ বছৰ পিছৰ পৰা ফার্মখনত পশুধনৰ সংখ্যা যথেষ্ট বৃদ্ধি পায় আৰু সমান্তৰালকৈ দুগ্ধ উৎপাদনো দুগুণে বাঢ়ে। চহৰীয়াৰ পুত্র কৌশিক চহৰীয়াই জনোৱা মতে, ২০১০ চনৰ পৰা ফার্মখনত দৈনিক গড়ে ২০০ লিটাৰ গাখীৰ উৎপাদন হ'বলৈ ধৰে আৰু এইদৰে তেওঁলোকে জিলাখনত এক নীৰৱ শ্বেত বিপ্লৱৰ সূচনা কৰে। পৰৱৰ্তী পাঁচটা বছৰলৈ ব্যৱসায়ৰ এই সোণালী ধাৰা অব্যাহত থাকে। কিন্তু তাৰ পিছত চহৰীয়া পৰিয়ালৰ বি এছ এগ্র' এণ্ড লাইভষ্টক ফার্মখনে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। গাখীৰ খীৰোৱাৰ ক্ষেত্ৰত দক্ষ শ্রমিকৰ অভাৱত খীৰতী গাইবিলাকৰ ওহাৰত মেষ্টাইটিছ নামৰ এবিধ ৰোগে দেখা দিয়ে। পৰিণতিত ফার্মখনত গাখীৰ উৎপাদন বহু পৰিমাণে হ্রাস পায়।

ইয়াৰ মাজতে তেওঁ ২০১৯ চনত প্রায় ৬ লাখ ৫০ হাজাৰ টকাৰ বেংক ঋণ আৰু নিজৰ জমা ধন প্রায় চাৰি লাখ টকা বিনিয়োগ কৰি বিজ্ঞানসন্মত গাহৰি ফাৰ্ম এখন আৰম্ভ কৰে। প্রায় এবছৰত ফাৰ্মখনত গাহৰিৰ সংখ্যা বৃদ্ধি পাই ২০০/২৫০টা হ'লগৈ। খাহী গাহৰি, গাহৰি পোৱালি আদি বিক্ৰী কৰি চহৰীয়া যথেষ্ট লাভৱান হয়। কিন্তু ২০২১ চনত ফার্মখন আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হয়। যাৰ ফলত ফাৰ্মখনৰ গাহৰিবিলাক মাৰি পেলাবলগীয়া হয়। ইয়াৰ পূৰ্বে ২০২০ চনৰ লকডাউনৰ বাবে হিমাচল প্ৰদেশৰ ৱাই এছ পাৰ্মাৰ বিশ্ববিদ্যালয়ত ফৰেষ্ট্ৰী বিষয়ত স্নাতক পাঠ্যক্রমত অধ্যয়ন কৰি থকা কৌশিক ঘৰলৈ উভতি আহে। দেউতাকৰ উদ্যমিতাৰ পদাংক অনুসৰণ কৰি যোৱা বছৰৰ আৰম্ভণিৰ পৰা কৌশিকেও পৈতৃক ব্যৱসায়ত আত্মনিয়োগ কৰে। গাখীৰৰ পাইকাৰী বজাৰখনক মুনাফালোভী এচাম হোটেল ব্যৱসায়ী বা দুগ্ধজাত সামগ্ৰী প্ৰস্তুতকাৰীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ নতুন প্রচেষ্টা হাতত লয়। প্রথমে নিজে আৰু পিছলৈ এজন সহযোগী লগত লৈ কৌশিকে জিলা সদৰ মঙলদৈৰ পৰা আৰম্ভ কৰি জিলাৰ বিভিন্ন স্থানত ক্রেতাৰ ঘৰে ঘৰে গৈ খুচুৰা দৰত গাখীৰ বিক্ৰী কৰিবলৈ লয়। এইদৰে দৈনিক উৎপাদিত গাখীৰৰ ৬০ লিটাৰৰো অধিক গাখীৰ খুচুৰাকৈ বিক্ৰী কৰি যোৱা এটা বছৰত ৬/৭ লাখ টকা উপার্জন কৰে। তদুপৰি আমূল আৰু পূৰবী বৃহৎ দুগ্ধজাত সামগ্রী উৎপাদিত প্রতিষ্ঠানখনকো কিছু অংশ গাখীৰ বিক্ৰী কৰি লাভৱান হোৱা বুলি কৌশিক চহৰীয়াই জনায়।

ভৱিষ্যতে নিজৰ উৎপাদিত সামগ্ৰীৰ এটা ব্ৰেণ্ড জন্ম দিয়াৰ পৰিকল্পনা কৰা কৌশিকৰ মতে, গুৱাহাটীৰ বাদে অসমৰ আন সকলো অঞ্চলত পশু চিকিৎসাৰ দুৰ্বল আন্তঃগাঁথনি আৰু প্রয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবে পশুপালনৰ জৰিয়তে আর্থিক স্বাৱলম্বনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো উদ্যোগটোৱে প্রত্যাশিতভাৱে ঠন ধৰি উঠিব পৰা নাই। কৌশিকে পিতৃৰ লগ লাগি শেহতীয়াকৈ এখন ক্ষুদ্র চাহ বাগিচাও আৰম্ভ কৰিছে।

Share This